ETV Bharat / politics

উপ-নিৰ্বাচনৰ ফলাফল: বাজপেয়ী ভৱনৰ চোতাল-বতাহ গেৰুৱাময়

পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলত বিজেপি মিত্ৰজোঁটৰ অভূতপূৰ্ব সাফল্য । বাজপেয়ী ভৱনত আনন্দ-উল্লাস ।

Celebration at Vajpayee Bhawan over state bypoll results
উপ-নিৰ্বাচনৰ ফলাফল, গেৰুৱাময় বাজপেয়ী ভৱনৰ চৌহদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

গুৱাহাটী: ঘোষণা হ'ল ৰাজ্যৰ ৫ সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ফলাফল । বিজেপি মিত্ৰজোঁটৰ অভূপূৰ্ব সাফল্যই আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছে বিজেপিৰ কৰ্মকৰ্তাসকলৰ মাজত । গুৱাহাটীস্থিত বাজপেয়ী ভৱনতো বৰ্হিপ্ৰকাশ ঘটিছে বিজেপি মিত্ৰজোঁটৰ এই প্ৰাপ্তিৰ আনন্দৰ ।

চামগুৰি, বিহালী, চিদলী, ধলাই আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ নিৰ্বাচনী ফলাফলক লৈ ভাৰতীয় জনতা পাৰ্টীৰ মহানগৰীৰ বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত শনিবাৰে বিজয় উৎসৱ পালন কৰে কৰ্মীসকলে ।

উপ-নিৰ্বাচনৰ ফলাফল, গেৰুৱাময় বাজপেয়ী ভৱনৰ চৌহদ (ETV Bharat Assam)

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপি কৰ্মীয়ে ফাকু খেলি, ফটকা, আতচবাজী ফুটাই জয়ধ্বনি দি মুখৰিত কৰি তোলে সমগ্ৰ পৰিৱেশ । এই ফলাফলে আগন্তুক বিধানসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনৰ লগতে আন আন নিৰ্বাচনসমূহত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আৰু অধিক উৎসাহী কৰি তুলিব বুলি মন্তব্য কৰে বিজপি কৰ্মীয়ে ।

আনন্দত উল্লাসৰ মাজতে বিজেপি যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাসে কয়,"বিজেপিৰ জয় নিশ্চিত আছিল । কংগ্ৰেছৰ অলপ আত্মবিশ্বাস বাঢ়িছিল, সেয়া এতিয়া কমি গ'ল । মই ক'ব বিচাৰো যে ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ প্ৰেক্ষাপটত যি গ্ৰহণযোগ্যতা আছিল সেয়া অক্ষুণ্ণ থাকিল । ভাৰতীয় জনতা পাৰ্টী আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিধৰণে অসমত উন্নয়নমূলক কামকাজবোৰ হৈছে সেইসমূহক অসমৰ ৰাইজে আঁকোৱালি লৈছে ।"

তেওঁ লগতে কয়,"উপ-নিৰ্বাচনক লৈ অসমত চাগে পূৰ্বে এনে উখল-মাখল পৰিৱেশৰ সৃষ্টি হোৱা নাই । মই ভাবো ২০২৬ ত ফলাফল কি হ'ব তাৰ উমান আজি পাইছোঁ । পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা মুক্ত হ'ব লাগে বুলি যুৱ সমাজে কৈ আছিল । চামগুৰি সমষ্টিয়ে ইমান দিনে বংশবাদৰ ৰাজনীতিত উকমুকাই আছিল । আজি প্ৰথমবাৰৰ বাবে চামগুৰি সমষ্টিবাসীয়ে এগৰাকী যোগ্য বিধায়ক পাইছে । মই ভাবো যে চামগুৰি সমষ্টিত যি উন্নয়ন যোৱা ৩৫ টা বছৰে কৰিব নোৱাৰিলে সেয়া ২০২৬ ৰ নিৰ্বাচনলৈকে দিপ্লুৰঞ্জন শৰ্মাই কৰি দেখুৱাব ।"

লগতে পঢ়ক: চামগুৰিত ২৫ বছৰীয়া এটা অধ্যায় শেষ: ৰকিবুলৰ অভেদ্য দুৰ্গত বিজেপিৰ বিজয়ধ্বজা

উপ-নিৰ্বাচনৰ ফলাফল: অসমবাসীক প্ৰণাম মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.