ETV Bharat / international

কোন হ'ব হামাছৰ নতুন মুৰব্বী ? চৰ্চাত মহম্মদ শ্বিনৱাৰ আৰু খলিল অল-হায়াৰ নাম

হামাছৰ শীৰ্ষ নেতা ইয়াহ্য়া শ্বিনৱাৰৰ মৃত্যুৰ পিছত, উগ্ৰপন্থী গোটটোৰ নতুন মুৰব্বী পদৰ বাবে উচ্চাৰিত হৈছে কেবাটাও নাম।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

ETV Bharat
খলিল অল হায়া (AP)

তেল আভিভঃ হামাছে তেওঁলোকৰ প্ৰধান ইয়াহ্য়া শ্বিনৱাৰৰ মৃত্যু নিশ্চিত কৰাৰ পিছত, সকলোৰে দৃষ্টি এতিয়া পেলেষ্টাইনী গোটটোৰ পৰৱৰ্তী নেতা কোন হ’ব তাৰ ওপৰত ৷ এই বিষয়ত ইয়াহ্য়া শ্বিনৱাৰৰ সহযোগী খলিল অল-হায়া, মহম্মদ শ্বিনৱাৰ আৰু খালিদ মশালৰ নামক লৈ যথেষ্ট আলোচনা চলিছে। এইটো ধাৰণা কৰা হৈছে যে তেওঁলোকৰে এজন ইয়াহ্য়া শ্বিনৱাৰৰ উত্তৰাধিকাৰী নিযুক্ত হ'ব । অৱশ্যে, এইটোও ধাৰণা কৰা হৈছে যে তেওঁলোকৰ ভিতৰৰ এজনক মুখ্য পদত নিযুক্তি দিয়াৰ পিছত, এই কথা ৰাজহুৱাভাৱে ঘোষণা কৰা নহ'ব।

বিগত বছৰৰ ৭ অক্টোবৰৰ ইজৰাইল আক্ৰমণৰ মাষ্টাৰমাইণ্ড ইয়াহ্য়া শ্বিনৱাৰক ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে গাজাত হত্যা কৰা বুলি দাবী কৰিছে। ইয়াহ্য়া শ্বিনৱাৰে হামাছৰ প্ৰাক্তন নেতা ইছমাইল হানিয়েহৰ স্থান লৈছিল। এই বছৰৰ জুলাইত ইৰাণত হোৱা এক বিস্ফোৰণত হানিয়েহ নিহত হৈছিল। তেওঁৰ মৃত্যুৰ বাবে ইজৰাইলক জগৰীয়া কৰা হৈছিল।

খলিল অল-হায়াৰ ভাবুকি

বন্দীসকলৰ সন্দৰ্ভত ইয়াহিয়া শ্বিনৱাৰৰ সহযোগী খলিল অল-হায়াই প্ৰদান কৰা ভাবুকিৰ বিষয়ে যথেষ্ট চৰ্চা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অল-হায়াই ভাবুকি দিছে যে গাজাত ইজৰাইলী আক্ৰমণ শেষ নোহোৱালৈকে বন্দীসকলক মুকলি কৰি দিয়া নহ'ব। ইয়াৰ পৰা এইটো অনুমান কৰা হৈছে যে তেওঁ হামাছৰ পৰৱৰ্তী প্ৰধান হ'ব। সংবাদ সংস্থা এপিৰ মতে, হামাছৰ প্ৰশাসনিক বিষয়সমূহৰ ব্যৱস্থাপনা এক সামূহিক নেতৃত্বৰ দ্বাৰা কৰা হয়। ইয়াত গোটটোৰ শূৰা পৰিষদৰ মুৰব্বীসকলৰ লগতে গাজা, পশ্চিম উপকূল আৰু বিদেশী অঞ্চলৰ প্ৰভাৰী বিষয়াসকল অন্তৰ্ভুক্ত ৷ অৱশ্যে, গাজাত ইজৰাইলী বন্দীসকলৰ সৈতে সম্পৰ্কিত সকলো বিষয় শ্বিনৱাৰৰ নিয়ন্ত্ৰণাধীন।

ইয়াহ্য়া শ্বিনৱাৰৰ সম্ভাৱ্য উত্তৰাধিকাৰী কোন?

হামাছৰ মুৰব্বী ইয়াহ্যা শ্বিনৱাৰৰ মৃত্যুৰ পিছত, তেওঁৰ উত্তৰাধিকাৰীৰ নাম সম্পৰ্কে তীব্ৰ জল্পনা-কল্পনা চলি আছে। তেওঁলোকৰ ভিতৰত খলিল অল-হায়া, মহম্মদ শ্বিনৱাৰ আৰু খালিদ মশালৰ নাম অধিক চৰ্চাত আছে। খলিল অল-হায়া কাটাৰত বাস কৰে আৰু বৰ্তমানে গাজাৰ দায়িত্বত আছে। ইয়াৰ উপৰিও, মহম্মদ শ্বিনৱাৰকো প্ৰধান হিচাপে নিযুক্তি দিয়াৰ খবৰ পোৱা গৈছে। ইজৰাইলৰ নিৰাপত্তা বিভাগ অনুসৰি, মহম্মদ শ্বিনৱাৰেই হ’ব হামাছৰ প্ৰকৃত প্ৰধান।

তদুপৰি, আন এজন আঞ্চলিক পৰ্যায়ৰ নেতা জাহিৰ জিব্ৰিলৰ নামক লৈও আলোচনা হৈছে। তেওঁক পশ্চিম উপকূলৰ দায়িত্ব দিয়া হৈছে। খালিদ মশাল বৈদেশিক বিষয়ৰ দায়িত্বত আছে। তেওঁকো পৰৱৰ্তী হামাছ প্ৰধান বুলি বিবেচনা কৰাৰ সম্ভাৱনা আছে।

খলিল অল-হায়া কোন?

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, খলিল অল-হায়াক ইয়াহ্য়া শ্বিনৱাৰৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয়। তেওঁ শ্বিনৱাৰৰ কাৰ্যালয়ত ডেপুটি হিচাপে দায়িত্ব পালন কৰিছিল। অৱশ্যে, অল-হায়াক শ্বিনৱাৰৰ দৰে চৰমপন্থী বুলি গণ্য কৰা নহয়। তেওঁ 2014 চনত আৰু বৰ্তমানৰ সংঘৰ্ষৰ সময়ত হামাছৰ যুদ্ধবিৰতি আলোচনাৰ নেতৃত্ব দিছিল। তেওঁ গোটটোৰ এজন জ্যেষ্ঠ নেতা। খলিল অল-হায়াক হানিয়েহৰো ঘনিষ্ট বুলি গণ্য কৰা হয়। খবৰ অনুসৰি তেওঁৰ ইৰাণৰ সৈতে ভাল সম্পৰ্ক আছে।

এটা সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত অল-হায়াই কয় যে হামাছ ইজৰাইলৰ সৈতে যুদ্ধবিৰতিৰ বাবে প্ৰস্তুত। তেওঁ লগতে উল্লেখ কৰে যে যদি 1967 চনৰ সীমা অনুসৰি এখন স্বাধীন পেলেষ্টাইনী ৰাষ্ট্ৰ স্থাপন কৰা হয়, তেন্তে হামাছে ইয়াৰ সামৰিক শাখা ভংগ কৰিব আৰু সম্পূৰ্ণ ৰাজনৈতিক দল হৈ পৰিব। সেয়েহে, তেওঁৰ নিযুক্তিয়ে ইজৰাইল আৰু হামাছৰ মাজত দীৰ্ঘদিন ধৰি প্ৰতীক্ষিত যুদ্ধবিৰতিৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

খালিদ মশাল আৰু মুছা আবু মাৰ্জুকৰ নামো চৰ্চাত

খালিদ মশাল আৰু মুছা আবু মাৰ্জুকৰ নামো হামাছৰ প্ৰধান হিচাপে নিযুক্তি দিয়াৰ ক্ষেত্ৰত উচ্চাৰিত হৈছে। খালিদ মশালে 1996 চনৰ পৰা 2017 চনলৈ হামাছৰ ৰাজনৈতিক নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক এজন উদাৰবাদী নেতা বুলি গণ্য কৰা হয়। তেওঁ তুৰস্ক আৰু কাটাৰৰ সৈতে ঘনিষ্ট হিচাপে পৰিচিত । ইৰাণ, ছিৰিয়া আৰু হিজবুল্লাহৰ সৈতে তেওঁৰ সম্পৰ্ক তিক্ত হৈ পৰিছে।

চৰ্চাত থকা আন নামবোৰৰ ভিতৰত মুছা আবু মাৰ্জুকো অন্যতম। তেওঁ হামাছৰ প্ৰতিষ্ঠাপক সদস্য আৰু ইয়াৰ ৰাজনৈতিক ব্যুৰোৰ প্ৰথমগৰাকী মুৰব্বী। আৰম্ভণিৰে পৰাই আবু মাৰ্জুক সংগঠনটোৰ সৈতে জড়িত হৈ আছে। ধাৰণা কৰা হৈছে যে গোটটোৱে এজন নেতা বাছনি কৰিব, কিন্তু সুৰক্ষাজনিত কাৰণত, সেয়া ৰাজহুৱাভাৱে ঘোষণা কৰা নহ'ব।

জেৰুজালেম পোষ্টৰ মতে হামাছৰ নতুন মুৰব্বী হ'ব মহম্মদ শ্বিনৱাৰ

দ্য জেৰুজালেম পোষ্টৰ মতে, ইজৰাইলৰ নিৰাপত্তা বিষয়াসকলে বিশ্বাস কৰা অনুসৰি মহম্মদ শ্বিনৱাৰ হামাছৰ নতুন মুৰব্বী হ'ব। ইফালে, ইয়াহ্য়া শ্বিনৱাৰৰ ডেপুটি খলিল অল-হায়াই ৰাজনৈতিক দায়িত্বসমূহ চম্ভালিব। মহম্মদ শ্বিনৱাৰ হৈছে ইয়াহ্য়া শ্বিনৱাৰৰ সৰু ভায়েক, আৰু দুয়োজন ভাতৃৰ মাজত ভাল পাৰিবাৰিক সম্পৰ্ক আছিল।

কোন এই মহম্মদ শ্বিনৱাৰ?

জেৰুজালেম পোষ্টৰ প্ৰতিবেদন অনুসৰি, মহম্মদ শ্বিনৱাৰৰ জন্ম 1975 চনত খান ইউনিছৰ এটা শৰণাৰ্থী শিবিৰত হৈছিল। তেওঁৰ পৰিয়ালটোৱে 1948 চনত আশ্কেলনৰ ওচৰৰ এখন গাওঁৰ পৰা পলাই গৈ দক্ষিণ গাজাপট্টীত বসতি স্থাপন কৰিছিল। ইজৰাইলৰ প্ৰতি থকা গভীৰ ঘৃণাৰ দ্বাৰা অনুপ্ৰাণিত হৈ শ্বিনৱাৰ ভাতৃদ্বয়ে ইজৰাইলৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত হৈছিল। দুয়োজন ভাতৃৰ বিৰুদ্ধে ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ আছে। মহম্মদ শ্বিনৱাৰ গাজাৰ এজন জ্যেষ্ঠ সামৰিক বিষয়া।

হামাছত কৰ্মজীৱনৰ আৰম্ভণিৰে পৰা মহম্মদ শ্বিনৱাৰে জ্যেষ্ঠ কমাণ্ডাৰসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল। প্ৰথমতে, তেওঁৰ পাৰিবাৰিক সম্পৰ্কসূত্ৰে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। জ্যেষ্ঠ নেতাসকলৰ সৈতে কাম কৰাৰ লগতে, তেওঁ জ্যেষ্ঠ ভাতৃৰ ইজৰাইলত বন্দীত্বৰ সময়ছোৱাত নিজৰ মুখ্য লক্ষ্যৰ ওপৰতো মনোনিবেশ কৰিছিল।

লগতে পঢ়ক: ইজৰাইলে হত্যা কৰাৰ দাবী কৰা হামাছৰ শীৰ্ষ নেতা ইয়াহ্য়া শ্বিনৱাৰ প্ৰকৃততে কোন?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.