ETV Bharat / politics

উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল মুখ্যমন্ত্ৰী; বৰাকৰ পৰা আৰম্ভ কৰিলে অভিযান

ৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰা আহি ৰাজ্যৰ ৰাজনীতিত ব্যস্ত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বিজেপিৰ হৈ প্ৰচাৰ অভিযান আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী শৰ্মাই ৷

ASSAM BY POLLS 2024
BJP CAMPAIGNING RALLY DHOLAI (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 2:07 PM IST

গুৱাহাটী : তুংগত উঠিছে অসমৰ উপ-নিৰ্বাচনৰ শাসক-বিৰোধীৰ প্ৰচাৰ অভিযান ৷ ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আজিৰে পৰা নিজৰ ৰাজ্য অসমৰ উপ-নিৰ্বাচনী যুঁজত নামিছে ৷ অসমৰ বিজেপি আৰু মিত্ৰজোঁটে প্ৰাৰ্থী দিয়া ৫ টা সমষ্টিতে প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মঙলবাৰে বৰাকৰ ধলাই সমষ্টিত উপ-নিৰ্বাচনত প্ৰচাৰ অভিযান আৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । বৰাকৰ ধলাই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুখনকৈ জনসভাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে বৰাকৰ ধলাই সমষ্টিত উপস্থিত হয়গৈ ৷

ইয়াৰে প্ৰথমখন জনসভাত দুপৰীয়া অংশগ্ৰহণ কৰে বিএনএমপি উচ্চ মাধ্যমিক বিদ্যালয় খেল পথাৰত । মঙলবাৰে ধলাইত মুখ্যমন্ত্ৰীৰ দ্বিতীয়খন সভা আয়োজন কৰা হয় চিচিজেচি পালংঘাট উচ্চ মাধ্যমিক খেলপথাৰত ৷ মঙলবাৰে ধলাইৰ এই দুখন নিৰ্বাচনী সভাত ভাগ লোৱাৰ উপৰিও বিহালী আৰু চামগুৰিত বিধানসভা সমষ্টিতো বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ৭ নৱেম্বৰ বৃহস্পতিবাৰে চামগুৰি আৰু বিহালী সমষ্টিত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে ।

আনহাতে, কেৱল বিজেপিৰ প্ৰাৰ্থীৰ হৈয়ে নহয়, মিত্ৰদল ইউপিপিএল আৰু অগপৰ প্ৰাৰ্থীৰ হৈয়ো প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে ৷ ৬ নৱেম্বৰ বুধবাৰে বিজেপিৰ মিত্ৰদলৰ প্ৰাৰ্থীৰ হৈ চিদলী আৰু বঙাইগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে । সেইদৰে চিদলীত ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল ব্ৰহ্মৰ হৈ আৰু বঙাইগাঁৱত অগপৰ প্ৰাৰ্থী দীপ্তিৰাণী চৌধুৰীৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখযোগ্য যে, এইবাৰ অসমত উপ-নিৰ্বাচন হ’বলগীয়া মুঠ ৫ টা সমষ্টিৰ বিহালী, চামগুৰি আৰু ধলাই এই ৩ টাত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু আন ২ টা সমষ্টি বঙাইগাঁও আৰু চিদলীত ক্ৰমে মিত্ৰ দল অগপ আৰু ইউপিপিএলে প্ৰাৰ্থী দিছে ।

লগতে পঢ়ক: পাৰিবাৰিক আধিপত্য বনাম নতুনত্বৰ প্ৰতিশ্ৰুতি; বঙাইগাঁৱত কোনে অধিক আকৰ্ষিত কৰিব ৰাইজক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.