ETV Bharat / politics

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন : মোদী-অমিত শ্বাহৰ পিচতে সংসদত অসমীয়াত শপতগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ - Parliament Session 2024

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 2:56 PM IST

Central minister Sarbananda Sonowal : আজিৰে পৰা আৰম্ভ হৈছে অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন ৷ সংসদৰ প্ৰটেম অধ্যক্ষ ভাৰ্তুহৰি মেহতাবৰ পিচতে নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ লগতে আন আন মন্ত্ৰীসকলে সংসদৰ সদস্য হিচাপে কৰে শপতগ্ৰহণ ৷ কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ বিজেপি সাংসদ সৰ্বানন্দ সোণোৱালে মাতৃভাষা অসমীয়াতে সংসদত শপতগ্ৰহণ কৰে ৷

PARLIAMENT SESSION 2024
সৰ্বানন্দ সোণোৱাল (ETV Bharat Assam)

গুৱাহাটী, 24 জুন: সোমবাৰৰ পৰা আৰম্ভ হৈছে মোদী 3.0 চৰকাৰৰ সংসদৰ প্ৰথমখন অধিৱেশন ৷ আজি সংসদৰ সদস্যসকলে সাংবিধানিক বিধি অনুসৰি শপতগ্ৰহণ কৰে ৷ সংসদৰ চেণ্ট্ৰেল হলত আয়োজিত এক অনুষ্ঠানত প্ৰথমে শপতগ্ৰহণ কৰে সংসদৰ প্ৰটেম অধ্যক্ষ ভাৰ্তুহৰি মেহতাবে । মেহতাবক শপত বাক্য পাঠ কৰোৱায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে । তাৰ পিচতেই অষ্টাদশ লোকসভালৈ নিৰ্বাচিত সংসদৰ সদস্যসকলক শপতবাক্য পাঠ কৰোৱাই প্ৰটেম অধ্যক্ষগৰাকীয়ে ৷

লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ সদস্য হিচাপে শপতগ্ৰহণ কৰে ৷ মোদীৰ পাচতে শপত লোৱা দেখিবলৈ পোৱা যায় অমিত শ্বাহ, ৰাজনাথ সিং আদিকে ধৰি মোদী মন্ত্ৰীসভাৰ সদস্যসকলক ৷

লগতে পঢ়ক: কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ পিচত প্ৰথমবাৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত পবিত্ৰ মাৰ্ঘেৰিটা - Union Minister Pabitra Margherita

আনহাতে, সোমবাৰে সাংসদৰূপে শপতগ্ৰহণ কৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সংসদৰ পবিত্ৰ মজিয়াত সাংসদ হিচাপে অসমীয়া ভাষাতে শপতগ্ৰহণ কৰি অসমৰ বিজেপি সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ৰাষ্ট্ৰৰ হকে নিষ্ঠাৰে কাম কৰি যোৱাৰ পণ লয় ৷

মাতৃভাষা অসমীয়াতে এনেদৰে শপত ল’লে সোণোৱালে— "মই সৰ্বানন্দ সোণোৱাল, লোকসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে, বিধিৰ দ্বাৰা স্থাপন কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম । মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিবলৈ ওলোৱা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বহন কৰিম ৷"

লগতে পঢ়ক: মোদী মন্ত্রীসভা : অসমৰ পৰা সৰ্বানন্দ সোণোৱাল আৰু পবিত্র মাৰ্ঘেৰিটা - Modi Cabinet

উল্লেখ্য যে, তৃতীয়বাৰৰ বাবে লোকসভাত বিজেপিৰ সদস্যৰূপে শপতগ্ৰহণ কৰে অসমৰ সৰ্বানন্দ সোণোৱালে । ইয়াৰ পূৰ্বে ২০০৪ চনৰ পৰা ২০০৯ চনলৈ ডিব্ৰুগড় (অগপ), ২০১৪ চনৰ পৰা ২০১৬ চনলৈ লখিমপুৰ(২০১৬ চনত অসমৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ) আৰু এইবাৰ ২০২৪ চনত পুনৰ ডিব্ৰুগড়ৰ পৰা সংসদলৈ নিৰ্বাচিত হৈছে সৰ্বানন্দ সোণোৱাল । ২০২১ চনৰ পৰা ২০২৪ চনৰ লোকসভা নিৰ্বাচন পৰ্যন্ত ৰাজ্যসভাৰ সদস্যৰূপে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰি আহিছিল ৷

লগতে পঢ়ক: ৯ জুনত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে - Narendra Modi to take oath as PM for 3rd time

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সোমবাৰে লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আসনৰ ঠিক পিচৰ শাৰীতেই অৰ্থাৎ দ্বিতীয় শাৰীত দেখা পোৱা যায় ।

প্ৰথম শাৰীত দেখা পোৱা যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, ৰাজনাথ সিং আৰু নীতিন গাডকাৰীক । গাডকাৰীৰ ঠিক পিচতেই দেখা যায় সৰ্বানন্দ সোণোৱালক । সোণোৱালৰ সৈতে একে শাৰীতে দেখা যায় কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কিৰেণ ৰিজিজু, ধৰ্মেন্দ্ৰ প্ৰধান আদিক ।

লগতে পঢ়ক: ৰাম মন্দিৰ নিৰ্মাণৰ পিছতো কিয় অযোধ্যাতেই দূৰ্গ খহিল গেৰুৱা শিবিৰৰ ? - Bjp Lose Uttar Pradesh’s Ayodhya

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.