ETV Bharat / international

ইজৰাইলে হত্যা কৰাৰ দাবী কৰা হামাছৰ শীৰ্ষ নেতা ইয়াহ্য়া শ্বিনৱাৰ প্ৰকৃততে কোন?

শ্বিনৱাৰৰ জন্ম গাজাৰ খান ইউনুছ শৰণাৰ্থী শিবিৰত আশ্ৰয় লোৱা এটা পেলেষ্টাইনী পৰিয়ালত যি আন লাখ লাখ পেলেষ্টাইনী লোকৰ সৈতে বৰ্তমানৰ ইজৰাইলৰ পৰা বিতাড়িত হৈছিল ৷

author img

By AP (Associated Press)

Published : 3 hours ago

HAMAS LEADER YAHYA SINWAR
হামাছ নেতা ইয়াহ্য়া শ্বিনৱাৰৰ ফাইল ছবি (AP)

বেইৰুট: ইয়াহ্য়া শ্বিনৱাৰ আছিল সেইজন ব্যক্তি যিয়ে বিগত বৰ্ষত বিশ্বক হতবাক কৰি তোলা ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ মাষ্টাৰমাইণ্ড, যাৰ পৰিপ্ৰেক্ষিতত এতিয়াও ব্যাপক তথা সমাপ্তিৰ পৰা বহু যোজন দূৰত থকা এক বিপৰ্যয় অব্যাহত।

গাজাত, যুদ্ধৰ গতিপথ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত 61 বছৰীয়া হামাছ নেতাগৰাকীতকৈ কোনো উচ্চ পৰ্যায়ৰ দ্বিতীয় ব্যক্তি নাছিল। স্বভাৱগতভাৱে আৱেগিক, শৃংখলাবদ্ধ আৰু স্বৈৰাচাৰী, শ্বিনৱাৰ আছিল লোক চক্ষুৰ পৰা আঁতৰত থকা এজন প্ৰবীণ উগ্ৰপন্থী নেতা যিয়ে ইজৰাইলৰ কাৰাগাৰত বহু বছৰ কটোৱাৰ ফলত হিব্ৰু ভাষা শিকাৰ ওপৰিও শত্ৰুক সতৰ্কতাৰে অধ্যয়ন কৰাৰ কৌশলো আয়ত্ত কৰিছিল ।

বৃহস্পতিবাৰে, ইজৰাইলে দাবী কৰে যে তেওঁলোকৰ সৈন্যবাহিনীয়ে শ্বিনৱাৰক গাজাত হত্যা কৰিছে। হামাছে অৱশ্যে মৃত্যুৰ কোনো তাৎক্ষণিক নিশ্চিতি প্ৰদান কৰা নাই।

ইজৰাইল- হামাছ যুদ্ধৰেখাৰ দুয়োফালে সন্ত্ৰাসৰ এক নাম তথা ৰহস্যময় ব্যক্তিত্বৰ গৰাকী শ্বিনৱাৰ আছিল সেইগৰাকী ব্যক্তি যিয়ে তেওঁতকৈয়ো অধিক ৰহস্যময় চৰিত্ৰ তথা হামাছৰ সশস্ত্ৰ শাখাৰ মুৰব্বী মহম্মদ ডেইফৰ সৈতে মিলি 7 অক্টোবৰ, 2023 তাৰিখে দক্ষিণ ইজৰাইলত আকস্মিক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল । ইজৰাইলৰ মতে তেওঁলোকে বিগত জুলাই মাহত দক্ষিণ গাজাত চলোৱা এক বিমান আক্ৰমণৰ জৰিয়তে ডেইফক হত্যা কৰিছে য'ত 70 জনতকৈও অধিক পেলেষ্টাইনী নিহত হৈছিল।

ইয়াৰ ঠিক পিছতেই, হামাছৰ নিৰ্বাসিত নেতা ইছমাইল হানিয়েহ, ইৰাণ ভ্ৰমণ কৰি থকা অৱস্থাত এক বিস্ফোৰণত নিহত হয়, যাৰ বাবে ইজৰাইলক জগৰীয়া কৰা হয় । তাৰ পিছত শ্বিনৱাৰক হামাচৰ শীৰ্ষ নেতা হিচাপে হানিয়েহৰ স্থান লোৱাৰ বাবে বাছনি কৰা হয়, যদিও তেওঁ গাজাত আত্মগোপন কৰি আছিল।

ইজৰাইলৰ সামৰিক আৰু চোৰাংচোৱা বিভাগৰ নিৰাপত্তাৰ ব্যৱস্থাক হতবাক কৰাৰ লগতে দেশখনৰ অজেয়তাৰ প্ৰতিচ্ছবিক মষিমূৰ কৰা পেলেষ্টাইনী সন্ত্ৰাসবাদীসকলৰ 2023 চনৰ অক্টোবৰৰ সেই আক্ৰমণে 1200 জন লোকৰ প্ৰাণ কাঢ়ি নিছিল, যাৰ ভিতৰত বেছিভাগেই আছিল সাধাৰণ লোক আৰু প্ৰায় 250 জন লোকক অপহৰণ কৰা হৈছিল ৷

ইয়াৰ উত্তৰত ইজৰাইলৰ প্ৰতিশোধ আছিল আৰু ভয়ংকৰ যাৰ ফলত প্ৰাণ গৈছে 42000 তকৈও অধিক পেলেষ্টাইনী লোকৰ ৷ বিধ্বস্ত হৈ পৰিছে গাজা, গৃহহীন হৈছে লাখ লাখ লোক আৰু আশ্ৰয়হীন বহুলোক দুৰ্ভিক্ষৰ কবলত ৷

শ্বিনৱাৰে যুদ্ধ সমাপ্তিৰ বাবে চেষ্টা কৰি ইজৰাইলৰ সৈতে পৰোক্ষ আলোচনাৰ পথ বাছি লৈছিল। তেওঁৰ এটা লক্ষ্য আছিল ইজৰাইলৰ কাৰাগাৰত বন্দী হৈ থকা হাজাৰ হাজাৰ পেলেষ্টাইনীৰ মুক্তিৰ পথ প্ৰশস্ত কৰা, ঠিক এটা দশকৰো অধিক পূৰ্বে ইজৰাইলে তেওঁক মুক্তি দিয়াৰ দৰে।

শ্বিনৱাৰৰ আন এক লক্ষ্য আছিল হামাছক ইৰাণ আৰু সমগ্ৰ অঞ্চলৰ আন মিত্ৰশক্তিৰ ওচৰলৈ অনা। তেওঁ প্ৰজ্বলিত কৰা যুদ্ধই হিজবুল্লাহকো এই সংঘাতলৈ টানি আনে, যাৰ ফলত অৱশেষত লেবাননতো ইজৰাইলৰ তৰফৰ পৰা আন এক আক্ৰমণ হয় ৷ এই ঘটনাক্ৰমৰ পৰিপ্ৰেক্ষিতত ইৰাণ আৰু ইজৰাইলৰ মাজতো প্ৰথমবাৰৰ বাবে পোনপটীয়াকৈ গুলীবৰ্ষণ দেখিবলৈ পোৱা যায় যাৰ ফলত আৰু অধিক বিস্তৃত সংঘৰ্ষৰ আশংকা বৃদ্ধি পায়।

ইজৰাইলীসকলৰ বাবে, শ্বিনৱাৰ আছিল এক দুঃস্বপ্নময় ব্যক্তি । ইজৰাইলী সেনাৰ মুখ্য মুখপাত্ৰ ৰিয়াৰ এডমিঃ ডেনিয়েল হাগাৰীয়ে ইছলামিক সশস্ত্ৰ গোটৰ কথা উল্লেখ কৰি তেওঁক হত্যাকাৰী বুলি অভিহিত কৰি কয়, " (শ্বিনৱাৰে) সমগ্ৰ বিশ্বৰ আগত প্ৰমাণ কৰিছে যে হামাছ আইএছআইএছতকৈও বেয়া।"

সদায়ে অবাধ্যতাৰ পৰিচয় দি অহা শ্বিনৱাৰে নিজৰ কেইবাটাও ৰাজহুৱা ভাষণৰ এটা সমাপ্ত কৰিছিল তেওঁক হত্যা কৰিবলৈ ইজৰাইলক আমন্ত্ৰণ জনাই ৷ লগতে গাজাত বীৰদৰ্পে ঘোষণা কৰিছিল, "এই সভাৰ পিছত মই ঘৰলৈ উভতি যাম।" তাৰ পিছত তেওঁ সেয়াই কৰিছিল, আৰু আনকি ৰাস্তাত মানুহৰ সৈতে কৰমৰ্দন কৰিছিল, চেলফি লৈছিল।

ইজৰাইলৰ বিৰুদ্ধে থিয় হোৱাৰ কাৰণে আৰু বিদেশত অধিক আৰামেৰে বাস কৰা হামাছৰ আন নেতাসকলৰ বিপৰীতে দৰিদ্ৰ তথা যুদ্ধজৰ্জৰ গাজাত থকাৰ বাবে পেলেষ্টাইনীসকলৰ মাজত শ্বিনৱাৰ যথেষ্ট সন্মানীয়ও আছিল ৷

কিন্তু গাজাৰ ওপৰত থকা তেওঁৰ লৌহ আধিপত্যৰ বাবে অঞ্চলটোত, য'ত ৰাজহুৱা মতবিৰোধ দমন কৰা হয়, তেওঁক যথেষ্ট সমীহো কৰা হৈছিল ।

হামাছৰ কিছুসংখ্যক ৰাজনৈতিক নেতৃত্বৰ দ্বাৰা সংবাদ মাধ্যম-অনুকূল ছবি বজায় ৰখাৰ বিপৰীতে, শ্বিনৱাৰে কেতিয়াও ৰাজহুৱা প্ৰতিচ্ছবি গঢ়ি তুলিবলৈ চেষ্টা কৰা নাছিল। ইজৰাইলৰ সৈতে সহযোগিতা কৰাৰ সন্দেহ থকা পেলেষ্টাইনীসকলৰ প্ৰতি তেওঁৰ নিৰ্মম দৃষ্টিভংগীৰ বাবে তেওঁক "খান ইউনুছৰ কচাই" বুলি জনা গৈছিল।

শ্বিনৱাৰৰ জন্ম 1962 চনত গাজাৰ খান ইউনুছ শৰণাৰ্থী শিবিৰত থকা এটা পৰিয়ালত যি 1948 চনত ইজৰাইলৰ সৃষ্টিক লৈ হোৱা যুদ্ধৰ সময়ত ইজৰাইলী ভূখণ্ডৰ পৰা বিতাড়িত হোৱা লাখ লাখ পেলেষ্টাইনীৰ মাজৰ এটা পৰিয়াল আছিল।

তেওঁ 1987 চনত মুছলিম ব্ৰাদাৰহুডৰ পেলেষ্টাইনী শাখাৰ পৰা উদ্ভৱ হোৱা হামাছৰ প্ৰাৰম্ভিক সদস্য আছিল, যি সময়ত উপকূলীয় অঞ্চলটো ইজৰাইলৰ সামৰিক দখলত আছিল।

শ্বিনৱাৰে গোটটোৰ প্ৰতিষ্ঠাপক শ্বেখ আহমেদ য়াছিনক এই কথাত সৈমান কৰিছিল যে প্ৰতিৰোধ সংগঠন হিচাপে সফল হোৱাৰ বাবে হামাছক ইজৰাইলৰ গুপ্তচৰসকলক আঁতৰাই পেলোৱাৰ প্ৰয়োজন। তেওঁলোকে এটা সশস্ত্ৰ শাখা প্ৰতিষ্ঠা কৰিছিল, যাক সেইসময়ত মাজদ বুলি জনা গৈছিল, যাৰ নেতৃত্ব দিছিল খোদ শ্বিনৱাৰে ।

1980 ৰ দশকৰ শেষৰ ফালে ইজৰাইলৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছত, জেৰাৰ সন্মুখীন হৈ শ্বিনৱাৰে 12 জন সন্দেহযুক্ত সহযোগীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল। অৱশেষত তেওঁক দুজন ইজৰাইলী সৈনিকৰ অপহৰণ আৰু হত্যাৰ অপৰাধত জড়িত থকাৰ বাবে চাৰিটা আজীৱন কাৰাদণ্ড দিয়া হৈছিল।

সেইসময়ত শ্বিনৱাৰক সোধা-পোছা কৰা ইজৰাইলৰ নিৰাপত্তা সংস্থা শিন বেটৰ অনুসন্ধান বিভাগৰ এজন প্ৰাক্তন সঞ্চালক মাইকেল কৌবিয়ে সেই স্বীকাৰোক্তিৰ কথা মনত পেলাই কৈছিল: শ্বিনৱাৰে এজন ব্যক্তিক তেওঁৰ নিজৰ ভায়েকক জীৱন্তে কবৰ দিবলৈ বাধ্য কৰাৰ কথা উল্লেখ কৰিছিল কিয়নো তেওঁ ইজৰাইলৰ হৈ কাম কৰাৰ সন্দেহ কৰা হৈছিল। "যেতিয়া তেওঁ আমাক এই কাহিনীটো কৈছিল তেতিয়া তেওঁৰ চকু সুখেৰে ভৰি পৰিছিল," কৌবিয়ে কৈছিল।

কিন্তু জেইলত থকা সময়ছোৱাত সহবন্দীসকলৰ বাবে, শ্বিনৱাৰ আকৰ্ষণীয়, সামাজিক আৰু চতুৰ আছিল, সকলো ৰাজনৈতিক দলৰ বন্দীসকলৰ বাবে তেওঁৰ দ্বাৰ মুকলি আছিল।

জেলত থকা সময়ত তেওঁ শ শ বন্দী হৈ থকা হামাছ সদস্যৰ নেতা হৈ পৰিছিল। তেওঁ পৰিস্থিতি উন্নত কৰিবলৈ ধৰ্মঘট আয়োজন কৰিছিল। তেওঁ হিব্ৰু ভাষা শিকিছিল আৰু ইজৰাইলী সমাজ অধ্যয়ন কৰিছিল। তেওঁ সহবন্দীসকলক খুৱাই দিয়া, পনীৰ সন্নিবিষ্ট ময়দাৰ এক আহাৰ কুনাফা তৈয়াৰ কৰাৰ বাবে জনাজাত আছিল,।

"কাৰাগাৰৰ ভিতৰত এজন নেতা হোৱাৰ সুবাদত তেওঁ আলোচনা আৰু বাৰ্তালাপৰ অভিজ্ঞতা লাভ কৰিছিল, আৰু তেওঁ শত্ৰুৰ মানসিকতা আৰু ইয়াক কেনেদৰে প্ৰভাৱিত কৰিব লাগে বুজি পাইছিল," ইজৰাইলৰ কাৰাগাৰত প্ৰায় 17 বছৰ অতিবাহিত কৰা আৰু যাৰ বেছিভাগ সময় শ্বিনৱাৰৰ সৈতে কটোৱা লেবাননৰ নাগৰিক আনৱাৰ য়াছিনে কয়।

ইয়াছিনে উল্লেখ কৰিছিল যে কেনেকৈ শ্বিনৱাৰে তেওঁক এজন লেবানিজ কমিউনিষ্ট পাৰ্টিৰ সদস্য, যাৰ ধৰ্মনিৰপেক্ষ নীতিবোৰ হামাচৰ আদৰ্শৰ বিৰোধী, হোৱা স্বত্ত্বেও সদায় সন্মানপূৰ্বক ব্যৱহাৰ কৰিছিল ।

বন্দী হৈ থকা সময়ছোৱাত শ্বিনৱাৰে 240 পৃষ্ঠাৰ এখন উপন্যাস লিখিছিল, "থিছল এণ্ড দ্য ক্লোভছ।" কিতাপখনে 1967 চনৰ মধ্য প্ৰাচ্যৰ যুদ্ধৰ পৰা 2000 চনলৈকে পেলেষ্টাইনী সমাজৰ কাহিনী বৰ্ণনা কৰে, যি সময়ত দ্বিতীয় ইন্তিফাদা আৰম্ভ হৈছিল।

"এয়া মোৰ ব্যক্তিগত কাহিনী নহয়, বা এজন নিৰ্দিষ্ট ব্যক্তিৰ কাহিনীও নহয়, যদিও সকলোবোৰ ঘটনা সঁচা," উপন্যাসখনৰ আৰম্ভণিতে শ্বিনৱাৰে লিখিছিল এই কথা।

2008 চনত, তেল আভিভৰ এখন চিকিৎসালয়ত চিকিৎসা লাভৰ পিছত শ্বিনৱাৰ মস্তিষ্কৰ কৰ্কট ৰোগৰ এক আক্ৰমণাত্মক প্ৰকাৰৰ পৰা সাৰি উঠিছিল।

2011 চনত সীমান্তত অভিযান চলাই হামাছে বন্দী কৰা এজন ইজৰাইলী সৈনিক গিলাদ শ্চলিতৰ মুক্তিৰ বিনিময়ত ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৱে শ্বিনৱাৰক প্ৰায় 1000 আন বন্দীৰ সৈতে মুক্তি দিছিল। প্ৰাণঘাতী আক্ৰমণৰ ঘটনাত জড়িত থকাৰ অপৰাধত বন্দী হৈ থকা এনে ডজন ডজন বন্দীক মুকলি কৰি দিয়াৰ বাবে নেতান্য়াহুক কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল।

গাজালৈ উভতি অহাৰ পিছত, শ্বিনৱাৰে হামাছৰ ৰাজনৈতিক নেতৃত্ব আৰু ইয়াৰ সামৰিক শাখা কাচাম ব্ৰিগেডৰ মাজত ঘনিষ্ঠভাৱে সমন্বয় ৰক্ষাৰ কাম কৰিছিল। তেওঁ নিষ্ঠুৰতাৰ বাবেও নিজৰ এক পৰিচয় গঢ়ি তুলিছিল। 2016 চনত আভ্যন্তৰীণ ক্ষমতা দখলৰ এক সংগ্ৰামত হামাছৰ আন এজন শীৰ্ষ কমাণ্ডাৰ মাহমুদ ইস্তেৱীক হত্যা কৰাৰ আঁৰত তেৱেঁই আছিল বুলি ব্যাপকভাৱে বিশ্বাস কৰা হয়।

মুক্তিৰ পিছত তেওঁ বিবাহপাশতো আৱদ্ধ হয়।

2017 চনত, তেওঁ গাজাত হামাচৰ ৰাজনৈতিক ব্যুৰোৰ মুৰব্বী নিৰ্বাচিত হৈছিল। শ্বিনৱাৰে হানিয়েহৰ সৈতে দলটোক ইৰাণ আৰু লেবাননৰ হিজবুল্লাহকে ধৰি ইয়াৰ মিত্ৰশক্তিৰ সৈতে পুনৰ সংযোজিত কৰিবলৈ প্ৰয়াস কৰিছিল। তেওঁ হামাছৰ সামৰিক শক্তি বৃদ্ধিৰ ওপৰতো গুৰুত্ব দিছিল।

লগতে পঢ়ক: হামাছৰ শীৰ্ষ নেতা শ্ৱিনৱাৰক হত্যা; ভিডিঅ’ প্ৰকাশ কৰি এই দাবী ইজৰাইলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.