ETV Bharat / politics

যোৰহাটত গৌৰৱ গগৈৰ অভূতপুৰ্ব জয় : জয়ৰ আঁৰৰ ১০টা মূল কাৰণ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 9:06 PM IST

Gaurav Gogoi winning factor: বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিও পৰাভূত কৰাব নোৱাৰিলে গৌৰৱ গগৈক ৷ যোৰহাটৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে বিশেষকৈ তৎপৰ হৈ পৰিছিল মুখ্যমন্ত্ৰী ৷ প্ৰাৰ্থীগৰাকীৰ বিজয়ত কি কি কাৰকে কৰিলে সহায় ?

Gaurav Gogoi winning factor
যোৰহাটত গৌৰৱ গগৈৰ অভূতপুৰ্ব জয় : জয়ৰ আঁৰৰ ১০টা মূল কাৰণ (ETV Bharat Assam)

গুৱাহাটী, ৫ জুন : লোকসভা নিৰ্বাচনত অসমৰ আটাইতকৈ চৰ্চিত বিষয়টো হ’ল যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ বিজয় ৷ যোৰহাটত বিজেপিৰ সকলো ৰণনীতি উফৰাই কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীৰূপে ১,৪৪,৩৯৩ ভোটৰ ব্যৱধানত জয়লাভ কৰিলে গৌৰৱ গগৈয়ে ।

গৌৰৱ গগৈৰ বিজয় অসমত বিজেপিৰ বাবে এক বৃহৎ আত্মসন্মানৰ প্ৰশ্ন হৈ থিয় দিছে ৷ ২০১৪ৰ পৰা ২০২৪লৈ বিজেপিৰ দখলত থকা যোৰহাট সমষ্টি দখল কৰি উজনি অসমত কংগ্ৰেছৰ দুৰ্গ ৰক্ষা কৰিলে গৌৰৱ গগৈয়ে ৷ ১১ খনত জিকিও যেন ’২৪ৰ ৰণখনত হাৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

সহজ নাছিল গৌৰৱৰ যোৰহাটত যুঁজ :

প্ৰথম কথা: গৌৰৱৰ বাবে একেবাৰে নতুন আছিল একালৰ কংগ্ৰেছৰ দুৰ্গস্বৰূপ যোৰহাট সমষ্টি ৷ অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত দুবাৰকৈ গৌৰৱে প্ৰতিনিধিত্ব কৰা কলিয়াবৰ সমষ্টি বিলুপ্ত কৰাৰ পিচত যোৰহাট বাচি লৈছিল গৌৰৱ গগৈয়ে ৷ গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ পৰা ২০২৪ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱাৰ পিচত বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছিল যোৰহাটত ৷

যোৰহাট সমষ্টিত কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০ খনকৈ নিৰ্বাচনী জনসভা সম্বোধন কৰিছিল গৌৰৱ গগৈৰ বিৰুদ্ধে, বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সপক্ষে ৷ মুখ্যমন্ত্ৰীৰ সোঁহাতস্বৰূপ পীযুষ হাজৰীকাই সমষ্টিটোত কৰিছিল ১০০ খনৰো অধিক জনসভা সম্বোধন ৷ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পৰা আন বিজেপি নেতাই বাহৰ পাতি লৈছিল যোৰহাটত ৷ যোৰহাটৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিৰ ৭ টাই আছিল বিজেপিৰ দখলত ৷ মাত্ৰ তিনিটা বিধানসভা সমষ্টিতহে আছিল কংগ্ৰেছ আৰু মিত্ৰদল ৰাইজৰ দলৰ বিধায়ক ৷

লগতে পঢ়ক: বহুদিনীয়া আশা পূৰণ: ১৫ বছৰৰ পিচত লোকসভালৈ অগপৰ প্ৰতিনিধি

APCCৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, সাধাৰণ সম্পাদক সূৰুজ দিহিঙীয়ালৈ যোৰহাট সমষ্টিৰ একাংশ প্ৰভাৱশালী কংগ্ৰেছ নেতা আৰু গৌৰৱ গগৈৰ আন ঘনিষ্ঠ নেতাক বিজেপিত যোগদান কৰোৱা হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত ৷ আনকি কংগ্ৰেছৰ জিলা পৰ্যায়ৰ নেতাৰো অসহযোগিতাৰ সন্মুখীন হৈছিল গৌৰৱ গগৈ ।

সেয়ে সকলো মিলি অত্যন্ত কঠিন আছিল বিজেপিৰ তপন কুমাৰ গগৈৰ বিৰুদ্ধে গৌৰৱ গগৈৰ যুঁজখন ৷ গৌৰৱ গগৈয়ে ক’বলৈ বাধ্য হৈছিল- “মই অসমৰ অভিমন্যু ৷ মই চক্ৰবেহু ফালি ওলাই যাম ৷” সঁচাকৈয়ে বিজেপি আৰু একাংশ কংগ্ৰেছীৰ চক্ৰবেহু ফালি অপ্ৰতিৰোধ্য ৰূপত ওলাই আহিল গৌৰৱ গগৈ ৷ ১০ টা বিধানসভা সমষ্টিৰ ৯ টাতেই বিজেপিতকৈ বেছি ভোট লাভ কৰিলে গৌৰৱে ৷ সেয়ে চৰ্চা হৈছে অসমত ১১খন আসন জিকিও যেন ’২৪ৰ ৰণখনত হাৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

লগতে পঢ়ক: তৃতীয়টো কাৰ্যকালৰ বাবে সাজু নৰেন্দ্ৰ মোদী, 7 জুনত দিল্লীত এন ডি এ ৰ বৈঠক - NDA meeting in New Delhi

যোৰহাটত গৌৰৱ গগৈৰ জয়ৰ ১০ টা কাৰক:

গৌৰৱ গগৈৰ নিজৰ ব্যক্তিত্ব, দক্ষতা আৰু বাকপটুতা :

নিজৰ দক্ষতা, ব্যক্তিত্বই এইবাৰ নিৰ্বাচনত গৌৰৱ গগৈৰ জয়ৰ প্ৰথম কাৰক । সংসদত বিগত ৫ টা বছৰত গৌৰৱ গগৈৰ প্ৰদৰ্শনে দেশবাসীৰ লগতে মুগ্ধ কৰি তুলিছিল ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকক । সংসদত যুক্তিপূৰ্ণ সাৱলীল ভাষণেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক থকা-সৰকা কৰা প্ৰদৰ্শনৰ পৰা অসম-মণিপুৰৰ সমস্যা উত্থাপনেৰে জনমানসত এজন যোগ্য সাংসদৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল গৌৰৱ গগৈ ৷ অসমৰ তিনিটা কাৰ্যকালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰৰ পৰিচয়ৰ পৰা উৰ্ধলৈ নি ৰাজনৈতিক ক্ষেত্ৰখনত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল গৌৰৱ গগৈ ।

যুৱ প্ৰজন্মৰ আস্থা জয়:

এইবাৰ গৌৰৱ গগৈয়ে যুৱ প্ৰজন্মৰ ভোটাৰক মূলতঃ লক্ষ্য কৰি লোৱা দেখা গ’ল ৷ উজনি অসমৰ ৫ টা লোকসভা সমষ্টিৰ ভিতৰত যোৰহাট সমষ্টিত প্ৰায় ৮০ শতাংশ ভোটদানৰ কাৰণ হিচাবে নৱ প্ৰজন্মৰ ভোটাৰে উচ্চ হাৰত ভোটদানক গণ্য কৰা হৈছে ৷ যিটো গৌৰৱ গগৈৰ বাবে অতি ইতিবাচক বুলি পৰিগণিত হৈছে ৷

লগতে পঢ়ক: লোকসভা নিৰ্বাচন: বাঘা বাঘা নেতা কিয় পৰিল ৰ'ণত ? - DEFEATED HEAVYWEIGHT LS CANDIDATES IN ASSAM

ৰাজ্যৰ যুৱ প্ৰজন্মৰ মাজত গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি চেতনা বৃদ্ধিয়ে সহায় কৰিলে গৌৰৱ গগৈয়ে ৷ সেয়ে সামাজিক মাধ্যমৰ সুপ্ৰয়োগ কৰি যুৱ ভোটাৰক নিজৰ ওচৰ চপাই আনিবলৈ চেষ্টা কৰাত সক্ষম হ’ল গৌৰৱ গগৈ ৷ নিৰ্বাচিত ইউটিউবাৰ, ভ্ল’গাৰ, আৰ জে আদিৰ সৈতে সাক্ষাৎকাৰ জৰিয়তে যুৱ প্ৰজন্মৰ কাষ চাপিবলৈ সক্ষম হ’ল গৌৰৱ গগৈ ৷

বিজেপি নেতাৰ 'অভাৰ কনফিডেন্স’:

‘‘গৌৰৱ গগৈ মুখত সোণৰ চামুচ লৈ জন্মগ্ৰহণ কৰা লোক’’, ‘‘অসমীয়া ভাষা নজনা’’, ‘‘গৌৰৱ গগৈ জিকিলে ৰাজনীতি ত্যাগ কৰিম’’ আদিৰ দৰে বাক্যৰে গৌৰৱ গগৈক হেয় কৰিবলৈ চেষ্টা কৰা বিজেপি নেতাৰ ভাষ্যই সহায় কৰিলে গৌৰৱ গগৈক ৷ যোৰহাটত বিজেপিয়ে কংগ্ৰেছ নেতাক বিজেপিত যোগদান কৰোৱা, গৌৰৱ গগৈক তুচ্ছজ্ঞান কৰা কাৰ্যই বিজেপি পৰিৱৰ্তে কংগ্ৰেছৰ গৌৰৱৰ কাষ চপাই নিলে যোৰহাটবাসীক ৷ এক কথাত বিজেপিৰ অভাৰ কনফিডেন্সেও সহায় কৰিলে গৌৰৱ গগৈৰ বিজয়ত ৷

যোৰহাটত নিৰ্বাচন খেলাৰ সঠিক সিদ্ধান্ত :

যোৰহাট নে নগাঁও ? ক’ত নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে ? কলিয়াবৰ সমষ্টি নোহোৱা হোৱাৰ পিচত এয়া গৌৰৱৰ বাবে আছিল লাখটকীয়া প্ৰশ্ন ৷ “যোৰহাটত খেলিলে নিৰ্বাচনত হাৰিব ৷ নগাঁৱত খেলিলে জিকিব, কিন্তু কেৱল সংখ্যালঘু মিঞা-মুছলমানৰ নেতা হৈ পৰিব গৌৰৱ ৷” শেষত যোৰহাটত খেলাৰ সিদ্ধান্ত লৈ ৰিস্ক ল’লে গৌৰৱ গগৈয়ে ৷ যোৰহাটত নিৰ্বাচন জিকি উজনি অসমত কংগ্ৰেছৰ দুৰ্গ শক্তিশালী কৰি তুলিলে গৌৰৱে ৷ যোৰহাটত যে নিৰ্বাচন খেলাৰ সিদ্ধান্ত সঠিক আৰু সময়োপযোগী আছিল তাক প্ৰমাণ কৰিলে গৌৰৱ গগৈয়ে ৷ তদুপৰি বিচক্ষণ ৰাজনীতিক হিচাবে দিলে নিজৰ পৰিচয় । এক কথাত বিজেপিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি সঠিক ব্যৱহাৰ কৰি যোৰহাটত নিৰ্বাচন খেলাৰ সিদ্ধান্তই আগুৱাই লৈ গ’ল গৌৰৱ গগৈক ৷

‘গগৈ’ আৰু আহোম ভোটৰ প্ৰভাৱ :

‘‘যোৰহাটত এইবাৰ দুই গগৈৰ যুঁজ’’- এয়া আছিল এক বহুল প্ৰচলিত বাক্য ৷ গৌৰৱ গগৈ তাৰে এজন গগৈ ৷ আনজন বিজেপিৰ প্ৰাৰ্থী তপন গগৈ । যোৰহাট সমষ্টিত ভোটদানৰ হাৰ এইবাৰ 79.89 শতাংশ হয়গৈ ৷ যুৱ প্ৰজন্মৰ ভোটাৰৰ লগতে ইমান উচ্চ হাৰত ভোটদান হোৱাৰ আন এটা কাৰণ হ’ল- ‘গগৈ’ আৰু আহোম ভোটাৰৰ প্ৰভাৱ ৷

মন কৰিবলগীয়া যে যোৰহাট লোকসভা সমষ্টিত আহোমসকলৰ বিস্তৰ প্ৰভাৱ আছে ৷ অনানুষ্ঠানিক তথ্য অনুসৰি যোৰহাটত ৫ লাখতকৈয়ো বেছি আহোম ভোটাৰ আছে ৷ এইবাৰ ২০২৪ৰ নিৰ্বাচনটোত দল ভিত্তিত নহয়, সাম্প্ৰদায়িক ভিত্তিয়ে বিশেষ কাম কৰিছে যোৰহাটত ৷ ৮০ শতাংশ ভোটদান হোৱাৰ অন্যতম কাৰণ হৈছে আহোম ভোটাৰ সকলৰ অংশগ্ৰহণ ৷ ফলাফলে কয় যে আহোম ভোটাৰৰে আদৰিলে কংগ্ৰেছৰ গৌৰৱ গগৈক ৷ বিজেপিৰ তপন কুমাৰ গগৈক নহয় ৷

গগৈ,আহোম আদি শব্দ মুখেৰে উচ্চাৰণ নকৰা :

আহোম ভোটাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিলেও আন ভোটাৰসকলো আকৰ্ষিত হ’ল গৌৰৱ গগৈৰ প্ৰতি । কিয়নো নিজৰ মুখেৰে গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাওতে এবাৰো ক’তো উচ্চাৰণ কৰা দেখা নগ’ল গগৈ বা আহোম আদি শব্দ ৷ যিটো গৌৰৱ গগৈৰ বাবে ইতিবাচক বুলি বিবেচিত হ’ল ৷

বিজেপিৰ অন্তঃকলহেও সহায় কৰিলে গৌৰৱ গগৈক:

অসম বিজেপিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুগামী নতুন বিজেপি আৰু পুৰণি বিজেপিৰ মাজৰ সংঘাতেও সহায় কৰিলে গৌৰৱ গগৈক ৷ ব্যক্তিগতভাৱে এইবাৰ কাকো সমালোচনা কৰা দেখা নগ’ল । কেৱল সামাজিক ইছ্যু লৈ বিজেপি আৰু মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰাহে দেখা গ’ল গৌৰৱ গগৈক ৷ গৌৰৱৰ এনে আচৰণেও মুগ্ধ কৰিলে ভোটাৰক ।

আনহাতে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সংসদৰ বাহিৰে-ভিতৰে যোৱা ৫ বছৰ প্ৰদৰ্শনক লৈও যোৰহাটৰ মানুহ সুখী নাছিল ৷ যোৰহাটত কেৱল চাহ বাগানৰ ভোটাৰ আৰু নেপালী আদি অনান্য ভোটাৰৰ ওপৰত বিজেপি এইবাৰ নিৰ্ভৰশীল হৈ পৰিছিল । যি কথা অনুমান কৰিব পৰা নাছিল বিজেপিৰ নেতাসকলৰ লগতে মুখ্যমন্ত্ৰীয়ে ৷

ৰাইজৰ দল, CPI দলৰ লগতে অখিল গগৈৰ সহযোগিতা :

যোৰহাটৰ বিভিন্ন ঠাইত ৰাইজৰ দলৰ সভাপতি আৰু বিধায়ক অখিল গগৈয়ে ব্যাপকভাৱে গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলাই নিৰ্বাচনী ৰণত নমা দেখা গ’ল ৷ তদুপৰি শিৱসাগৰ, ডিমৌ আদিৰ CPI ৰ সহযোগিতাই গৌৰৱ গগৈক যথেষ্ট সহায় কৰিলে এই বিজয়ত ।

তৰুণ গগৈৰ উত্তৰসূৰী হোৱাৰ সুবিধা :

তৰুণ গগৈৰ পুত্ৰৰ ইমেজৰ পৰা নিজকে আঁতৰাই স্বকীয় পৰিচয়ৰে গৌৰৱ গগৈ উজলিলেও পিতৃৰ পৰিচয়েও যে তেওঁক সহায় কৰা নাই এনে নহয় । যোৰহাটৰ তিতাবৰ পিতৃ তৰুণ গগৈৰ নিজা সমষ্টি আছিল ৷ এই সমষ্টিতেই সৰ্বাধিক ৪০০০০ ভোটৰ ব্যৱধান ল’বলৈ সক্ষম হ’ল গৌৰৱ গগৈ ৷

এনেবোৰ কাৰকে যোৰহাটত গৌৰৱ গগৈক সহায় কৰিলে ৷ যাৰ ফলত গৌৰৱে উফৰাই পেলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সৰ্বশক্তিৰ বিজেপিয়ে দিয়া প্ৰতিৰোধ ৷ এক কথাত উজনিত কংগ্ৰেছৰ দুৰ্গ ৰক্ষা কৰিলে গৌৰৱে ৷ অসমৰ নেতা হ’ল গৌৰৱ গগৈ ৷

লগতে পঢ়ক: আমি হাৰি হাৰিও জিকিছো, বিজেপি জিকি জিকিও হাৰিছে: ভূপেন কুমাৰ বৰা - Lok sabha election results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.