ETV Bharat / politics

অসমত আপৰ প্ৰাৰ্থী ঘোষণাৰ পিছতে জোকাৰণি উঠিছে বিজেপিত: ৰাজেশ শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 7:53 PM IST

AAP Conference in Assam: ডিব্ৰুগড় জিলাৰ খোৱাঙত আম আদমি পাৰ্টীৰ কাৰ্যকৰ্তা সন্মিলন সম্পন্ন । নৱ গঠিত খোৱাং সমষ্টিৰ এখন কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী ৰাজেশ শৰ্মাই বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে ।

AAP Lok Sabha election preparation
আপ কাৰ্যকৰ্তা সন্মিলন
আপ কাৰ্যকৰ্তা সন্মিলন

মৰাণ,২৩ ফেব্ৰুৱাৰী: আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈছে ৰাজ্য়ৰ ৰাজনৈতিক দলসমূহ ৷ এইক্ষেত্ৰত পিছপৰি ৰোৱা নাই আম আদমি পাৰ্টী ৷ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্য়ে এই দলটোৱে যোগদান কাৰ্যসূচীৰে অসমত সাংগঠিনক ভেঁটি শক্তিশালী কৰাৰ বাবে চলাই গৈছে অভিযান । এই অভিযানৰ অংশ ৰূপে আজি খোৱাং ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় কাৰ্যকৰ্তা সন্মিলন । এই কাৰ্যকৰ্তা সন্মিলনত আদমি পাৰ্টীৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী ৰাজেশ শৰ্মাই সমালোচনা কৰে চৰকাৰক ।

"আম আদমি পাৰ্টীয়ে অসমৰ তিনিটাকৈ লোকসভা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতে খেলিমেলি লাগিছে বিজেপিৰ অংকত ৷ বিজেপিৰ অংক-জংক-পংক খেলিমেলি হোৱাত এতিয়া বিভিন্ন পক্ষৰ সহায়ত আপৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰম্ভ কৰিছে ৷ কিন্তু অপপ্ৰচাৰক লৈ আপ শংকিত নহয় ৷" এই মন্তব্য় আম আদমি পাৰ্টীৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী ৰাজেশ শৰ্মাৰ ৷ আজি ডিব্ৰুগড়ৰ খোৱাং ৰাজহুৱা প্ৰেক্ষাগৃহত নৱ গঠিত খোৱাং সমষ্টিৰ এখন কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰা পাচতে এক সংবাদমেল অনুষ্ঠিত কৰি এইদৰে মন্তব্য কৰে আম আদমি পাৰ্টীৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী গৰাকীয়ে ।

ইতিপূৰ্বে প্ৰাৰ্থী ঘোষিত তিনিটা লোকসভা সমষ্টিত আপে প্ৰতিদ্বন্দিতা কৰাৰ উপৰি আন ১১ টা সমষ্টিত বিৰোধী ঐক্যৰ প্ৰাৰ্থীক সমৰ্থন জনাব বুলি স্পষ্ট কৰি দিয়ে প্ৰভাৰী গৰাকীয়ে ৷ আনহাতে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমি পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে ডিব্ৰুগড় লোকসভা সমষ্টিত গাঁৱে-গাঁৱে, বাগিচাই-বাগিচাই আপৰ প্ৰতি জনতাৰ সমৰ্থন বাঢ়িছে বুলি উল্লেখ কৰে । অসমৰ ৰাজনীতিত আধুনিক কংস মামা কোন সকলোৱে জানে বুলি উল্লেখ কৰি মনোজ ধানোৱাৰে কয় যে অসমৰ মানুহক যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ কৃষ্ণৰ জন্ম হৈছে যিয়ে কংসৰ অত্যাচাৰৰ পৰা অসমৰ মানুহক মুক্তি দিব ৷ কোনোধৰণৰ অপপ্ৰচাৰ, ষড়যন্ত্ৰই আম আদমি পাৰ্টীক বিচলিত কৰিব নোৱাৰে বুলি মন্তব্য কৰে ধানোৱাৰে ৷

লগতে পঢ়ক:অখিল গগৈৰ দৰে ব্যক্তিয়ে কংগ্ৰেছক চলাই লৈ যোৱাৰ চিন্তা-চৰ্চা কৰিছে: দিগন্ত কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.