ETV Bharat / politics

অসম আঞ্চলিক মৰ্চা : গঠন হ'ল চাৰি আঞ্চলিক দলৰ উমৈহতীয়া মঞ্চ - Assam Regional Front

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 10:33 PM IST

Regional parties of Assam : জাতীয় দল অসম, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অল পিপ’ল হিল লীডাৰ্ছ কনফাৰেন্সৰ নেতৃত্বৰ গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত গঠন উমৈহতীয়া মঞ্চ ৷ বিজেপিক প্ৰতিহত কৰাৰ বাবে আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধ কৰাৰ লক্ষ্য ৷ ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব জাতীয় ৰাজনৈতিক অভিৱৰ্তন ৷

ASSAM REGIONAL FRONT
‘অসম আঞ্চলিক মৰ্চা’ নামেৰে উমৈহতীয়া মঞ্চ গঠন (ETV Bharat Assam)

গুৱাহাটী, ৩ আগষ্ট : বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধ কৰাৰ বিশেষ উদ্যোগ গ্ৰহণ কৰিছে চাৰিটাকৈ আঞ্চলিক দলে ৷ শনিবাৰে গুৱাহাটীত ৰাজ্যৰ চাৰিটা আঞ্চলিক দলৰ তৃতীখন বৈঠক অনুষ্ঠিত হয় ৷ জাতীয় দল অসম, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অল পিপ’ল হিল লীডাৰ্ছ কনফাৰেন্সৰ নেতৃত্বৰে অনুষ্ঠিত হোৱা বৈঠকত ৰাজ্যৰ আঞ্চলিক দল, জনগোষ্ঠীয় সংগঠনৰ এখন উমৈহতীয়া ৰাজনৈতিক মঞ্চ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

গুৱাহাটীৰ হোটেল লিলিত চাৰিটা আঞ্চলিক দলৰ যৌথ সভাৰ প্ৰস্তাৱ অনুসৰি ‘অসম আঞ্চলিক মৰ্চা’ (Assam Regional Front) নামেৰে অসমৰ আঞ্চলিক দলৰ এখন উমৈহতীয়া মঞ্চ গঠন কৰা হয় ৷ আনহাতে বৈঠকত অহা ছেপ্টেম্বৰত গুৱাহাটীত এখন জাতীয় ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ লগতে বৈঠকত চাৰিটা দলৰ সভাপতিক আহ্বায়ক আৰু ভাস্কো ডি শইকীয়াক সমন্বয়ক হিচাপে লৈ এখন সমিতি গঠন কৰা হয় ৷ বৈঠকৰ জাতীয় দল অসমৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ ভাস্কো ডি শইকীয়া আৰু অল পিপ'ল হিল লীডাৰ্ছ কনফাৰেন্সৰ সভাপতি জন ইংতি কাথাৰকে ধৰি দল কেইটাৰ আন নেতৃত্বই অংশগ্ৰহণ কৰে ৷

বৈঠকৰ অন্তত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘ চাৰিটা আঞ্চলিক দলৰ এইখন তৃতীয় বৈঠক ৷ ইয়াৰ পূৰ্বে আমি অনানুষ্ঠানিকভাৱে মিলিত হৈছিলো ৷ আজি এটা আনুষ্ঠানিক ৰূপ লাভ কৰিছে৷ আজি চাৰিটা দল লগ হ’লো আৰু আগলৈ ইয়াৰ পৰিসৰ বৃদ্ধি পাব ৷ আমি সকলো একত্ৰিত হৈ এখন ফ’ৰাম গঠন কৰিব খুজিছো ৷ বহু ৰাজনৈতিক আৰু অৰাজনৈতিক শক্তিয়ে আমাৰ লগত যোগ দিব ৷ সন্মিলিত আঞ্চলিক শক্তিৰ নাম হ’ব ‘অসম আঞ্চলিক মৰ্চা’ ৷ আঞ্চলিক দলসমূহৰ এখন জাতীয় অভিৱৰ্তন ছেপ্টেম্বৰ মাহৰ মাজভাগত গুৱাহাটীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ আজি এখন আহ্বায়ক সমিতি গঠন কৰা হৈছে ৷ চাৰিটা দলৰ চাৰিগৰাকী সভাপতি আৰু এগৰাকী সমন্বয়ক লৈ সমিতিখন গঠন কৰা হৈছে ৷ এখন জাতীয় কৰ্মসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ আনহাতে আঞ্চলিকতাবাদক বিশ্বাসী এচাম লোকক লৈ এখন কমিটি গঠন কৰি জাতীয় কাৰ্যসূচী প্ৰস্তুত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ সমন্বয়ক হিচাপে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াক দায়িত্ব দিয়া হৈছে ৷ অসম গণ পৰিষদৰ বহুসংখ্যক লোকে আমাৰ লগত যোগাযোগ কৰিছে ৷’’

উল্লেখ্য যে আজিৰ বৈঠকত ২০২৬ৰ নিৰ্বাচন ঐক্যবদ্ধভাৱে সকলো আঞ্চলিক শক্তিয়ে একেলগে খেলাৰ পোষকতা কৰা হয় ৷ আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ কয়, ‘‘ কেৱল চাৰিটা আঞ্চলিক দলেই নহয়, আগন্তুক দিনত আৰু কাক কাক চামিল কৰিব পাৰি সেই বিষয়ে আলোচনা হৈছে ৷ আমি আমাৰ জাতীয় দায়িত্ব পালন কৰিব বাবে এই কাৰ্যপন্থা হাতত লৈছো ৷ শক্তিশালী সকলো জাতীয়তাবাদী কণ্ঠ আমাৰ লগত চামিল হ’ব৷ এয়া আৰম্ভণি ৷ ইয়ে অসমৰ সমাজ জীৱনলৈ আশাপ্ৰদ বাৰ্তা কঢ়িয়াই আনিব ৷ বি পি এফকে ধৰি সকলোৰে বাবে দুৱাৰ খোলা আছে ৷’’

আনহাতে অল পিপ'ল হিল লীডাৰ্ছ কনফাৰেন্সৰ সভাপতি জন ইংতি কাথাৰে কয়, ‘‘আমাৰ চিনাকি ৰাখিবৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে ৷ আমি অসম বচাবলৈ একেলগে কাম কৰিম ৷ ভাৰতৰ কথা কৈ আমি অসমক পাহৰিলে নহ’ব ৷ আমাৰ সুকীয়া ৰাজনৈতিক শক্তি থাকিব লাগিব ৷’’ উল্লেখ্য যে কাইলৈ অনুষ্ঠিত হ'বলগীয়া বিৰোধী ঐক্য মঞ্চৰ বৈঠকৰ পূৰ্বে আজি চাৰি আঞ্চলিক দলে মিলিত হৈ ‘অসম আঞ্চলিক মৰ্চা’ গঠন কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : বিজেপিৰ সৈতে যুঁজিবলৈ হ'লে বিৰোধী দল এক হৈ যুঁজিব লাগিব: লুৰীণজ্যোতি গগৈ

লগতে পঢ়ক : বিজেপিৰ পুৰণি নেতা-কৰ্মীৰে গোলাঘাটত ৰাজেন গোঁহাইৰ গোপন বৈঠক

লগতে পঢ়ক : বিজেপিত এতিয়া তিনিটা গোট : ব্যাখ্যা কৰিলে লুৰীণজ্যোতি গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.