ETV Bharat / politics

কংগ্ৰেছে মিথ্যাচাৰৰ আশ্ৰয় লৈছে : মনোজ বৰুৱা

Press meet in Vajpayee Bhawan :বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাৰ সংবাদমেল ৷ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ত অনুষ্ঠিত হয় এই সংবাদমেলৰ ৷ কংগ্ৰেছ দলৰ সংবাদ আৰু প্ৰচাৰ বিভাগৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পবন খেড়াৰ লগতে বিৰোধী ঐক্যক কঠোৰ ভাষাৰে সমালোচনা কৰে বৰুৱাই ৷

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 7:16 AM IST

BJP chief spokesperson Manoj Baruah press meet in Guwhati
কংগ্ৰেছে মিথ্যাচাৰৰ আশ্ৰয় লৈছে; মুখ্য মুখপাত্ৰ মনোজ বৰুৱা

গুৱাহাটী, 8 মার্চ: "বৰ্তমান বিজেপিৰ কোনো ৰাজনৈতিক প্ৰত্যাহ্বান নাই ৷ জনসাধাৰণ উন্নয়নৰ পক্ষত ৷" - বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰকাশ কৰে বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাই ৷ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ত এক সংবাদমেলৰ আয়োজন কৰি কেবাটাও বিষয় সন্দৰ্ভত দলীয় প্ৰতিক্ৰিয়া ব্যক্ত কৰে দলটোৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাই ৷

কংগ্ৰেছ দলৰ সংবাদ আৰু প্ৰচাৰ বিভাগৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পবন খেড়াই ভাৰতীয় জনতা পার্টী নেতৃত্বাধীন কেন্দ্র আৰু ৰাজ্য চৰকাৰ সম্পৰ্কত বিভ্রান্তিকৰ বক্তব্যৰে অসমৰ ৰাইজক বিপথে পৰিচালিত কৰাৰ অপচেষ্টাত লিপ্ত হৈছে বুলি উল্লেখ কৰে মুখ্য মুখপাত্র মনোজ বৰুৱাই ৷ লগতে কংগ্রেছৰ এনে ষড়যন্ত্রক কঠোৰ ভাষাৰে গৰিহণা দিয়ে বিজেপিৰ মুখ্য মুখপাত্র বৰুৱাই ৷

বৰুৱাই কংগ্রেছ দলক প্রত্যাহ্বান জনাই পুনৰাই কয়, "যি সময়ত কংগ্রেছ দলে মিথ্যাচাৰেৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অপপ্রচাৰত লিপ্ত হৈ ভোট ভিক্ষা কৰিবলৈ গৈছে সেইখিনি সময়ত ভাৰতীয় জনতা পার্টীয়ে বিগত সময়ৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কল্যাণকামী পদক্ষেপক ৰিপৰ্ট কার্ড হিচাপে লৈ জনসাধাৰণৰ কাষ চাপিছে’’ ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে ইণ্ডি এলায়েন্স সম্পর্কত মত প্রকাশ কৰি মুখ্য মুখপাত্ৰগৰাকীয়ে কয়, "কেৱল মাত্র বিজেপি দলক বিৰোধিতা কৰাৰ নামত, কোনো কর্মসূচী নোহোৱাকৈ অসমত যি বিৰোধীৰ মঞ্চ গঢ়ি তোলা হৈছিল সেয়া আজি তথৈবচ । চি পি আইয়ে ইতিমধ্যে তিনিখন আসনৰ বাবে প্রার্থীৰ নাম ঘোষণা কৰিছে । আম আদমি পার্টীয়েও প্রার্থীৰ নাম প্রকাশ কৰি কাম-কাজ অব্যাহত ৰাখিছে । তৃণমূল কংগ্রেছে নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে । সঁচা অৰ্থত ইণ্ডি এলায়েন্সৰ অংশীদাৰ দলসমূহে নির্বাচনৰ পূর্বেই পৃষ্ঠভংগ দিছে ।"

বিজেপি চৰকাৰৰ দিনত অসম বা উত্তৰ-পূৰ্বাঞ্চলত উন্নয়ন স্থবিৰ হোৱা বুলি কংগ্ৰেছে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি বৰুৱাই বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন উন্নয়নৰ বিষয়ে সংবাদমেলত উল্লেখ কৰে ৷ মনোজ বৰুৱাই কয়, "আজিৰ দিনটোতো অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰা জিলাত 719 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধন কৰে । আনহাতে একেটা দিনতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জন্ম-কাশ্মীৰত কেন্দ্ৰীয় চৰকাৰৰ 5000 কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন কৰিছে ।

বিজেপিৰ মুখ্য মুখপাত্ৰগৰাকীয়ে আগন্তুক বহু বছৰলৈ কংগ্রেছ দল শাসনত অধিষ্ঠিত নহয় বুলি দাবী কৰে ।

লগতে পঢ়ক: দলে দিলে জালুকবাৰীতো নিৰ্বাচন খেলিবলৈ সাজু গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.