ETV Bharat / international

নিৰ্বাচনী দৌৰৰ পৰা আঁতৰিল বাইডেন: বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়া বিভিন্ন শীৰ্ষ নেতাৰ - US presidential election 2024

author img

By ANI

Published : Jul 22, 2024, 11:08 AM IST

World leaders on Biden’s decision: আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা আঁতৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন ৷ ইয়াৰ পাচতে বিশ্বনেতাসকলে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাইডেনৰ ভূমিকাক প্ৰশংসা কৰিছে । কোন কোন বিশ্বনেতাই কি ক’লে জানো আহক...

World leaders on Biden’s decision
কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ সৈতে ৰাষ্ট্ৰপতি জো বাইডেন (ANI)

নেশ্যনেল ডেস্ক, 22 জুলাই: পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জো বাইডেন অৱতীৰ্ণ হ’ব বুলি খবৰ প্ৰকাশ পোৱাৰ পাচতে বাইডেনৰ বয়স আৰু স্বাস্থ্যক লৈ বিশ্বজুৰি বৃদ্ধি পাইছিল উদ্বেগ ৷ ইয়াৰ মাজতে বাইডেনে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰা বুলি অৱগত হৈ বিশ্বৰ বিভিন্ন নেতাসকলে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে বাইডেনক এজন ‘মহান ব্যক্তি’ বুলি প্ৰশংসা কৰি বাইডেনৰ প্ৰতিটো কাৰ্য “নিজৰ দেশৰ প্ৰতি থকা প্ৰেমৰ দ্বাৰা পৰিচালিত” বুলি কয় । ট্ৰুডোৱে কানাডিয়ানসকলৰ অংশীদাৰ আৰু অটল বন্ধু হিচাপে বাইডেনৰ ভূমিকাক গুৰুত্ব আৰোপ কৰে ।

X যোগে ট্ৰুডোৱে কয়, "মই ৰাষ্ট্ৰপতি বাইডেনক বহু বছৰ ধৰি জানো । তেওঁ এজন মহান ব্যক্তি আৰু তেওঁৰ সকলো কামেই তেওঁৰ দেশৰ প্ৰতি থকা প্ৰেমৰ দ্বাৰা পৰিচালিত হয় । ৰাষ্ট্ৰপতি হিচাপে তেওঁ কানাডাৰ লোকসকলৰ বাবে এজন প্ৰকৃত বন্ধু ।"

ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে বাইডেনে ইজৰাইলৰ জনসাধাৰণৰ প্ৰতি দশক দশক ধৰি সমৰ্থন আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে । যুদ্ধকালীন সময়ত তেওঁৰ ঐতিহাসিক ভ্ৰমণ আৰু ইজৰাইলৰ ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা প্ৰসংগ উত্থাপন কৰি তেওঁ বাইডেনক আমেৰিকা আৰু ইজৰাইলৰ মাজৰ অভেদ্য বন্ধনৰ প্ৰতীক হিচাপে প্ৰশংসা কৰে ।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে বাইডেনৰ “কঠোৰ কিন্তু শক্তিশালী সিদ্ধান্ত” স্বীকাৰ কৰি ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে ইউক্ৰেইনৰ প্ৰতিৰক্ষাৰ সময়ত অটল সমৰ্থনৰ বাবে তেওঁলৈ ধন্যবাদ জনায় । এক জটিল মুহূৰ্তত বাইডেনৰ নেতৃত্ব সন্দৰ্ভত আলোকপাত কৰি জেলেনস্কিয়ে ৰাছিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে আমেৰিকাৰ শক্তিশালী নেতৃত্ব অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে ।

ইফালে ক্ৰেমলিনৰ মুখপাত্ৰ মিত্ৰী পেস্কোভে কয়, "আমাৰ বাবে আমেৰিকাৰ নিৰ্বাচনৰ ফলাফলতকৈ [ইউক্ৰেইনৰ বিৰুদ্ধে] বিশেষ সামৰিক অভিযানৰ লক্ষ্যত উপনীত হোৱাটোহে অধিক গুৰুত্বপূৰ্ণ ।"

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে বাইডেনৰ এই সিদ্ধান্তৰ প্ৰতি সন্মান জনাই তেওঁৰ ৰাষ্ট্ৰপতিত্বৰ বাকী সময়ছোৱাত তেওঁৰ সৈতে কাম কৰি যাবলৈ আগ্ৰহী । আমেৰিকাৰ জনসাধাৰণৰ বাবে বাইডেনে যিটোৱে সৰ্বোত্তম বুলি বিশ্বাস কৰে, তাৰ প্ৰতি বাইডেনৰ দায়ৱদ্ধতা আছে বুলি ষ্টাৰমাৰে কয় ।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিছে বাইডেনক তেওঁৰ নেতৃত্ব আৰু সেৱাৰ বাবে ধন্যবাদ জনাই গণতান্ত্ৰিক মূল্যবোধ, আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা, অৰ্থনৈতিক সমৃদ্ধি আৰু জলবায়ু কাৰ্যৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়া-আমেৰিকা মিত্ৰজোঁটৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্বলজে বাইডেনক এজন ঘনিষ্ঠ বন্ধু বুলি উল্লেখ কৰি যিয়ে আটলাণ্টিক অতিক্ৰম আৰু নাটোক শক্তিশালী কৰাৰ লগতে নিৰ্ভৰযোগ্য অংশীদাৰ হিচাপেও আছিল বুলি কয় । বাইডেনে পুনৰ নিৰ্বাচন নকৰাৰ সিদ্ধান্ত স্বীকৃতিৰ যোগ্য বুলি প্ৰশংসা কৰে শ্ব’লজে ।

স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে বাইডেনৰ এই সিদ্ধান্তক ‘সাহসী আৰু মৰ্যাদাপূৰ্ণ’ বুলি প্ৰশংসা কৰি অৰ্থনৈতিক সংকট দূৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ নেতৃত্ব আৰু ৰাছিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে ইউক্ৰেইনক সমৰ্থন কৰা বুলি উল্লেখ কৰে । গণতন্ত্ৰ আৰু স্বাধীনতাৰ প্ৰতি বাইডেনৰ দায়ৱদ্ধতাক প্ৰশংসা কৰে ছানচেজে । গণতন্ত্ৰ আৰু স্বাধীনতাৰ বাবে যুঁজি অহা এজন মহান ৰাষ্ট্ৰপতিৰ এয়া এক বৃহৎ পদক্ষেপ বুলি কয় ছানচেজে ।

পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কে বাইডেনক এনে কঠিন সিদ্ধান্ত লোৱাৰ বাবে কৃতিত্ব প্ৰদান কৰে যিয়ে বিশ্বৰ নিৰাপত্তা বৃদ্ধি আৰু গণতন্ত্ৰক শক্তিশালী কৰে ।

চেক প্ৰধানমন্ত্ৰী পেট্ৰ’ ফিয়ালাই বাইডেনৰ এই সিদ্ধান্তক দশক দশক ধৰি নিজৰ দেশৰ সেৱা কৰা এজন ৰাষ্ট্ৰনেতাৰ সিদ্ধান্ত বুলি অভিহিত কৰে । গণতান্ত্ৰিক প্ৰক্ৰিয়াই বাইডেনৰ এজন সক্ষম উত্তৰাধিকাৰী লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ফিয়ালাই ।

আইৰিছ প্ৰধানমন্ত্ৰী চাইমন হেৰিছে বাইডেনক যুক্তিবাদী কণ্ঠ, ফলপ্ৰসূ বহুপক্ষীয়তাবাদ বুলি প্ৰশংসা কৰে ।

হেৰিছে এক বিবৃতিযোগে কয়, "জো বাইডেনে তেওঁৰ প্ৰতিটো কাৰ্যালয়তে আয়াৰলেণ্ড দ্বীপত শান্তি প্ৰতিষ্ঠাৰ বাবে এক অটল কণ্ঠ আৰু আবেগিক কৰ্মী হিচাপে পৰিলক্ষিত হৈছিল ৷ ইয়াৰ বাবে আয়াৰলেণ্ড তেওঁৰ প্ৰতি বহুত ঋণী ।"

উল্লেখ্য যে, পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত ঘোষণা কৰাৰ পিচত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক ডেম’ক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে সমৰ্থন জনাইছে আৰু ডেম’ক্ৰেটসকলক ঐক্যৱদ্ধ হৈ ৰিপাব্লিকান পাৰ্টীৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পক পৰাস্ত কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: নিৰ্বাচন নেখেলে বাইডেনে: কমলা হেৰিছক আগুৱাই দৌৰৰ পৰা আঁতৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি - BIDEN QUITS PRESIDENTIAL RACE

সৰ্বোচ্চ পৰ্যায়ৰ দেশপ্ৰেমী: ৰাষ্ট্ৰপতিৰ দৌৰৰ পৰা আঁতৰি অহা বাবে বাইডেনক প্ৰশংসা প্ৰাক্তন ৰাষ্ট্ৰপতি ওবামাৰ - US Presidential Election 2024

ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা আঁতৰিল জো বাইডেন - US presidential election 2024

ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হিচাৰে জয়ী হোৱাটোৱেই প্ৰধান উদ্দেশ্য: কমলা হেৰিছ - US presidential election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.