ETV Bharat / politics

পুনৰ নোটাৰ প্ৰতি আকৃষ্ট অসমৰ ভোটাৰ ! - NOTA Records in assam

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 5:53 PM IST

NOTA Records: অসমত বাঢ়িল NOTA ভোটাৰৰ সংখ্যা । ৰাজ্যৰ ভিতৰত ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বাধিক NOTA ভোটৰ সংখ্যা । সৰ্বনিম্ন কৰিমগঞ্জত ।

Nota voters in assam
পুনৰ নোটাৰ প্ৰতি আকৃষ্ট অসমৰ ভোটাৰ ! (Etv bharat)

গুৱাহাটী, 5 জুন: সদ্যঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফলত দেশৰ ভিতৰতে সৰ্বাধিক ভোটদান হৈছে ৰাজ্যৰ এটা সমষ্টিত - 92.08% ৷ সৰ্বাধিক ভোটদানৰ হাৰ তথা দেশৰ ভিতৰতে 1012476 টা ভোটৰ সৰ্বাধিক ব্যৱধানত প্ৰতিপক্ষক পৰাজিত কৰা সমষ্টি অসমতে আছে যদিও অসমত ক্ৰমাৎ বৃদ্ধি পাইছে প্ৰাৰ্থীক লৈ অসন্তুষ্ট ভোটাৰৰ সংখ্যা । 2024 ৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পৰা দেখা যায় যে অসমত NOTA বুটাম টিপিছে এক বৃহৎ সংখ্যক ভোটাৰে ।

Nota voters in assam
পুনৰ নোটাৰ প্ৰতি আকৃষ্ট অসমৰ ভোটাৰ ! (Etv bharat Assam)

NOTA বনাম নেতা

অসমত মুঠ 14 টা সমষ্টিত 256580 জন ভোটাৰে কোনো এজন প্ৰাৰ্থীকে পচন্দ নকৰি NOTA ত ভোট প্ৰদান কৰিছে । অসমত 2019 ৰ তুলনাত NOTA ভোটাৰৰ সংখ্যা 2024 ৰ নিৰ্বাচনত বৃদ্ধি পালে ৷ 2019 ৰ লোকসভা নিৰ্বাচনত অসমত নোটাত পৰিছিল মুঠ 1,68,351 টা ভোট । 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনত অসমৰ 14 টা সমষ্টিত বৃহৎ ভোট পৰিল নোটাত । 2019 ৰ লোকসভাৰ তুলনাত প্ৰায় 90 হাজাৰ NOTA ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে অসমত ।

2024 ৰ লোকসভা নিৰ্বাচনত মুঠ NOTA ভোটাৰৰ সংখ্যা

2024 ত অসমৰ ভিতৰত সৰ্বাধিক NOTA ভোট পৰিছে ডিব্ৰুগড় লোকসভা সমষ্টিত ৷ মুঠ 2,80,000 ভোটৰ ব্যৱধানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জয়লাভ কৰা ডিব্ৰুগড় লোকসভা সমষ্টিত 32,255 টা ভোট NOTAত পৰে । অসমৰ সকলো সমষ্টিৰ ভিতৰত এয়া সৰ্বাধিক । 2019 তো অসমত NOTA ৰ সংখ্যাৰ শীৰ্ষত আছিল ডিব্ৰুগড় লোকসভা সমষ্টি ।

একেদৰে দৰং-ওদালগুৰিত 23204 টা, গুৱাহাটীত 20249 টা, ডিফুত 16259 টা, কৰিমগঞ্জত 2940 টা, শিলচৰত 12700 টা, লখিমপুৰত 16921 টা, ধুবুৰীত 15015 টা, নগাঁৱত 11995 টা, কোকৰাঝাৰত 13912 টা, যোৰহাটত 14555 টা, বৰপেটাত 17177 টা, শোণিতপুৰত 18748 টা, কাজিৰঙাত 24431 টা ভোট NOTAত পৰিছে ।

2019 ৰ লোকসভা নিৰ্বাচনত মুঠ নোটা ভোটাৰৰ সংখ্যা

উল্লেখ্য যে, বিগত 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনত অসমত মুঠ 14 টা লোকসভা সমষ্টিত মুঠ 1,68,351 ভোট NOTA ত পৰিছিল ৷ তাৰ ভিতৰত ডিব্ৰুগড়ত সৰ্বাধিক 21288 টা, যোৰহাটত 12569 টা, লখিমপুৰত 15220 টা, তেজপুৰত 15626 টা, গুৱাহাটীত 10466 টা, মঙলদৈত 18516 টা, ডিফুত 8194 টা, শিলচৰত 8547 টা, কৰিমগঞ্জ 6555 টা, নগাঁৱত 10757 টা, বৰপেটাত 9734 টা, কোকৰাঝাৰত 15988 টা, ধুবুৰীত 8978 টা আৰু পূৰ্বৰ কলিয়াবৰ বৰ্তমানৰ কাজিৰঙা সমষ্টিত 15913 টা ভোট NOTAত পৰিছিল ৷

লগতে পঢ়ক: নেতাতকৈও বেছি ভোট পালে নোটাই - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.