ETV Bharat / politics

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ ৬৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 10:26 PM IST

Second Phase Election Assam: আজি আছিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৷ শেষৰটো দিনত 38 গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ৷ সেই অনুসৰি সৰ্বমুঠ 65 গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ৷

Second Phase Election Assam
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ ৬৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

গুৱাহাটী, ৪ এপ্ৰিল: 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিচত 26 এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয় পর্যায়ৰ লোকসভা নিৰ্বাচন ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অসমৰ পাঁচটা লোকসভা সমষ্টিৰ বাবে মুঠ ৬৫ গৰাকী প্ৰাৰ্থীয়ে ১১৮ খন মনোনয়ন পত্ৰ দাখিল কৰিছে । আজি আছিল সমষ্টিকেইটাৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যোৱা বুধবাৰে ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল । দ্বিতীয় পর্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া অসমৰ পাঁচটা লোকসভা সমষ্টিৰ বাবে এই মনোনয়ন দাখিল কৰা হৈছিল ।

বুধবাৰে দৰং-ওদালগুৰি লোকসভা সমষ্টিত ৫ গৰাকী, ডিফু লোকসভা সমষ্টিত ৩ গৰাকী, কৰিমগঞ্জ লোকসভা সমষ্টিত এগৰাকী, শিলচৰ লোকসভা সমষ্টিত দুগৰাকী আৰু নগাঁও লোকসভা সমষ্টিত দুগৰাকী প্ৰার্থীয়ে বুধবাৰৰে মনোনয়ন পত্ৰ দাখিল কৰিছিল । ইপিনে আজি মুঠ ৩৮গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।

দৰং-ওদালগুৰি লোকসভা সমষ্টিত ৫ গৰাকী, ডিফু লোকসভা সমষ্টিত এগৰাকী, কৰিমগঞ্জ লোকসভা সমষ্টিত ২০ গৰাকী, শিলচৰ লোকসভা সমষ্টিত দুগৰাকী আৰু নগাঁও লোকসভা সমষ্টিত ১০ গৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে ।

আনহাতে প্ৰথম পৰ্যায়ত ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, নগাঁও, লখিমপুৰ লোকসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে মুঠ 38 গৰাকী প্ৰাৰ্থীয়ে ৷ 19 এপ্ৰিলত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ আছিল 27 মাৰ্চ ৷ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত মুঠ 26 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে ৷

লগতে পঢ়ক: কংগ্ৰেছত অব্যাহত খহনীয়া : পদত্যাগ কৰিলে জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.