ETV Bharat / international

আমেৰিকান কংগ্ৰেছৰ সমুখত প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীক ইৰাণৰ মূৰ্খ আখ্যা নেতান্যাহুৰ - Netanyahu slams Iran

author img

By PTI

Published : Jul 25, 2024, 10:46 AM IST

Netanyahu slams Iran : ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে আমেৰিকান কংগ্ৰেছত ভাষণ দি থকাৰ সময়ত তাৰ বাহিৰত কৰা প্ৰতিবাদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । প্ৰতিবাদকাৰীসকলক মূৰ্খ আখ্যা দি নেতান্যাহুৱে ইৰাণ চৰকাৰক তীক্ষ্ণভাৱে আক্ৰমণ কৰে ।

Netanyahu slams Iran
আমেৰিকান কংগ্ৰেছক সম্বোধন ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ (AP Photo)

নিউজ ডেস্ক, ২৫ জুলাই: ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে বুধবাৰে ইজৰাইলৰ বিৰুদ্ধে বিভিন্ন গোটক পুঁজি যোগান ধৰা আৰু সমৰ্থন জনোৱাৰ বাবে ইৰাণক সমালোচনা কৰে । তেওঁ লগতে দৃঢ়তাৰে কয় যে নিৰ্মম শত্ৰুসকলক পৰাস্ত কৰিবলৈ সাহস আৰু স্পষ্টতা দুয়োটাৰে প্ৰয়োজন । আমেৰিকান কংগ্ৰেছৰ বাহিৰত পেলেষ্টাইনপন্থীৰ প্ৰতিবাদৰ সময়ত আমেৰিকান পতাকা দাহ কৰা বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইজৰাইলী প্ৰধানমন্ত্ৰীয়ে এনেদৰে কয় ।

তেওঁ কয়, "আমি সকলোৱে জানো, ইৰাণে এই ভৱনটোৰ বাহিৰত চলি থকা ইজৰাইল বিৰোধী প্ৰতিবাদৰ বাবে পুঁজি যোগান ধৰিছে । কিন্তু সেইবোৰ সমগ্ৰ চহৰখনতে আছে । কিন্তু এই প্ৰতিবাদকাৰীসকলৰ বাবে মোৰ এটা বাৰ্তা আছে : যেতিয়া তেহৰাণৰ স্বৈৰাচাৰীসকলে সমকামীসকলক ক্ৰেনৰ পৰা ওলোমাই ৰাখে আৰু চুলি ঢাকি নোলোৱাৰ বাবে মহিলাসকলক হত্যা কৰে, তেওঁলোকে আকৌ আপোনালোকক প্ৰশংসা, প্ৰচাৰ আৰু পুঁজি যোগান ধৰে । আপোনালোক আনুষ্ঠানকভাৱে ইৰাণৰ উপযোগী মূৰ্খ হৈ পৰিছে ।"

"এইটো আশ্চৰ্যজনক, একেবাৰে আশ্চৰ্যজনক । ইয়াৰে কিছুমান প্ৰতিবাদকাৰীয়ে 'গাজাৰ পক্ষত সমকামী' বুলি ঘোষণা কৰা শ্লোগান প্ৰদৰ্শন কৰিছে । তেওঁলোকে 'কে এফ চিৰ বাবে কুকুৰা' বুলি লিখা শ্লোগানো প্ৰদৰ্শন কৰিব পাৰে । এই প্ৰতিবাদকাৰীসকলেই আকৌ 'নদীৰ পৰা সাগৰলৈ' শ্লোগান দিয়ে । কিন্তু বহুতৰে কোনো ধাৰণা নাই যে তেওঁলোকে কি নদী আৰু কি সাগৰৰ বিষয়ে কৈ আছে । তেওঁলোক কেৱল ভূগোলতে মূৰ্খ নহয়, ইতিহাসতো মূৰ্খ ।" নেতান্যাহুৱে কয় ।

উল্লেখ্য যে আমেৰিকান কংগ্ৰেছৰ যুটীয়া অধিবেশনত দিয়া তেওঁৰ চতুৰ্থ ভাষণত যিকোনো বিদেশী নেতাৰ দ্বাৰা কৰা সৰ্বাধিক অভিযোগত নেতান্যাহুৱে অভিযোগ কৰে যে মধ্যপ্ৰাচ্যত সকলো সন্ত্ৰাসবাদ, অস্থিৰতা, বিশৃংখলতা আৰু হত্যাৰ আঁৰত আছে ইৰাণ ।

নেতান্যাহু ইয়াতে থমকি ৰোৱা নাই । তেওঁ লগতে কয়, "আৰু সেইটোত কোনো আচৰিত হোৱা উচিত নহয় । ইছলামিক গণৰাজ্য প্ৰতিষ্ঠা কৰাৰ সময়ত আয়াতুল্লা খোমেনীয়ে প্ৰতিশ্ৰুতি দিছিল, আমি আমাৰ বিপ্লৱ সমগ্ৰ বিশ্বলৈ ৰপ্তানি কৰিম । আমি সমগ্ৰ বিশ্বলৈ ইছলামিক বিপ্লৱ ৰপ্তানি কৰিম । এতিয়া নিজকে প্ৰশ্ন কৰক, কোনখন দেশে অৱশেষত বিশ্বৰ ওপৰত উগ্ৰ ইছলাম জাপি দিয়াৰ ইৰাণৰ উন্মাদ পৰিকল্পনাৰ পথত বাধা হৈ থিয় দিছে ? আৰু উত্তৰটো স্পষ্ট : এয়া হৈছে আমেৰিকা, পশ্চিমীয়া সভ্যতাৰ অভিভাৱক আৰু বিশ্বৰ সৰ্বশ্ৰেষ্ঠ শক্তি । সেয়েহে ইৰাণে আমেৰিকাক আটাইতকৈ ডাঙৰ শত্ৰু হিচাপে গণ্য কৰে ।"

তেওঁ কয় যে ইৰাণে বুজি পাইছে যে আমেৰিকাক সঁচাকৈয়ে প্ৰত্যাহ্বান জনোৱাৰ বাবে প্ৰথমে মধ্যপ্ৰাচ্য জয় কৰিব লাগিব । আৰু তাৰ বাবে দেশখনে ইয়াৰ বহুতো বিকল্প ব্যৱহাৰ কৰিছে । ইয়াৰ ভিতৰত আছে হুথি, হিজবুল্লা আৰু হামাছ ।

লগতে পঢ়ক :আমেৰিকান কংগ্ৰেছৰ সমীপতে আমেৰিকাৰ পতাকা দাহ: উৰিল পেলেষ্টাইনী পতাকা - Pro Palestinian Protest in US
লগতে পঢ়ক :কমলা হেৰিছক শাসনৰ বাবে অযোগ্য তথা উগ্ৰ বাওঁপন্থী আখ্যা ট্ৰাম্পৰ - US PRESIDENTIAL ELECTION

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.