ETV Bharat / politics

৫ খন আসনত অকলেই খেলিব কংগ্ৰেছে; প্ৰাৰ্থীক দিছে সেউজ সংকেত

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 3:32 PM IST

Lok Sabha election : যোৰহাটত গৌৰৱ গগৈক আৰু নগাঁৱত পুনৰ প্ৰদ্যুৎ বৰদলৈকে দিব প্ৰাৰ্থিত্ব ! অহা ২২ ফেব্ৰুৱাৰীৰ ভিতৰত অসমৰ সকলো আসনৰে প্ৰাৰ্থী ঘোষণা কৰিব কংগ্ৰেছ আৰু বিৰোধী মিত্ৰ দলে ৷

Lok Sabha election
যোৰহাটত গৌৰৱ গগৈক আৰু নগাঁৱত পুনৰ প্ৰদ্যুৎ বৰদলৈকে দিব প্ৰাৰ্থিত্ব !

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনত কংগ্ৰেছে বৰ্তমানলৈ অসমত ১৪ খন আসনৰ ভিতৰত ৫ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত ৷ নিজৰ দলৰ প্ৰাৰ্থীসকলকো সেউজ সংকেত দিছে কংগ্ৰেছ নেতৃত্বই । বাকী ৯ খন আসনত দুটাকৈ নাম ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰাৰ লগতে সহযোগী দলৰ সৈতে মিত্ৰতাৰ কথাও চলি আছে । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মঙলবাৰে সদৰী কৰিছে এই গুৰুত্বপূৰ্ণ তথ্য ৷

আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনৰ প্ৰাৰ্থিত্বক লৈ বিৰোধীৰ প্ৰাৰ্থিত্ব প্ৰসংগত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গুৱাহাটীৰ ৰাজীৱ ভৱনত মঙলবাৰে লোকসভা নিৰ্বাচনত অসমৰ প্ৰাৰ্থিত্বক লৈ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

লোকসভা নিৰ্বাচনলৈ তৃণমূল পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে কংগ্ৰেছ পূৰ্ণোদ্যমে সাজু বুলি মন্তব্য কৰে ভূপেন বৰাৰ - “আমি সম্পূৰ্ণ সাজু । বুথ কমিটি সাজু, ব্লক কংগ্ৰেছ কমিটি সাজু, জিলা কংগ্ৰেছ কমিটি সাজু ৷ আমি প্ৰদেশ কংগ্ৰেছ কমিটি সাজু’’ ৷

৫ টাকৈ সমষ্টিত অসমত অকলেই নিৰ্বাচন খেলিব কংগ্ৰেছে ৷ এই পাঁচটা সমষ্টিৰ প্ৰাৰ্থীসকলক নিৰ্বাচনলৈ সাজু হ’বলৈ সেউজ সংকেত দিছে কংগ্ৰেছ দলে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্যতে আজি প্ৰকাশ পায় এই তথ্য ৷ অহা ২২ ফেব্ৰুৱাৰীৰ ভিতৰত অসমৰ সকলো আসনৰে প্ৰাৰ্থী ঘোষণা কৰিব কংগ্ৰেছ আৰু বিৰোধী মিত্ৰ দলে ৷

এই প্ৰসংগত ভূপেন বৰাই আজি কয় - “আমি পাঁচটা লোকসভা সমষ্টিত এটাকৈ নাম স্ক্ৰীণিং কমিটিত প্ৰেৰণ কৰিছো ৷ ২টা সমষ্টিত দুটাকৈ নাম আছে ৷ ২০ ৰ পৰা ২২ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰাৰ্থী ঘোষণা কৰিবলৈ আমি সক্ষম হ’ম ৷ প্ৰাৰ্থীসকলক আমি সংকেত দিছো যে আপোনালোকৰ নাম আমি ছিংগলকৈ দিছো ৷ ৯ টা সমষ্টিত দুটাকৈ নাম আছে ৷ মিত্ৰতাৰ কথাও চলি আছে’’ ৷

আনহাতে, নগাঁও সমষ্টিক লৈ গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত সংঘাত হৈছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ কৌশলী উত্তৰ দিলে ভূপেন বৰাই ৷ ভূপেন বৰাই গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ দুয়োজনেই নিৰ্বাচন খেলিব বুলি ইংগিত দিলে এইদৰে- “গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ দুয়োজনেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো বিচাৰিছে আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বই’’ ৷ অৰ্থাৎ গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ দুয়োজনকেই লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিব ৷

কংগ্ৰেছৰ ভিতৰুৱা তথ্য অনুসৰি কংগ্ৰেছে অকলেই খেলিব বুলি ঠিৰাং হোৱা পাঁচটা সমষ্টি হ’ল- যোৰহাট, কাজিৰঙা, নগাঁও, কৰিমগঞ্জ আৰু ধুবুৰী । সেই অনুসৰি যোৰহাটত গৌৰৱ গগৈ, কাজিৰঙাত ৰ’জলীনা তিৰ্কী, নগাঁৱত প্ৰদ্যুত বৰদলৈ, কৰিমগঞ্জত হাফিজ চৌধুৰী আৰু ধুবুৰীত ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিব । এয়া অনানুষ্ঠানিক তথ্যহে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ঘোষণা কৰা অনুসৰি যদি সকলো ঠিকে-ঠাকে থাকে তেন্তে অহা ২২ ফেব্ৰুৱাৰীৰ ভিতৰত ঠিৰাং হ’ব অসমৰ ১৪ টা সমষ্টিত কোন কোন হ’ব বিৰোধীৰ প্ৰাৰ্থী ৷

লগতে পঢ়ক : লুৰীণজ্যোতি গগৈ হ’ব ডিব্ৰুগড়ত বিৰোধীৰ সৰ্বসন্মত প্ৰাৰ্থী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.