ETV Bharat / politics

অসমৰ বান সমস্যাক উপেক্ষা : পেকেজ বিচাৰি কেন্দ্ৰক দাবী জনাব অগপই - Flood assistance for Assam

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 10:14 PM IST

Asom Gana Parishad : অসমৰ বান সমস্যাক উপক্ষা কৰি অহা বুলি উপলব্ধি অগপৰ ৷ বিহাৰৰ দৰে অসমকো বিশেষ পেকেজ দিয়াৰ দাবী অসম চৰকাৰৰ অংশীদাৰী দলটোৰ ৷ কাৰ্যনিৰ্বাহৰ বৈঠকত লোৱা হ’ল সিদ্ধান্ত ৷

Asom Gana Parishad
অসমৰ বান সমস্যাৰ বাবে পেকেজ দাবী অগপৰ (ETV Bharat Assam)

গুৱাহাটী, ২৪ জুলাই : অসমৰ বান সমস্যাক দীৰ্ঘদিন ধৰি উপেক্ষা কৰি অহা হৈছে বুলি অৱশেষত অগপই উপলব্ধি কৰিছে ৷ বিষয়টোক লৈ সোমবাৰে কৰা হ’ল বিস্তৃত আলোচনা ৷ অসমৰ বানৰ বাবে পেকেজ ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাব বুলি প্ৰস্তাৱ লোৱা হ’ল অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত ৷

অসম গণ পৰিষদৰ সভাপতি অতুল বৰা (ETV Bharat Assam)

বিহাৰৰ বানৰ বাবে যিদৰে শকত পেকেজ কেন্দ্ৰীয় চৰকাৰে আৱন্টন দিছে, সেইদৰে অসমৰ বাবেও ঘোষণা কৰিবলৈ দাবী জনাব অসম চৰকাৰৰ অংশীদাৰ অগপই ৷ বুধবাৰে আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত অসম গণ পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা হয় এই গুৰুত্বপূৰ্ণ প্ৰস্তাৱ ৷

উল্লেখ্য যে আগন্তুক বিধানসভা উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত বুধবাৰে অগপৰ মুখ্য কাৰ্যালয়ত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰা হয় ৷ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আদিকে ধৰি বহু নেতা-কৰ্মী উপস্থিত থাকে এই কাৰ্যনিৰ্বাহক বৈঠকত ৷ কাৰ্যনিৰ্বাহক বৈঠকখনত আগন্তুক বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত কৰা হয় বিস্তৃত আলোচনা । অগপৰ দুৰ্গসমূহৰ ভিতৰত অন্যতম বঙাইগাঁও সমষ্টিত নিৰ্বাচন খেলাৰ সন্দৰ্ভত মন্তব্য কৰি অগপৰ সভাপতি অতুল বৰাই কয়, ‘‘ বঙাইগাঁৱত ১৯৮৫ চনৰ পৰা অগপই বিজয়ধ্বজা উৰুৱাই আহিছে । এইবাৰো উপ-নিৰ্বাচনত অধিক ভোটত অগপৰ প্ৰাৰ্থী জয়ী হৈ আহিব বুলি আমাৰ বিশ্বাস ৷’’

ইফালে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত মন্তব্য কৰি বৰাই কয় যে পঞ্চায়ত নিৰ্বাচন যিহেতু দলীয় চিহ্নত নহয় সেয়ে এই সন্দৰ্ভত বিজেপিৰ লগতে আলোচনা কৰা হ’ব ৷ আনহাতে ৩১ আগষ্টৰ ভিতৰত উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিসমূহত সাংগঠনিক স্তৰ পূৰ্ণাংগ কৰিবলৈ নিৰ্দেশ দিয়ে কাৰ্যনিৰ্বাহকে ৷ তদুপৰি পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত সতৰ্ক হ'বলৈ দলীয় কৰ্মীক নিৰ্দেশ দিয়ে কাৰ্যনিৰ্বাহক সভাই ৷

দলৰ ভেটি শক্তিশালী কৰাৰ প্ৰসংগত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ ৷ সেই অনুসৰি প্ৰতি সপ্তাহতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দলৰ কৰ্মীসকলৰ সৈতে বাৰ্তালাপ কৰিব নেতৃত্বই ৷ তদুপৰি ১৯, ২০ আৰু ২১ আগষ্টত তিনিদিনীয়াকৈ অগপৰ ৰাজনৈতিক কৰ্মশালা অনুষ্ঠিত হ’ব । তাৰ বাবে এখন সমিতি ইতিমধ্যে গঠন কৰি দিয়া হৈছে । সমান্তৰালভাৱে প্ৰতিটো সমষ্টিত জনসংযোগ বৃদ্ধিৰ বাবে পৰ্যবেক্ষক নিযুক্তি দিয়া হ’ব বুলি সদৰী কৰে অগপৰ সভাপতি অতুল বৰাই ৷ পৰ্যবেক্ষকসকলে গাঁৱে গাঁৱে থাকি ৰাইজৰ সৈতে মত-বিনিময় কৰিব ৷ অসম আন্দোলনৰ সৈনিকসকলৰ লগতে নেতৃস্থানীয় লোকসকলৰ সৈতেও মত বিনিময় কৰিব পৰ্যবেক্ষকসকলে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ : জনালে অসমৰ বান পৰিস্থিতিৰ কথা

লগতে পঢ়ক : অসমৰ লগতে অন্যান্য বান বিধ্বস্ত ৰাজ্যলৈ আৰ্থিক সাহায্য ঘোষণা কেন্দ্ৰীয় বাজেটত

লগতে পঢ়ক : কেন্দ্ৰৰ বাজেটত অসমৰ বাবে আছে কি ? বিৰোধীৰ সৰৱ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.