ETV Bharat / lifestyle

জীৱনত কেতিয়াও পাহৰিব নোৱাৰিব এই ৰে’লযাত্ৰা: প্ৰকৃতিৰ কোলাত হেৰাই পৰিব আপুনি - Beautiful train journeys in India

author img

By lifestyle

Published : 2 hours ago

Beautiful Rail Journeys: যদি আপুনি ভ্ৰমণ কৰি ভাল পায় বা ৰে’লেৰে যাত্ৰা কৰি ভাল পায় তেন্তে এই ৰে’ল যাত্ৰাসমূহ জীৱনত এবাৰ হ’লেও কৰক ৷ এই ৰে’ল যাত্ৰাসমূহ আনন্দদায়ক হোৱাৰ লগতে আপোনাৰ বাবে হ’ব চিৰস্মৰণীয় ৷

6 train journies everyone should take once in a lifetime
জীৱনত কেতিয়াও পাহৰিব নোৱাৰিব এই ৰে’লযাত্ৰা: প্ৰকৃতিৰ কোলাত হেৰাই পৰিব আপুনি (ETV Bharat)
  • দাৰ্জিলিং হিমালয়ান ৰে’লৱে (নিউ জলপাইগুৰি-দাৰ্জিলিং)

বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা মানুহ দাৰ্জিলিঙৰ ৰে’লযাত্ৰা অতিকৈ উপভোগ কৰিবলৈ আহে । ধুনীয়া পাহাৰৰ মাজেৰে পাৰ হৈ যায়, তেতিয়া ইয়াৰ দৃশ্য সঁচাকৈয়ে অতুলনীয় ।

6 train journies everyone should take once in a lifetime
দাৰ্জিলিং হিমালয়ান ৰে’লৱে (নিউ জলপাইগুৰি-দাৰ্জিলিং) (ETV Bharat)
  • কোংকন ৰে’লৱে (মহাৰাষ্ট্ৰ-কৰ্ণাটক)

কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ মাজৰ এই ৰে’লপথটো অতি সুন্দৰ উপত্যকাৰ মাজেৰে পাৰ হৈ গৈছে । ইয়াৰ ভিতৰত নদী, হ্ৰদ, শিল, পাহাৰ আদি । এই পথটো প্ৰায় ৭০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু ইয়াৰ মাজত প্ৰায় ১২০ টা ৰেল ষ্টেচন আছে । ইয়াক চাবলৈ ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে ।

কোংকন ৰে’লৱে (মহাৰাষ্ট্ৰ-কৰ্ণাটক) (ETV Bharat)
  • কাংৰা উপত্যকা ৰে’লৱে (পাথানকোট-জোগিন্দৰনগৰ)

কংৰা ভেলী ৰে’লৱে ভাৰতৰ এখন ঐতিহ্যমণ্ডিত ৰে’ল, যিখন পাঠানকোট আৰু যোগীন্দৰনগৰৰ মাজত নেৰ’গেজত চলি থাকে । এই ৰে’লখন ইউনেস্ক’ৰ ৱৰ্ল্ড গাইড, যিখন পালামপুৰৰ বহু দলং আৰু চাহ বাগিচাৰ মাজেৰে পাৰ হৈ যায় আৰু ইয়াৰ দৃশ্য সঁচাকৈয়ে আকৰ্ষণীয় ৷

  • ডেজাৰ্ট কুইন (জয়ছালমেৰ-যোধপুৰ)

যদি আপুনি বিলাসী ভ্ৰমণৰ বাবে অলপ বেছি টকা খৰচ কৰিবলৈ সাজু, তেন্তে আপুনি ৰাজস্থানৰ যোধপুৰ চহৰ আৰু গোল্ডেন চিটি জয়ছালমেৰৰ মাজত চলা ডেজাৰ্ট কুইন ৰে’লযোগে যাত্ৰা কৰিব পাৰে । এই ৰে’লখনত যাত্ৰীসকলক অতি সোৱাদযুক্ত আৰু আড়ম্বৰপূৰ্ণ খাদ্য পৰিবেশন কৰা হয় । এই যাত্ৰাত সোণালী বালিৰ সুন্দৰ দৃশ্যই আপোনাৰ যাত্ৰাক আৰু অধিক স্মৰণীয় কৰি তোলে ।

ডেজাৰ্ট কুইন (জয়ছালমেৰ-যোধপুৰ) (ETV Bharat)
  • নীলগিৰি পৰ্বত ৰে’লৱে (মেট্টুপালায়ম-উটি)

২০০৫ চনত নীলগিৰি পৰ্বত ৰে’লৱে আনুষ্ঠানিকভাৱে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় । নীলগিৰি পৰ্বত ৰে’লৱে হৈছে ৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ একক ৰে’লপথ, যিয়ে মেট্টুপালায়ম চহৰক উত্তৰমণ্ডলম চহৰৰ সৈতে সংযোগ কৰে । ৪৬ কিলোমিটাৰ যাত্ৰাত ২০৮ টা পাক, ১৬টা সুৰংগ আৰু ২৫০ খন দলং। যাত্ৰাৰ সময়ত ঘন অৰণ্য আৰু সুৰংগৰ মাজেৰে প্ৰকৃতিৰ মনোমোহা দৃশ্য দেখিবলৈ পোৱা যায় ।

নীলগিৰি পৰ্বত ৰে’লৱে (মেট্টুপালায়ম-উটি) (ETV Bharat)
  • মাথেৰান হিল ৰে’লৱে (মাথেৰান-নাৰাইল)

মহাৰাষ্ট্ৰত অৱস্থিত মাথেৰণ নামৰ এটা সৰু পাহাৰীয়া ষ্টেচন সৌন্দৰ্য্যৰ বাবে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু । প্ৰায় ২৬৫০ কিলোমিটাৰ উচ্চতাত অৱস্থিত । নাৰেল আৰু মাথেৰাণৰ মাজত খেলনা ৰে’লযোগে পাহাৰৰ শিখৰলৈ যোৱা যাত্ৰাটো যথেষ্ট ৰোমাঞ্চকৰ । এই ৰে’লপথত প্ৰায় ১২১ খন সৰু সৰু দলং আৰু প্ৰায় ২২১ টা টাৰ্ণ আছে । এই পথত চলা ৰে’লৰ গতিবেগ প্ৰতি ঘণ্টাত ২০ কিলোমিটাৰতকৈ বেছি নহয় । নাৰেলৰ পৰা মাথেৰানলৈ যাওঁতে সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰি ।

লগতে পঢ়ক: বন্ধু-বান্ধৱৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পূৰ্বে মন দিয়ক এই দিশবোৰলৈ - Tips on travellling with friends

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.