ডিব্ৰুগড়, ২৩ মাৰ্চ: আম আদমী পাৰ্টীৰ কেন্দ্ৰীয় সভাপতি তথা দিল্লীৰ মুখ্যমন্ত্ৰীৰ অৰবিন্দ কেজৰিৱালক প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে আটক কৰিলেও দলটোৱে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অব্যাহত ৰাখিছে । দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ দুখনকৈ আসনত প্ৰাৰ্থিত্ব দি প্ৰচাৰ চলাইছে আপে । শনিবাৰে আপ অসমৰ দুগৰাকী প্ৰাৰ্থীৰ উপস্থিতিত লোকসভা নিৰ্বাচনৰ উপলক্ষে ডিব্ৰুগড়ত গেৰাণ্টি কাৰ্ড মুকলি কৰিলে কেন্দ্ৰীয় নেতৃত্বই ।
- " class="align-text-top noRightClick twitterSection" data="">
আপৰ ৰাষ্ট্ৰীয় নেতা তথা দিল্লীৰ বিধায়ক দিলীপ পাণ্ডেই আনুষ্ঠানিকভাবে মুকলি কৰে গেৰাণ্টি কাৰ্ড । এই গেৰান্টি কাৰ্ডৰ জৰিয়তে দলটোৱে দিল্লীৰ সমান্তৰালকৈ অসমতো শিক্ষা, স্বাস্থ্য আৰু বিজুলী বিনামূলীয়াকৈ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে । এতিয়া চাহ ফেক্টৰিসমূহ মৃত্যুমুখলৈ গতি কৰিছে সেয়ে চাহ ফেক্টৰিসমূহ জীৱিত কৰি ৰখাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব বুলি দাবী কৰে দলটোৱে ।
ইয়াৰ সমান্তৰালকৈ অসমৰ ভাষা, কৃষ্টি, সংস্কৃতিৰ ওপৰতো দলটোৱে অধিক গুৰুত্ব প্ৰদান কৰিব বুলি উল্লেখ কৰে । তেওঁলোকে লগতে জাতি-জনগোষ্ঠীয় যুৱকসকলক ৰাজনৈতিক ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ লগতে অসমৰ নিবনুৱা যুৱক-যুৱতী সকলক অইল, অ’এনজিচি, অইল ইণ্ডিয়া আদিত সংস্থাপন দিয়াৰ প্ৰচেষ্টা হাতত লোৱাৰ কথা ব্যক্ত কৰে । অসমৰ জ্বলন্ত সমস্যা বান, গৰাখহনীয়া আদিৰ স্থায়ী সমাধান কৰিব বুলি ৰাইজৰ আগত গেৰাণ্টি দিয়ে আপ অসমৰ নেতৃত্বই ।
আনহাতে একেটা অনুষ্ঠানতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ উপলক্ষে ৰচা তিনিটাকৈ নিৰ্বাচনী গীত ক্ৰমে অসমীয়া, চাহ জনগোষ্ঠীয় আৰু ভোজপুৰী ভাষাৰ মিশ্ৰিত গীত মুকলি কৰা হয় । অনুষ্ঠানত আপ অসমৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰী, আপৰ ডিব্ৰুগড় লোকসভাৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ, শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য আৰু আপৰ নেতা-কৰ্মীসকল উপস্থিত থাকে ।
লগতে পঢ়ক: অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ: উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে আপ - Arvind Kejriwal Arrested