ETV Bharat / politics

বন্ধুত্বৰ বাবে বিজেপিয়ে এখোজ আগুৱালে অসমৰ সংখ্যালঘু ভোটাৰে এখোজ পিচুৱাই দিয়ে: কলিতাৰ উপলব্ধি - Bhabesh Kalita slams Congress

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 8:11 PM IST

Black Day observed by BJP: ‘‘ধুবুৰীত সাম্প্ৰদায়িক গোট হিচাপে ভোট দিলে একাংশই ৷ যাৰ বাবে দহ লক্ষাধিক ভোটত জয়ী হ’ল ৰকিবুল হুছেইন ৷ বন্ধুত্ব হ’বলৈ হ’লে দুয়ো পক্ষৰ মাজত ক’ৰবাত নহয় ক’ৰবাত বুজাবুজি থাকিব লাগিব । আমি যদি এখোজ আগুৱাই দিছোঁ আৰু তেওঁলোক যদি এখোজ পিচুৱাই দিয়ে তেনেহ’লে কেনেকৈ হ’ব ।’’ এই মন্তব্য ভৱেশ কলিতাৰ ৷

Black Day observed by BJP
Bhabesh Kalita slams Congress (ETV Bharat Assam)

গুৱাহাটী, 26 জুন: সমগ্ৰ দেশৰ লগতে অসমতো 25 জুন তাৰিখে ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত 'ক'লা দিৱস' পালন কৰা হয় । ইয়াৰ লগত সংগতি ৰাখি গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত বুধবাৰে পালন কৰা হয় 'ক'লা দিৱস' ।

ভৱেশ কলিতাৰ মন্তব্য (ETV Bharat Assam)

উল্লেখযোগ্য যে 1975 চনৰ 25 জুন তাৰিখে তদানীন্তন প্ৰধানমন্ত্ৰী তথা কংগ্ৰেছ দলৰ নেত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীয়ে ভাৰতবৰ্ষত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল আৰু সকলোবোৰ গণতান্ত্ৰিক দল, সংগঠনক নিষিদ্ধ ঘোষণা কৰি উক্ত সংগঠনসমূহৰ নেতৃবৰ্গক কাৰাগাৰত বন্দী কৰি একনায়কত্ববাদৰ সূচনা কৰিছিল । ভাৰতীয় সংবিধান আৰু গণতান্ত্ৰিক প্ৰমূল্যক ধ্বংস কৰি সকলো মৌলিক অধিকাৰ হনন কৰিছিল ।

লগতে পঢ়ক: জৰুৰীকালীন অৱস্থাৰ ৪৯ বছৰ : বিজেপিৰ ক’লা দিৱস পালন - Black day observe by BJP

এনে ঘটনা ভৱিষ্যতে যাতে পুনৰবাৰ ঘটাবলৈ কোনো ৰাজনৈতিক শক্তিয়েই সাহস গোটাব নোৱাৰে তাৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে 25 জুন তাৰিখটো দেশজুৰি 'ক'লা দিৱস' হিচাপে পালন কৰি আহিছে । মঙলবাৰৰ দিনটোত দেশৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত ভাৰতীয় জনতা পাৰ্টীয়ে 'ক'লা দিৱস' পালন কৰাৰ লগতে বুধবাৰে দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত পালন কৰা হয় এই ক’লা দিৱস । য’ত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিত থাকি কেইবাটাও ৰাজনৈতিক মন্তব্য আগবঢ়ায় ।

লগতে পঢ়ক: শিৱসাগৰত বিজেপিয়ে পালন কৰিলে ক’লা দিৱস - Black day observe by BJP

সভাপাতিগৰাকীয়ে কয়, ‘‘লোকসভাৰ প্ৰথম কার্যসূচীতেই ফেইল মাৰিলে বিৰোধীয়ে । তেওঁলোকৰ আশা নিৰাশা হ’ল । আশা বানপানীতকৈ বেয়া হ’ল । গণতান্ত্ৰিক ব্যৱস্থাক তেওঁলোকে সন্মান নকৰে । 'ক’লা দিৱস'ৰ জৰিয়তে কংগ্ৰেছৰ চৰিত্ৰ আমি উদঙাই দিছোঁ । তেওঁলোক গণতান্ত্ৰিক নহয় । তেওঁলোকেই আকৌ অসহিষ্ণুতাৰ কথা কয় ।’’

সভাপতি কলিতাই লগতে কয়, ‘‘আমি বিগত লোকসভা নিৰ্বাচনক লৈ প্ৰতিটো বিধানসভা সমষ্টি, প্ৰতিটো বুথ, মণ্ডল পৰ্যায়ত পৰ্যালোচনা কৰি এক ৰিপ’ৰ্ট দিয়াৰ বাবে 28 জন জ্যেষ্ঠ নেতাক দায়িত্ব দিছোঁ । তেওঁলোকে তিনি বা পাঁচ জুলাইৰ ভিতৰত প্ৰতিবেদন দিব ।’’

লগতে পঢ়ক: নগাঁৱত কিয় পৰাস্ত হ'ল বিজেপি ? ৰূপম গোস্বামীৰ পোষ্টমৰ্টেম - BJP Black Day Observed in Nagaon

আনহাতে সংখ্যালঘু ভোটাৰৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায় তেওঁ কয়, ‘‘বন্ধুত্ব গঢ়িবলৈ হ’লে দুয়োপক্ষৰ মাজত ক’ৰবাত নহয় ক’ৰবাত বুজাবুজি থাকিব লাগিব । ভাবৰ আদান প্ৰদান হ’ব লাগিব । আমি যদি এখোজ আগুৱাই দিছোঁ আৰু তেওঁলোক যদি এখোজ পিচুৱাই দিয়ে তেনেহ’লে কেনেকৈ হ’ব । কোনে ভোট দিয়ে নিদিয়ে আমাৰ ক’বলগীয়া নাই । আমি উন্নয়নৰ কাম কৰি যাম ।’’

তেওঁ লগতে কয়, ‘‘ধুবুৰীত মোদীজীয়ে দলং দিছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিছে, অসম চৰকাৰ আঁচনি সকলো দিয়া হৈছে । কিন্তু এই সকলো পাহৰি সম্প্ৰদায় হিচাপে ভোট দিয়া পৰিলক্ষিত হ’ল, যাৰ বাবে দহ লক্ষাধিক ভোটত জিকিল ৰকিবুল হুছেইন । সেইবাবে মুখ্যমন্ত্ৰীয়ে কৈছে AIUDF কংগ্ৰেছৰে এটা টীম । সেয়ে আজমলক নিদি ৰকিবুলক ভোট দিছে । AIUDF কংগ্ৰেছৰ সৈতে মিত্ৰতাত আছে ।’’

লগতে পঢ়ক: সংখ্যালঘুৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ক্ষোভৰ উদগীৰণ : সমগ্ৰ অসমখন দখল কৰাৰ লক্ষ্য বাংলাদেশী মূলৰ মুছলমানৰ ! - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.