ETV Bharat / lifestyle

পূজা চাবলৈ ওলাইছে নেকি ? তেন্তে বেগত ৰাখক এইসমূহ সামগ্ৰী

এনে বহু সৰু সৰু বস্তু আছে, যিসমূহ আমি বেগত ৰখাটো খুবেই জৰুৰী ৷ যিসমূহ সামগ্ৰী যিকোনো জৰুৰীকালীন সময়ছোৱাত আমাৰ বাবে খুবেই লাগতিয়াল ৷

author img

By ETV Bharat Lifestyle Team

Published : 3 hours ago

Durga puja 2024
পূজা চাবলৈ ওলাইছে নেকি ? তেন্তে নিশ্চয় বেগত ৰাখক এইসমূহ জৰুৰী সামগ্ৰী (ETV B)

মহালয়াৰ পিচতে এতিয়া লাহে লাহে সমগ্ৰ অসমতে দুৰ্গা পূজাৰ বাবে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ পেণ্ডেলে পেণ্ডেলে সজাই তোলা হৈছে মহিষমৰ্দিনীৰ আকৰ্ষণীয় মূৰ্তিসমূহ ৷ পূজাৰ মণ্ডপ সমূহো জাকত-জিলিকা হৈ পৰিছে ৷ ইফালে এতিয়া দুৰ্গা পূজাৰ বাবে সকলোৱে নিজৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে ৷ বিভিন্ন ধৰণৰ পোচাক, খাদ্য সামগ্ৰীৰে ভৰি পৰিছে বজাৰ ৷

কিন্তু যদি আপুনি পূজা চাবলৈ যাব ওলাইছে তেন্তে আপোনাৰ বেগত এই জৰুৰী সামগ্ৰীসমূহ ৰাখিবলৈ একেবাৰেই নাপাহৰিব এই সামগ্ৰীসমূহ যিকোনো জৰুৰীকালীন অৱস্থাত কামত আহিব ৷

বেণ্ড এইড: পূজা মানে নতুন জোতা বা চেণ্ডেল আৰু এই জোতা বা চেণ্ডেলযোৰ পিন্ধাৰ পিচত বহু লোকৰ ফোহা ওলোৱা, ছাল চিগাৰ সম্ভাৱনা থাকে ফলত খোজ কঢ়াটো কঠিন হৈ পৰে গতিকে এনে সময়ৰ বাবে বেগত বেণ্ড এইড ৰখাটো খুবেই জৰুৰী ৷

Durga puja 2024
বেণ্ড এইড (ETV Bharat)

ছাতি: ৰ’দ বা বাৰিষাত ছাতি আমাৰ বাবে এক অতি লাগতিয়াল সামগ্ৰী ৷ পূজাৰ সময়ত সামান্য বৰষুণৰ সময়তো যদি আপুনি বেগত ছাতিটো ৰাখে তেন্তে আপুনি পূজাৰ সময়ত ক’তো ৰৈ থকাৰ প্ৰয়োজন নাই তথা আপোনাৰ কাপোৰো লেতেৰা নহয় ৷

Durga puja 2024
ছাতি (ETV Bharat)

পাৱাৰ বেংক: পাৱাৰ বেংক হৈছে আমাৰ বাবে এক অতি লাগতিয়াল সামগ্ৰী ৷ পূজাৰ সময়ত আমি চেল্ফী, বা বিভিন্ন ধৰণৰ ফটো তোলাৰ পিচত খুব সোনকালে ফোনৰ চাৰ্জ শেষ হ’বলৈ ধৰে আৰু যিহেতু এতিয়া ডিজিটেল পেমেন্ট কৰাৰ সময় গতিকে এনে পৰিস্থিতিত ফোনটো আমাৰ বাবে খুবেই লাগতিয়াল হৈ পৰে সেয়ে লগতে এটা পাৱাৰ বেংক বেগত ৰাখিলে আমি জৰুৰীকালীন অৱস্থাত আমাৰ ফোনটো চাৰ্জ কৰিব পাৰো ৷

Durga puja 2024
পাৱাৰ বেংক (ETV Bharat)

ঔষধ: পূজাৰ বাবে বাহিৰলৈ যোৱা মানেই বাহিৰ খাদ্য খোৱা ৷ ই প্ৰায়েই এচিডিটিৰ সম্ভাৱনা বৃদ্ধি কৰে সেয়ে বাটত যাতে আপুনি কোনো বিপদৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে বেগত আপোনাৰ লাগতিয়াল ঔষধসমূহ ৰাখিবলৈ নাপাহৰিব ৷

Durga puja 2024
ঔষধ (ETV Bharat)

পানী: পানী দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ সেয়ে যিকোনো ঠাইলৈ ওলাই যোৱাৰ পূৰ্বে বেগত এটা সৰু পানীৰ বটল ৰখাটো অতিকৈ প্ৰয়োজনীয় ৷

Durga puja 2024
পানী (ETV Bharat)
লগতে পঢ়ক: এইবাৰ নৱৰাত্ৰিত আপুনিও অনুসৰণ কৰিব পাৰে চেলিব্ৰিটিৰ এইসমূহ আকৰ্ষণীয় লুক - NAVARATRI 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.