ETV Bharat / international

শৰণাৰ্থীসকলৰ প্ৰতি সহানুভূতি প্ৰদৰ্শনৰ উদ্দেশ্য আজি বিশ্বজুৰি পালিত বিশ্ব শৰণাৰ্থী দিৱস - Refugees

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 11:50 PM IST

World Refugee Day 2024: আজি বিশ্ব শৰণাৰ্থী দিৱস ৷ সংঘাত বা নিৰ্যাতনৰ পৰা পৰিত্ৰাণ বিচাৰি যিসকলে নিজৰ দেশৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছে অৰ্থাৎ বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তত শৰণাৰ্থী হৈ পৰিছে সেইসকলক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে 20 জুনৰ দিনটো পালন কৰা হযৈ আহিছে বিশ্ব শৰণাৰ্থী দিৱস হিচাপে । দিনটোৰ তাৎপৰ্য, বিশেষত্ব জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন--

World Refugee Day 2024
শৰণাৰ্থীসকলৰ প্ৰতি সহানুভূতি প্ৰদৰ্শনৰ উদ্দেশ্য আজি বিশ্বজুৰি পালিত বিশ্ব শৰণাৰ্থী দিৱস (ETV Bharat Assam)

ইণ্টাৰনেশ্যনেল ডেস্ক, 19 জুন: আজি 20 জুন ৷ বিশ্বজুৰি থকা শৰণাৰ্থীসকলক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে 20 জুনৰ দিনটো পালন কৰা হয় বিশ্ব শৰণাৰ্থী দিৱস হিচাপে । সংঘাত বা নিৰ্যাতনৰ পৰা পৰিত্ৰাণ বিচাৰি যিসকলে নিজৰ দেশৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছে তেওঁলোকক সন্মান জনোৱাৰ উদ্দেশ্যৰে পালন কৰা হৈ আহিছে এই দিৱসটি । এই দিৱসটিয়ে শৰণাৰ্থীসকলৰ জীৱন পুনৰ গঢ়ি তোলাত সহায় কৰিবলৈ সহানুভূতি প্ৰদৰ্শন, বিশ্বাস আৰু বুজাবুজি গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰে ।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে শৰণাৰ্থী সন্দৰ্ভত কয়, "শৰণাৰ্থীসকলক বিশ্ব সংহতিৰ প্ৰয়োজন, যাতে তেওঁলোকে মৰ্যাদাসহ নিজৰ জীৱন পুনৰ গঢ়ি তুলিব পাৰে ।

ইউ এন এইচ চি আৰে এক বিবৃতিযোগে কয়, "52 খন দেশৰ 33000 ৰো অধিক প্ৰাপ্তবয়স্কই এপ্ৰিল আৰু মে' মাহত ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাৰ ৱেবছাইটে চলোৱা এক অনলাইন সমীক্ষাত অংশগ্ৰহণ কৰিছিল ৷ যাৰ লক্ষ্য আছিল শৰণাৰ্থী সম্বন্ধীয় বিভিন্ন বিষয়সমূহৰ বুজাবুজি উন্নত কৰা আৰু শৰণাৰ্থীসকলৰ প্ৰতি জনসাধাৰণৰ সমৰ্থনৰ পৰিমাণ অনুসন্ধান কৰা । 12 কোটিতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছিল । 2024 চনৰ মে’ মাহৰ ভিতৰত বিশ্বজুৰি বলপূৰ্বকভাৱে স্থানচ্যুত কৰা হৈছিল বহুলোকক ।"

লগতে পঢ়ক: ইজৰাইলৰ ভয়ত পেলেষ্টাইনীৰ ঘৰ এৰি পলায়নৰ ভয়ংকৰ ছবি - Rafah satellite photos

বিবৃতিটোত আৰু কোৱা হৈছে, "সামগ্ৰিকভাৱে সমীক্ষাত অংশগ্ৰহণ কৰা 52 খন দেশৰ 73 % লোকে এই কথাত সন্মতি প্ৰকাশ কৰিছে যে মানুহে নিজৰ দেশকে ধৰি আন দেশত আশ্ৰয় ল'ব পাৰিব লাগে । অৱশ্যে 2022 চনত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত আশ্ৰয় প্ৰদানৰ সমৰ্থনৰ পৰিমাণ কেইবাখনো দেশৰ উচ্চ পৰ্যায়ে হ্ৰাস কৰিছে ।"

ইউ এন এইচ চি আৰৰ ৱেবছাইট অনুসৰি বৰ্তমান 75 শতাংশ শৰণাৰ্থী কম আৰু মধ্যম আয়ৰ দেশত বাস কৰে আৰু 37 শতাংশই কয় যে তেওঁলোকে বিশ্বাস কৰে যে শৰণাৰ্থীক আতিথ্য দিয়া দেশসমূহৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাহায্য অপৰ্যাপ্ত । সামগ্ৰিকভাৱে মনোভাৱৰ পাৰ্থক্য দেখা যায়, মূলতঃ বয়সৰ ভিত্তিত, বয়সস্থ লোকতকৈ কম বয়সীয়া লোকসকলে শৰণাৰ্থীৰ প্ৰতি অধিক ইতিবাচক হোৱাৰ প্ৰৱণতা দেখা যায় ।

UNHCR, ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাই X যোগে কয়, "2023 চনত 158,700 শৰণাৰ্থীক পুনৰ সংস্থাপন কৰা হৈছিল । আমি ৰাষ্ট্ৰসমূহক দায়িত্ব ভাগ কৰি আৰু পলায়ন কৰিবলৈ বাধ্য হোৱা অতি দুৰ্বল লোকসকলক সহায় কৰি শৰণাৰ্থীসকলৰ কাষত থিয় দিবলৈ আহ্বান জনাইছো ।"

লগতে পঢ়ক: দিল্লী উচ্চ ন্যায়ালয়ে ৰোহিংগীয়া শৰণাৰ্থীসকলৰ নিৰাপত্তাৰ আবেদনৰ আদেশ সংৰক্ষিত ৰাখিলে

এই দিনটোৱে শৰণাৰ্থীসকলৰ জীৱন পুনৰ গঢ়ি তোলাত সহায় কৰিবলৈ সহানুভূতি প্ৰদৰ্শন কৰিবলৈ, বিশ্বাস আৰু বুজাবুজি গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰে ।

X ত ইউ এন এইচ চি আৰ নিউজে পোষ্ট কৰি কয়, "শেহতীয়া: ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাই প্ৰকাশ কৰা অনুসৰি 2024 চনৰ মে' মাহৰ ভিতৰত বলপূৰ্বকভাৱে স্থানান্তৰিত হোৱাৰ সংখ্যা 12 কোটিলৈ বৃদ্ধি পাইছে ৷ ছুডানৰ পৰা গাজা-ম্যানমাৰৰ সংঘাতে নতুন শৰণাৰ্থীৰ সৃষ্টি কৰিছে আৰু ইয়াৰ সমাধান উলিওৱাটো জৰুৰী ।"

ভাৰতত চলিত বৰ্ষৰ আৰম্ভণিতে নাগৰিকত্ব (সংশোধনী) নিয়ম, 2024 ৰ অধিসূচনাৰ পিছত প্ৰথম পৰ্যায়ৰ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ জাৰি কৰি নতুন দিল্লীত একাংশ আবেদনকাৰীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ।

লগতে পঢ়ক: গাজাৰ শৰণাৰ্থীৰ শিবিৰত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক, প্ৰায় 68 জন নিহত

ভাৰত চৰকাৰে 2024 চনৰ 11 মাৰ্চত নাগৰিকত্ব (সংশোধনী) বিধি, 2024 ৰ অধিসূচনা জাৰি কৰিছিল ।

নিৰ্দিষ্ট কিছু চৰ্তৰ অধীনত 2014 চনৰ 31 ডিচেম্বৰলৈকে ভাৰতত প্ৰৱেশ কৰা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ ব্যক্তিৰ পৰা নাগৰিকত্বৰ আবেদন লাভ কৰা হৈছে ৷

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.