ETV Bharat / politics

ভাৰত জোড়ো ন্যায় যাত্ৰা: জামুগুৰিহাটৰ ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু - BJNY Attack

Attack on Bharat Jodo Nyay Yatra: ভাৰত জোড়ো ন্য়ায় যাত্ৰাৰ সময়ত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ বাহনত বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ ৷ অভিযোগৰ ভিত্তিত গোচৰ ৰুজুৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷

bharat jodo nyay yatra
ভাৰত জোড়ো ন্যায় যাত্ৰা
author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 9:17 PM IST

Updated : Jan 23, 2024, 10:30 AM IST

শোণিতপুৰত ভাৰত জোড়ো ন্যায় যাত্ৰা

তেজপুৰ, ২১ জানুৱাৰী: ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়তে জ্যষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ বাহত বিজেপি কৰ্মীয়ে আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে ৷ ইয়াকে লৈ জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ‘X’ত কৰা পোষ্টৰ ভিত্তিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি জামুগুৰিহাট থানাত ৰুজু হৈছে গোচৰ ৷ এই কথা জানিবলৈ দিছে শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই ৷

কেংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ‘X’ যোগে উত্থাপন কৰিছে, ‘‘কেই মিনিটমানৰ পূৰ্বে শোণিতপুৰৰ জামুগুৰিহাটত বিজেপিৰ উচ্ছৃংখল কৰ্মীয়ে মোৰ গাড়ীত আক্ৰমণ কৰে ৷ তেওঁলোকে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ষ্টিকাৰবোৰো ছিঙি পেলায় ৷ তদুপৰি তেওঁলোকে পানীও দলিয়ায় আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাবিৰোধী শ্ল’গানো দিয়ে । কিন্তু আমি মানসিক স্থিতি ৰক্ষা কৰি আছিলোঁ ৷’’

এই কাৰ্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা কৰা বুলিও অভিযোগ উত্থাপন কৰে জয়ৰাম ৰমেশে ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাক মেনশ্যন কৰি কৰা এক্সৰ পোষ্টটোত জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে তেওঁলোকে ভয় কৰা নাই ৷

জয়ৰাম ৰমেশৰ উক্ত অভিযোগৰ পিচতে এক্সযোগে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক উল্লেখ কৰি এক পোষ্ট কৰে, য’ত জয়ৰাম ৰমেশৰ অভিযোগৰ ভিত্তিত এক গোচৰ ৰুজু কৰাৰ বাবে আহ্বান জনায় আৰু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়েও আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে ৷ ইয়াৰ পিচতে শোণিতপুৰৰ জামুগুৰিহাট থানাত 13/24 নম্বৰত আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰে ৷

উল্লেখ্য যে দেওবাৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাত বিজেপিৰ সমৰ্থকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ য’ত আঘাতপ্ৰাপ্ত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ ইয়াৰোপৰি দৃশ্য সংগ্ৰহ কৰিবলৈ যোৱা সংবাদ মাধ্যমৰ কেমেৰাও কাঢ়ি লোৱাৰ অভিযোগ উত্থাপিত হৈছে বিজেপি কৰ্মীৰ বিৰুদ্ধে ৷

লগতে পঢ়ক: আক্ৰমণৰ সন্মুখীন ভাৰত জোড়ো ন্যায় যাত্ৰা, আঘাতপ্ৰাপ্ত ভূপেন বৰা

Last Updated : Jan 23, 2024, 10:30 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.