ETV Bharat / politics

পেৰাচ্যুটেৰে নমাৰ দৰে হঠাতে ঢেকিয়াজুলিত নামিল সিংহল : বিজেপিত আৰু এক জঞ্জাল আৰম্ভ - Assam assembly election 2026

BJP leader Batash Orang : দলীয় টিকট বিচাৰি বাৰে বাৰে বঞ্চিত হোৱা বিজেপি নেতাই উজাৰিলে ক্ষোভ ৷ আগন্তুক বিধানসভা নিৰ্বাচনত পুনৰ টিকট বিচাৰিব, লাভ নকৰিলে ল’ব নিজা সিদ্ধান্ত ৷ ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে এক টেলিফোনিক সাক্ষাৎকাৰ শোণিতপুৰ বিজেপিৰ প্ৰাক্তন জিলা সভাপতি বাটাছ ওৰাঙৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 8:40 PM IST

BJP leader Batash Orang
বাৰে বাৰে টিকটৰ পৰা বঞ্চিত বিজেপি নেতাৰ ক্ষোভ (ETV Bharat Assam)

তেজপুৰ, ১৭ জুলাই : অসমত ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্বই দলীয় মতানৈক্য বা সংঘাত নাই বুলি সংবাদ মাধ্যম বিবৃতি দি আহি থকা সময়তে দৈনিক আৰম্ভ হৈছে নতুন নতুন সংঘাত ৷ এই সংঘাতৰ পৰিণতিত এইবাৰ দল এৰিব শোণিতপুৰ বিজেপিৰ প্ৰাক্তন সভাপতিয়ে ৷

বিজেপি নেতা বাটাছ ওৰাঙৰ সৈতে ই টিভি ভাৰতৰ সাক্ষাৎকাৰ (ETV Bharat Assam)

যদি আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ঢেকিয়াজুলি সমষ্টিত বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব লাভ নকৰে, বিকল্প চিন্তা কৰিব বিজেপিৰ প্ৰাক্তন জিলা সভাপতি তথা চাহ কোষৰ কাৰ্যকৰ্তা বাটাছ ওৰাঙে ৷ তেওঁ কয় যে বিগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অৰ্থাৎ ২০২৩ চনৰ অক্টোবৰ মাহত ওৰাঙক কোনো কাৰণ নোহোৱাকৈ শোণিতপুৰ জিলা বিজেপিৰ সভাপতি পদৰ পৰা আঁতৰাই দিয়া হয় ৷

তেওঁ কয় যে দীৰ্ঘদিন ধৰি জিলাখনত নিষ্ঠাৰে দলৰ কাম কৰি অহাৰ পিচত কোনো অভিযোগ উত্থাপিত নোহোৱাকৈ তেওঁক দলৰ পৰা অপসাৰণ কৰে যদিও তেওঁৰ কোনো আপত্তি নাই, কিন্তু এজন নেতাৰ কথা শুনি পাৰ্টীয়ে এই কাম কৰিছে ৷ তেওঁ পোনপটীয়াকৈ অভিযোগ উত্থাপন কৰে যে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহল বিজেপিৰ পৰা ছয় বছৰৰ বাবে বহিষ্কৃত হৈ আছিল আৰু দল ত্যাগ কৰি মুণ্ডন কৰিছিল ৷ পৰৱৰ্তী সময়ত পুনৰ বিজেপিয়ে তেওঁ দলীয় টিকট প্ৰদান কৰে যদিও তেওঁ ঢেকিয়াজুলিৰ স্থায়ী বাসিন্দা নাছিল ৷

বাটাছ ওৰাঙে কয়, ‘‘ মই ২০২৬ত ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ পৰা বিজেপি দলৰ টিকট দাবী কৰিম ৷ পুৰণা কৰ্মী হিচাপে দলে যদি টিকট দিয়ে তেতিয়া ভাল কথা, কিন্তু যদি মোক দলীয় প্ৰাৰ্থিত্ব প্ৰদান নকৰে তেনেহ’লে মই মোৰ পথ নিজেই বাছি ল’ম ৷ দলক মই টিকট দাবী কৰিব পৰা মোৰ অধিকাৰ আছে, মোক টিকট দিয়া নিদিয়াটো দলৰ নেতৃত্বৰ কথা ৷ কিন্তু মই বিচাৰিম আৰু নিদিলে মই এক সিদ্ধান্ত ল’ম ৷”

ওৰাঙে কয়, ‘‘ মই ৰঙাপৰা সমষ্টিৰ বাবেও টিকট বিচাৰিছিলোঁ ৷ কিন্তু মোক স্থানীয় নহয় বুলি টিকট নিদিলে ৷ আমি বিচাৰিলে স্থানীয়ৰ বিষয়টো আহে, কিন্তু সিংহলৰ বাবে এয়া ইছ্যু নহয় ৷ তেওঁক ঢেকিয়াজুলিত কেনেদৰে টিকট দিলে ?” বৰ্তমানৰ বিধায়কগৰাকীয়ে পাৰ্টীৰ সদস্যক তেওঁৰ লগত থাকিলে সকলো সুবিধাৰ পৰা বঞ্চিত কৰিব বুলি ধমক দিয়ে বুলিও অভিযোগ উত্থাপন কৰে বাটাছ ওৰাঙে ৷

ওৰাঙে কয়, “এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো একাংশ লোকৰ ৰাজনৈতিক সুবিধাৰ বাবে কৰা হ’ল ৷ মই জিলা সভাপতি হৈ থকা সময়তে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হৈছিল মোক আন্ধাৰত ৰাখি ৷ ঢেকিয়াজুলিত এয়া কৰা হ’ল অশোক সিংহলৰ স্বাৰ্থত ৷ সেই সময়ত আন কাৰো কথা নেতৃত্বই নুশুনিলে ৷ ঢেকিয়াজুলি সমষ্টি চাবলৈ হ’লে ছেটেলাইটৰে চাব লাগিব ৷ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেই এই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰে ৷’’

বিজেপি নেতাগৰাকীয়ে কয়, ‘‘ মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব ৷ কিন্তু মোৰ গাঁৱৰ ছয় বিঘা মাটি এটা বিশেষ সম্প্ৰদায়ৰ ১৮ টা পৰিয়ালক দিছে ৷ আমি ইয়াৰ বিৰোধিতা কৰিছিলোঁ ৷ ইমান দিনে এই বিশেষ সম্প্ৰদায়ৰ লোকক থিতাপি ল’বলৈ দিয়া হোৱা নাছিল ৷ কিন্তু বিজেপি চৰকাৰৰ দিনত এতিয়া সেয়া সম্ভৱ হৈছে ৷ চক্ৰ বিষয়াৰ জৰিয়তে এই ছয় বিঘা মাটিত তেনে পৰিয়ালক মাটি নামজাৰি কৰিবলৈ ব্যৱস্থা কৰা হৈছে ৷”

ওৰাঙে কয় “যদি মই মোৰ নিজৰ চৰকাৰৰ দিনতে নিজা গাঁওখনৰ সামাজিক, সাংস্কৃতিক সুৰক্ষা দিব নোৱাৰোঁ, তেনেহলে মুখেৰে জাতি-মাটি-ভেটিৰ কথা কৈ কি লাভ ? দলৰ বাবে কাম কৰিলোঁ আমি, পেৰাচ্যুটেৰে নমাৰ দৰে হঠাতে ঢেকিয়াজুলিত আৱিৰ্ভাৱ ঘটিল সিংহলৰ ৷ অসমৰ বাহিৰে আন ৰাজ্যত অসমীয়া মানুহৰ বাবে এয়া সম্ভৱনে ?”

বিজেপিৰ অসম চাহ কোষৰ কৰ্মকৰ্তা ওৰাঙে কয় যে ঢেকিয়াজুলি সমষ্টি হৈছে শ্বহীদ নগৰী ৷ গতিকে এনে এটা সমষ্টিক অশোক সিংহলে প্ৰতিনিধিত্ব কৰা বিষয়টো চিন্তা কৰিব লাগিছিল ৷ তদুপৰি ওৰাঙে কয় যে বিজেপিৰ পৰা আঁতৰি অহাৰ কথা তেওঁ চিন্তা কৰা নাই ৷ কিন্তু যদি এজন ব্যক্তিৰ বাবে বিজেপিয়ে সমৰ্থন আগবঢ়ায়, তেতিয়াতো বেয়া পোৱাটো স্বাভাৱিক ৷

লগতে পঢ়ক : দূৰত্ব বাঢ়িছে অখিল গগৈ-কংগ্ৰেছৰ : উপ-নিৰ্বাচনক লৈ ঐক্য মঞ্চত আকৌ অনৈক্য

লগতে পঢ়ক : 'দাদা ব্ৰিগেড'ৰ অত্যাচাৰত কোন ক্ষুব্ধ ? ক'লে বৰদলৈয়ে

লগতে পঢঞক : অৱশেষত বিজেপি এৰিবলৈ সাজু অশোক শৰ্মা ! ৰাজীৱ ভৱন হ’ব পাৰে নতুন ঠিকনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.