ETV Bharat / politics

অখিলেশৰ শিবিৰত মোক্ষম আঘাত, কোনে এৰিব মুলায়ম পুত্ৰৰ সংগ !

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 2:05 PM IST

Manoj Pandey resign: সমাগত লোকসভা নিৰ্বাচন । তাৰ পূৰ্বে অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীৰ অন্যতম প্ৰভাৱশালী নেতা মনোজ পাণ্ডে গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে । ৰাজ্যসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোট দিয়াৰ সমান্তৰালকৈ পাণ্ডেয়ে মুখ্য হুইপ বিষয়া পদৰ পৰা পদত্যাগ কৰিছে ।

Manoj Pandey resign
অখিলেশৰ শিবিৰত মোক্ষম আঘাত

নেশ্যনেল ডেস্ক,২৭ ফেব্ৰুৱাৰী: সমাজবাদী পাৰ্টীৰ বিধায়ক তথা মুখ্য হুইপ বিষয়া মনোজ পাণ্ডেই ৰাজ্যসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোট দিছে । বিজেপি সূত্ৰৰ তথ্য অনুসৰি মনোজ পাণ্ডেক ৰায়বৰেলীৰ পৰা বিজেপিৰ লোকসভাৰ প্ৰাৰ্থী কৰা হ'ব ।

মনোজ পাণ্ডে যোৱা দুই-তিনি দিন ধৰি সমাজবাদী পাৰ্টীৰ ৰাডাৰৰ পৰা সন্ধানহীন হৈ আছিল । মনোজ পাণ্ডে অখিলেশ যাদৱৰ সভা আৰু নৈশ ভোজতো উপস্থিত নাছিল । সূত্ৰৰ মতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতেও মনোজ পাণ্ডেয়ে কথা পাতিছে । এই খবৰে অখিলেশ যাদৱৰ শিবিৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

পাণ্ডেক ৰায়বৰেলী লোকসভা আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব বুলি অনুমান কৰা হৈছে । মনোজ পাণ্ডেয়ে যোগী চৰকাৰত কেবিনেট পদ বিচাৰিছিল যদিও বিজেপি নেতৃত্বই তেওঁক প্ৰথমে লোকসভা নিৰ্বাচন ২০২৪ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ কৈছে । যদি তেওঁ নিৰ্বাচনত জয়ী হয়, তেন্তে তেওঁক গান্ধী পৰিয়ালৰ আসনত জয়ী হোৱাৰ বাবে পুৰস্কৃত কৰি কেন্দ্ৰীয় কেবিনেটত স্থান দিয়া হ'ব । যদি তেওঁ নিৰ্বাচনত জয়ী নহয়, তেন্তে লোকসভা নিৰ্বাচনৰ পিচত তেওঁ উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ।

ইয়াৰ মাজতে মনোজ পাণ্ডেয়ে মঙলবাৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰে । ইয়াৰ উপৰিও, তেওঁ অহা দুই এদিনৰ ভিতৰতে বিজেপিৰ শীৰ্ষ নেতৃত্বকো সাক্ষাৎ কৰিব আৰু বিজেপিত যোগদানৰ আনুষ্ঠানিকতাও সম্পূৰ্ণ হ'ব । ইফালে তেওঁ মঙলবাৰে এছপিৰ মুখ্য হুইপৰ পদৰ পৰা পদত্যাগ কৰিছে । পাণ্ডেৰ উপৰিও ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যসভাৰ প্ৰাৰ্থীসকলক ভোট দিয়া বিধায়কসকলৰ ভিতৰত আছে অভয় সিং, ৰাকেশ প্ৰতাপ সিং, ৰাকেশ পাণ্ডে ।

মনোজ পাণ্ডেক সমাজবাদী পাৰ্টীৰ এগৰাকী প্ৰভাৱশালী ব্ৰাহ্মণ মুখ হিচাপে স্বীকৃতি দিয়া হৈছে । আনকি মোদী ঢৌৰ সময়তো মনোজ পাণ্ডে ৰায়বৰেলীৰ উনচাহাৰ আসনৰ পৰা নিৰ্বাচনত জয়ী হৈছিল । ২০১৭ আৰু ২০২২ চনৰ বিধানসভা নিৰ্বাচনত, তেওঁ অভিলেখ সংখ্যক ভোটত জয়ী হৈছিল ।

ভাৰতীয় জনতা পাৰ্টীয়ে ৰায়বৰেলীৰ নেতা মনোজ পাণ্ডেৰ সহায়ত ৰায়বৰেলী সংসদীয় আসনখন জয়ী হ'বলৈ সকলো ফালৰ পৰা প্ৰচেষ্টা চলাই আছে । কিয়নো গান্ধী পৰিয়ালৰ দুৰ্গ হিচাপে জনাজাত আৰু ছোনিয়া গান্ধীৰ সংসদীয় সমষ্টি ৰায়বৰেলীত পাণ্ডেৰ প্ৰভাৱ আছে ।

লগতে পঢ়ক :হিমাচল ৰাজ্যসভা নিৰ্বাচন, বিজেপিয়ে হৰ্ছ ট্ৰেডিঙৰ পৰিকল্পনা কৰাৰ অভিযোগ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.