ETV Bharat / politics

উপ-নিৰ্বাচনৰ পৰা বড়োভূমিৰ নিৰ্বাচনলৈ: ৪টা নিৰ্বাচনৰ বাবে সাজু ৰাজ্যৰ ৰাজনীতি - Assam Politics - ASSAM POLITICS

Assam Politics: এটা বা দুটা নহয় । চাৰিটাকৈ বিভিন্ন নিৰ্বাচন অচিৰেই অনুষ্ঠিত হ’ব অসমত ৷ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শাসকীয় বিজেপি আৰু বিৰোধী সকলোৱে চলাইছে কুচকাৱাজ । কি কি নিৰ্বাচন হ’ব শীঘ্ৰে অসমত ?

Assam Politics
৪টা নিৰ্বাচনৰ বাবে সাজু ৰাজ্যৰ ৰাজনীতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 10:07 PM IST

গুৱাহাটী, ৫ আগষ্ট: "২০২৫লৈ নিৰ্বাচনী ৰাজনীতি নকৰো ৷ কেৱল উন্নয়নৰ কামত ব্যস্ত হ’ম" বুলি লোকসভা নিৰ্বাচনৰ পিচতে ঘোষণা কৰিলেও কাৰ্যতঃ চাৰিটাকৈ আন নিৰ্বাচনৰ বাবে ব্যস্ত হ’ব লগা হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ব্যস্ত হৈছে শাসকীয় বিজেপি আৰু বিৰোধী দল ৷ লগতে আছে ২০২৬ৰ বিধানসভা নিৰ্বাচন ৷ ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰত্যেকটো ৰাজনৈতিক দলৰ বাবে এয়া ছেমিফাইনেল সদৃশ বিবেচিত হৈছে ৷ সন্মানৰ প্ৰশ্ন হৈ পৰিছে শাসকীয় বিজেপিৰ বাবে ৪ টাকৈ নিৰ্বাচন ৷ কি এই ৪ টা নিৰ্বাচন ?

বিগত দুটা দিনত আপুনি নিশ্চয় মন কৰিছে যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লাভ জিহাদ, লেণ্ড জিহাদৰ পৰা আৰম্ভ কৰি থলুৱাৰ চাকৰিকে ধৰি একাধিক স্পৰ্শকাতৰ বিষয়ত নিজৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ৷ সন্মুখৰ নিৰ্বাচনকেন্দ্ৰিক পৰিস্থিতি যে গুৰুত্বসহকাৰে ল’বলগীয়া হৈছে মুখ্যমন্ত্ৰীৰ শেহতীয়া তৎপৰতাই স্পষ্ট কৰিছে ।

লগতে পঢ়ক: ২০২৫ৰ বি টি চি নিৰ্বাচনত অকলেই যুঁজিব বিজেপিয়ে - 2025 BTC Election

সমুখত কি কি নিৰ্বাচন আহি আছে ?

এটা বা দুটা নহয় । চাৰিটাকৈ বিভিন্ন নিৰ্বাচন অচিৰেই অনুষ্ঠিত হ’ব অসমত ৷ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শাসকীয় বিজেপি আৰু বিৰোধী সকলোৱে চলাইছে কুচকাৱাজ । কি কি নিৰ্বাচন হ’ব শীঘ্ৰে অসমত ?

  • বিধানসভাৰ উপ-নিৰ্বাচন: লোকসভা নিৰ্বাচনৰ বাবে খালী হোৱা ৫টাকৈ বিধানসভা সমষ্টিত শীঘ্রে অনুষ্ঠিত হ'ব উপ-নির্বাচন । কোনো নিৰ্বাচনেই বিজেপিয়ে সহজভাৱে নলয় ৷ সেয়ে উপ-নিৰ্বাচনক লৈ বাজপেয়ী ভৱনত আৰম্ভ হৈছে প্ৰস্তুতি ৷ টঙালী বান্ধিছে পুনৰ বিৰোধী ঐক্যমঞ্চই ৷
  • ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন: উপ-নিৰ্বাচনৰ উপৰিও ৰাজ্যত অনুষ্ঠিত হ’ব ইতিমধ্যে লোকসভা নিৰ্বাচনৰ বাবে খালী হোৱা ৰাজ্যসভাৰ দুখনকৈ আসনৰ নিৰ্বাচন । ৰাজ্যসভাৰ সদস্যৰূপে থকা সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছা লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিচত খালী হয় অসমৰ দুখনকৈ ৰাজ্যসভাৰ আসন ৷ এই দুয়োখন আসনৰ আসন্ন নিৰ্বাচনৰ বাবে বিজেপিৰ মাজত চৰ্চা আৰম্ভ হৈছে ৷
  • পঞ্চায়ত নিৰ্বাচন: আনহাতে ৰাজ্যত অহা ডিচেম্বৰ মাহৰ ভিতৰত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ'ব । তাৰবাবে শাসকীয় বিজেপি আৰু বিৰোধীয়ে নিজাকৈ আৰম্ভ কৰিছে প্ৰস্তুতি ৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলৰ বাবে ৱাৰ্ম আপ স্বৰূপ হ’ব এই পঞ্চায়ত নিৰ্বাচন ।
  • বি টি আৰৰ পৰিষদীয় নিৰ্বাচন: ২০২৫ৰ আৰম্ভণিতে হ’ব বড়োভূমিৰ পৰিষদীয় নিৰ্বাচনো । ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে বি টি আৰৰ নিৰ্বাচনত বিজেপিয়ে অকলে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ এক কথাত ইউ পি পি এলৰ সৈতে বি টি আৰৰ নিৰ্বাচনকেন্দ্ৰিক মিত্ৰতাত যদি পৰিছে বিজেপিৰ । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতায়ো ঘোষণা কৰিছে যে ইউ পি পি এলৰ সৈতে নিৰ্বাচনোত্তৰ মিত্ৰতাহে কৰিব বিজেপিয়ে । বিজেপিয়ে অকলেই নামিব বড়োভূমি দখলৰ যুঁজত ৷

লগতে পঢ়ক: ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে খালী হ’ব কংগ্ৰেছ : মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী - CM Himanta Biswa Sarma

ৰাজ্যসভাক লৈ বিজেপিৰ নিমিলা অংক:

ৰাজ্যসভাৰ দুখন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী হ’ব কোন ? এই লৈ বিজেপিয়ে বিধে বিধে সমীকৰণ পাতিছে আৰু মচিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সালসলনিৰ ওপৰতো বহু পৰিমাণে নিৰ্ভৰশীল হৈ পৰিছে ৰাজ্যসভাৰ বিজেপিৰ প্ৰাৰ্থী হ’ব কোন ?

মন্ত্ৰীসভাৰ সালসলনি কৰিবলৈ গৈয়ো থমকি ৰ’বলগীয়া হৈছে ড৹ হিমন্ত বিশ্ব শর্মা । উপ-নিৰ্বাচনক লৈ প্ৰস্তুতি চলোৱাৰ মাজতে মন্ত্ৰীসভাৰ সালসলনিৰ ক্ষেত্ৰত থমকি ৰ’বলগীয়া হৈছে মুখ্যমন্ত্ৰী ৷ ১৫ আগষ্টৰ আগে-পাছে মন্ত্রীসভাৰ সালসলনিৰ কথা ঘোষণা কৰিও এখোজ আগুৱাই দুখোজ পিচুৱাবলগীয়া হৈছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মা । কিয়নো মন্ত্ৰীসভাৰ সালসলনিৰ লগত জড়িত হৈ আছে ৰাজ্যিক বিজেপিৰ সভাপতিৰ সালসলনিৰ বিষয়টোও ।

লোকসভা নিৰ্বাচনত যোৰহাটত বিজেপিৰ শোচনীয় পৰাজয়ৰ পিচত উজনি অসমত বিজেপিৰ ভোটবেংক অক্ষুন্ন ৰখাৰ স্বাৰ্থত চাহ জনগোষ্ঠীৰ প্রতিনিধি ৰামেশ্বৰ তেলীক ভৱেশ কলিতাৰ ঠাইত ৰাজ্যিক বিজেপিৰ সভাপতি পতাৰো পোষকতা কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্রাক্তন সাংসদ তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীক এইবাৰৰ লোকসভা নির্বাচনত টিকট লাভৰ পৰা বঞ্চিত কৰি সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব দিয়া হয় । সেয়ে অসমত চাহ জনগোষ্ঠীৰ ভোটাৰক সন্তুষ্ট কৰাৰ স্বাৰ্থত ৰামেশ্বৰ তেলীক প্রদেশ বিজেপিৰ সভাপতি পাতি আহোম ভোটবেংক ৰক্ষাৰ স্বাৰ্থত যোৰহাটৰ প্রাক্তন সাংসদ তপন কুমাৰ গগৈক ৰাজ্যসভালৈ পঠিয়াব বিচাৰিছে মুখ্যমন্ত্রীয়ে ।

দিছপুৰৰ ৰাজনৈতিক চৰ্চা এয়া ৷ ৰাজ্যসভাৰ খালী হোৱা দুখন আসনৰ এখনত তপন কুমাৰ গগৈক প্ৰক্ষেপ কৰাৰ কথা চৰ্চা হৈছে যদিও এই লৈ দলীয় ৰাজনীতি বাজপেয়ী ভৱনত অব্যাহত আছে । এখনত তপন কুমাৰ গগৈৰ নাম চৰ্চা হ’লেও আনখন আসনত কাক ৰাজ্যসভালৈ পঠিয়াব সেয়া সমীকৰণতে আছে বিজেপিৰ ভিতৰচ’ৰাত ।

লগতে পঢ়ক: ৰাজনৈতিক দলত অহা-যোৱা চলিয়েই থাকে : মুখ্যমন্ত্ৰী - Himanta Biswa Sarma

মন্ত্ৰীসভা সালসলনিৰে কি সম্পৰ্ক ৰাজ্যিক সভাপতি পদৰ ?
২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ মন্ত্রীসভাৰ সম্ভাব্য সালসলনিত আহোম আৰু চাহ জনগোষ্ঠীৰ এজনকৈ নিজৰ মন পচন্দৰ মন্ত্রী নতুনকৈ ল’ব বিচাৰিছে । একেসময়তে, ৰামেশ্বৰ তেলীক প্রদেশ বিজেপিৰ সভাপতি পাতি বর্তমানৰ সভাপতি ভৱেশ কলিতাক মন্ত্রীসভাত ল’ব বুলি চৰ্চা চলিছে । আনহাতে, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও মন্ত্রী হোৱাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে বুলি চৰ্চা চলিছে । সেয়ে বিধানসভাৰ অধ্যক্ষ পদত জ্যেষ্ঠ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী বা ভৱেশ কলিতাক অধিষ্ঠিত কৰিলেও আচৰিত হ’বলগীয়া একো নাথাকিব ।

এককথাত উপ-নির্বাচন, পঞ্চায়ত নির্বাচন আৰু ৰাজ্যসভাৰ নিৰ্বাচনৰ লগতে বি টি আৰৰ নিৰ্বাচন একপ্ৰকাৰে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অগ্নিপৰীক্ষা স্বৰূপ হ’ব বিজেপিৰ । বিৰোধীৰ বাবে হ’ব কচৰৎথলী ।

লগতে পঢ়ক: বড়োভূমিৰ নিৰ্বাচনত অকলেই আগুৱাব বিজেপি : ভৱেশ কলিতা - Bhabesh Kalita at Rangia

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.