ETV Bharat / international

ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা আঁতৰিল জো বাইডেন - US presidential election 2024

author img

By ANI

Published : Jul 22, 2024, 7:53 AM IST

US President Joe Biden: দল, দেশৰ স্বাৰ্থত ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে । পৰৱৰ্তী সময়ত এই সন্দৰ্ভত অধিক জনোৱা হ’ব বুলি জনায় আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

US President Joe Biden
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, 22 জুলাই: আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে দল আৰু দেশৰ স্বাৰ্থত পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা নাই বুলি ঘোষণা কৰিছে । বাইডেনে কয় যে চলিত সপ্তাহৰ শেষৰ ফালে তেওঁ নিজৰ সিদ্ধান্তৰ বিষয়ে অধিক বিশদভাৱে কথা পাতিব ।

দেশখনত নিৰ্বাচন অনুষ্ঠিত হ’বলৈ মাত্ৰ 4 মাহ থাকোতে বাইডেনে X যোগে কয়, "যদিও পুনৰ নিৰ্বাচন বিচৰাটো মোৰ উদ্দেশ্য হৈ আহিছে, তথাপিও মই বিশ্বাস কৰো যে মোৰ দল আৰু দেশৰ স্বাৰ্থত মই পদত্যাগ কৰি মোৰ বাকী থকা কাৰ্যকালৰ বাবে কেৱল ৰাষ্ট্ৰপতি হিচাপে মোৰ কৰ্তব্য পালনত মনোনিৱেশ মই কৰিম । এই সপ্তাহৰ শেষৰ ফালে মোৰ এই সিদ্ধান্তৰ বিষয়ে অধিক বিশদভাৱে জনোৱা হ’ব ।"

ৰিপাব্লিকান প্ৰাৰ্থী তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে বিতৰ্কত বাইডেনৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত ডেম’ক্ৰেটিক পাৰ্টিৰ বহু বিশিষ্ট ব্যক্তিয়ে তেওঁক ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনোৱাৰ পিছতে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে । 27 জুনত ট্ৰাম্পৰ সৈতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিছনত প্ৰচাৰিত 90 মিনিটৰ বিতৰ্কত বাইডেনৰ অসংলগ্ন প্ৰদৰ্শনৰ পিছতে এই পৰিস্থিতিৰ সন্মুখীন হৈছে বাইডেন ।

বাইডেনে কয়, "আমেৰিকাৰ অৰ্থনীতি বিশ্বৰ এক শক্তিশালী অৰ্থনীতি আৰু ডেম’ক্ৰেটিক পাৰ্টিৰ চৰকাৰে দেশখন পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত ঐতিহাসিক বিনিয়োগ কৰিছে ৷ জ্যেষ্ঠসকলৰ বাবে প্ৰেছক্ৰিপশ্যন ঔষধৰ খৰচ কম কৰিছে আৰু অভিলেখ সংখ্যক আমেৰিকানলৈ সুলভ স্বাস্থ্যসেৱাৰ ব্যৱস্থা কৰিছে ।"

বাইডেনে কয়, "যোৱা চাৰে তিনি বছৰত আমি এটা জাতি হিচাপে বহু অগ্ৰগতি লাভ কৰিছো । আজি আমেৰিকাৰ অৰ্থনীতি বিশ্বৰ ভিতৰতে শক্তিশালী । আমি আমাৰ জাতিটো পুনৰ নিৰ্মাণ কৰাত, প্ৰেছক্ৰিপশ্যন ঔষধৰ খৰচ কমোৱাত ঐতিহাসিক বিনিয়োগ কৰিছো আৰু অভিলেখ সংখ্যক আমেৰিকান লোকলৈ সুলভ মূল্যৰ স্বাস্থ্যসেৱাৰ ব্যৱস্থা কৰিছো ।"

বাইডেনে নিজৰ অনুভৱ ব্যক্ত কৰি কয়, "আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান । আমেৰিকাই ক’ভিড-19 মহামাৰী আৰু 1929 চনৰ পৰা আৰম্ভ হোৱা আৰু দ্বিতীয় বিশ্বযুদ্ধ পৰ্যন্ত চলা মহামন্দান অৱস্থাৰ পিছত ভয়াৱহ অৰ্থনৈতিক সংকট অতিক্ৰম কৰিলো । আমি আমাৰ গণতন্ত্ৰক সুৰক্ষিত আৰু সংৰক্ষণ কৰিছো ।"

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ প্ৰতি কৃতজ্ঞতা জনাই বাইডেনে কয়, "...মোক পুনৰ নিৰ্বাচিত কৰিবলৈ ইমান কষ্ট কৰা সকলোলৈ মোৰ গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো । এই সকলো কামৰ এক অসাধাৰণ অংশীদাৰ হোৱাৰ বাবে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক ধন্যবাদ জনাইছো । আপোনালোকে মোৰ প্ৰতি যি বিশ্বাস আৰু আস্থা ৰাখিছে তাৰ বাবে মই আজি বিশ্বাস কৰোঁ যে আমেৰিকাই ঐক্যৱদ্ধ হৈ কৰিব নোৱাৰা কাম একোৱেই নাই ।"

লগতে পঢ়ক: সমালোচনা তথা দলীয় হেঁচা স্বত্বেও নিৰ্বাচনী যুঁজ অব্যাহত ৰাখিব বাইডেনে - US presidential election 2024

20 বছৰীয়া যুৱকৰ আক্ৰমণৰ লক্ষ্য আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প - Donald Trump Shooting

বাইডেনৰ ওপৰত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ প্ৰবল চাপ : অথচ তেওঁৰ স্থান ল'বলৈও আগ্ৰহী নহয় কোনো ডেম'ক্ৰেট - Joe Bidens President Debate

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.