ETV Bharat / politics

শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব আপৰ ৪ শীৰ্ষ নেতা: আতিশী - Atishi Big Allegation on BJP - ATISHI BIG ALLEGATION ON BJP

Atishi Big Allegation on BJP: দিল্লীৰ মন্ত্ৰী আতিশীয়ে অভিযোগ কৰিছে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশত ৪ জন শীৰ্ষ আপ নেতাক গ্ৰেপ্তাৰ কৰা হ'ব । আতিশী, সৌৰভ ভৰদ্বাজ, দুৰ্গেশ পাঠক আৰু ৰাঘৱ চাড্ডাক গ্ৰেপ্তাৰ কৰাৰ প্ৰস্তুতি চলি আছে ।

Atishi Big Allegation on BJP
শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব আপৰ ৪ শীৰ্ষ নেতা
author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 3:00 PM IST

শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব আপৰ ৪ শীৰ্ষ নেতা

নেশ্যনেল ডেস্ক,২ এপ্ৰিল : শীঘ্ৰেই আম আদমি পাৰ্টীৰ ৪ গৰাকী জ্যেষ্ঠ নেতাক গ্ৰেপ্তাৰ কৰা হ'ব । এই ঘোষণা আম আদমি পাৰ্টীৰ জ্যেষ্ঠ নেত্ৰী তথা দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীৰ । তেওঁ সংবাদ মাধ্যমৰ সন্মুখত কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ লগতে সৌৰভ ভৰদ্বাজ, দুৰ্গেশ পাঠক আৰু ৰাঘৱ চাড্ডাক গ্ৰেপ্তাৰ কৰিবলৈ গৈ আছে ।

একে সময়তে সংবাদমেলত বিজেপিয়ে তেওঁক ভাবুকি প্ৰদান কৰাৰো অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে তেওঁৰ এগৰাকী ঘনিষ্ঠ সহায়কৰ জৰিয়তে বিজেপিয়ে কৈছে যে তেওঁ বিজেপিত যোগদান কৰি তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ বচাব লাগে, অন্যথা ইডিয়ে এমাহৰ ভিতৰত তেওঁক গ্ৰেপ্তাৰ কৰিব ।

আতিশীয়ে লগতে কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে আম আদমি পাৰ্টীৰ মুৰব্বীক গ্ৰেপ্তাৰ কৰাৰ পিচত বিজেপিয়ে অনুভৱ কৰিছিল যে দলটো বিভক্ত হ'ব । কিন্তু দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত হোৱা ভিৰৰ দ্বাৰা বিজেপি হতবাক হৈ পৰিছে । বিজেপিয়ে অনুভৱ কৰিছে যে এতিয়া অধিক নেতাক গ্ৰেপ্তাৰ নকৰাকৈ দলটো ভাঙিব নোৱাৰে । সেয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দলৰ আৰু ৪ জন শীৰ্ষ নেতাক ইডিৰ জৰিয়তে গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰিছে । অতি শীঘ্ৰে তেওঁৰ ঘৰত ইডিৰ অভিযান চলিব বুলিও দাবী কৰে । আতিশীৰ মতে ইয়াৰ পিচত চমন আহিব আৰু তাৰ পিচত গ্ৰেপ্তাৰ হ'ব ।

তেওঁ বিজেপিক প্ৰত্যাহ্বান জনাই কয় যে বিজেপিৰ এনে প্ৰত্যাহ্বানক তেওঁ ভয় নকৰে । তেওঁলোক অৰবিন্দ কেজৰিৱালৰ সৈনিক । তেওঁলোক ভগত সিঙৰ শিষ্য । প্ৰতিজন বিধায়ক, মন্ত্ৰীক কাৰাগাৰত ৰাখিলেও তেওঁলোকে ভয় নকৰে বুলি আতিশীয়ে উল্লেখ কৰে । তেওঁৰ মতে বিজেপিয়ে যিমান বেছি লোকক কাৰাগাৰত ৰাখিব, সিমানে মানুহ আগবাঢ়ি আহিব আৰু বিজেপিক পৰাজিত কৰিব ।

লগতে পঢ়ক :১৫ এপ্ৰিললৈ তিহাৰ কাৰাগাৰৰ আলহী হ’ল কেজৰিৱাল - Kejriwal ED Custody

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.