ETV Bharat / politics

এগজিট প’লে যিয়েই নকওক ফলাফল ভাল হ’ব বুলি আশাবাদী ভূপেন বৰা - Lok Sabha Election 2024 results

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 4:18 PM IST

Bhupen Bora on Exit polls: লাখ লাখ ভোটাৰৰ মাজৰ পৰা মাত্ৰ 500 বা 600 ভোটাৰক লৈ কৰা সমীক্ষা কেতিয়াও বিশ্বাসযোগ্য হ’ব নোৱাৰে ৷ নিৰ্বাচনী সমীক্ষা সন্দৰ্ভত এই মন্তব্য ভূপেন বৰাৰ ৷ কংগ্ৰেছৰ ফলাফল ভাল হ’ব বুলি আশাবাদী বৰা ৷

Lok Sabha Election 2024 results
Bhupen Bora on Exit polls (ETV Bharat Assam)

লখিমপুৰ, 2 জুন: সমাপ্ত হ’ল দেশৰ 18 সংখ্যক লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ মুঠ 7 টা পৰ্যায়ত যোৱা 19 এপ্ৰিলৰ পৰা 1 জুনলৈকে দেশৰ 543 খন লোকসভা আসনৰ বাবে অনুষ্ঠিত হ’ল ভোটগ্ৰহণ ৷ 1 জুনত সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ লগে লগেই বিভিন্ন সংবাদ মাধ্যম আৰু সমীক্ষাকাৰী সংস্থাই প্ৰকাশ কৰিছে নিৰ্বাচনী সমীক্ষা বা এগজিট প’ল ৷ প্ৰায়সমূহ সংস্থাই নিজ নিজ সমীক্ষাত দেখুৱাইছে যে পুনৰ দেশত এন ডি এৰ চৰকাৰ গঠন হ’ব ৷ কিন্তু এই নিৰ্বাচনী সমীক্ষাৰ ওপৰত বিশ্বাস নাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ লখিমপুৰত এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে ভূপেন বৰাই ৷

নিৰ্বাচনী সমীক্ষা সন্দৰ্ভত মন্তব্য ভূপেন বৰাৰ (ETV Bharat Assam)

লগতে পঢ়ক: কিয় নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে জনতাই ? - Lok Sabha Election 2024

ভূপেন বৰাৰ আস্থা হেৰাইছে : নিৰ্বাচনী সমীক্ষাত দেখা গৈছে গৰিষ্ঠ সংখ্যক সংস্থাই এন ডি এই 350 খনৰো অধিক আসন লাভ কৰিব বুলি দাবী কৰিছে ৷ আনহাতে ইণ্ডিয়া ব্লকৰ ক্ষেত্ৰত প্ৰায় কেইটা সমীক্ষাত আসনৰ সংখ্যা 200 তলতেই দেখুওৱা হৈছে ৷ কিন্তু এইসমূহ সমীক্ষাৰ প্ৰতি আস্থা নাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ তেওঁৰ মতে একোটা সমষ্টিত কেবালাখো ভোটাৰ থাকে ৷ একেটা ভোটকেন্দ্ৰৰ অধীনৰ ভোটাৰৰ মাজতে প্ৰতি তিনি কিঃমিঃ দূৰত্বত পছন্দ সলনি হয় ৷ গতিকে এগজিট প’ল এক্সেক্ট প’ল হ’ব নোৱাৰে বুলি তেওঁ দাবী কৰে ৷

লগতে পঢ়ক: লখিমপুৰত বিজেপি নে কংগ্ৰেছ ? কি কয় জনতাই - Lok Sabha Election 2024

কংগ্ৰেছক ভোট দিছে বহু সাংবাদিকেও: লখিমপুৰত সাংবাদিকৰে হোৱা এক বাৰ্তালাপত ভূপেন বৰাই কয় যে, মুকলিকৈ নক’লেও বহু সাংবাদিকে ভোট দিছে কংগ্ৰেছক ৷ পুৰণি বহু বিজেপি নেতায়ো কংগ্ৰেছকেই মনে মনে ভোট দিছে বুলি ভূপেন বৰাই ক’ব খোজে ৷ গভীৰ প্ৰত্যয়ৰে তেওঁ দাবী কৰে যে এইবাৰ কংগ্ৰেছৰ আসনৰ সংখ্যাৰ লগতে ভোটৰ সংখ্যাও বৃদ্ধি পাব ৷

লগতে পঢ়ক: ভোটাৰৰ মনৰ কথা : কোন হ'ব ডিব্ৰুগড়ৰ পৰৱৰ্তী সাংসদ ? - Lok Sabha Election 2024

লোকসভা নিৰ্বাচন সন্দৰ্ভত অধিক তথ্যৰ বাবে ক্লিক্ কৰক- https://www.etvbharat.com/as/!elections/election-2024

অপেক্ষাৰ ফল মিঠা হ’ব নে: ভূপেন বৰাই নিৰ্বাচনী সমীক্ষাক এক প্ৰকাৰ নস্যাৎ কৰি 4 জুনলৈ অপেক্ষা কৰাৰ কথা কৈছে ৷ তেওঁ দৃঢ় বিশ্বাসী যে কংগ্ৰেছৰ ফলাফল ভাল হ’ব ৷ ভোটগণনাৰ পিচতেই আশানুৰূপ ফল লাভ কৰিব বুলি দৃঢ়মনা হৈ আছে ভূপেন বৰা ৷ অপেক্ষাৰ ফল মিঠা হয় নে নহয় সেয়া অৱশ্যে 4 জুনত হে জানিব পৰা যাব ৷

লগতে পঢ়ক: যোৰহাটৰ অলিয়ে-গলিয়ে কাৰ নাম বেছিকৈ হৈছে উচ্চাৰিত ? ভোটাৰে কি কয় ? - Lok Sabha Election 2024

নিৰ্বাচন আয়োগৰ ওপৰতো হেৰাল আস্থা: নিৰ্বাচনী সমীক্ষাৰ প্ৰতিয়েই কেৱল আস্থা হেৰোৱা নাই ভূপেন বৰাৰ ৷ দেশৰ নিৰ্বাচন আয়োগৰ প্ৰতিও তেওঁৰ আস্থা হেৰাইছে ৷ তেওঁ কয় যে নিৰ্বাচন আয়োগ চৰকাৰৰ এটা হাথিয়াৰত পৰিণত হৈছে । কংগ্ৰেছ দলৰ তৰফৰ পৰা নিৰ্বাচন আয়োগক বিজেপিৰ বিৰুদ্ধে বাৰম্বাৰ অভিযোগ দাখিল কৰাৰ পাচতো কোনো এটা অভিযোগ গ্ৰহণ নকৰিলে বুলি তেওঁ কয় । এয়া ৰাষ্ট্ৰখনৰ বাবে দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে ভূপেন বৰাই ।

লগতে পঢ়ক: পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে নগাঁৱৰ জনতাই ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.