ETV Bharat / international

বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ ব্ৰিটেইনৰ - Bangladesh crisis

author img

By ANI

Published : Aug 6, 2024, 9:59 AM IST

Bangladesh crisis: বাংলাদেশত শান্তি প্ৰতিষ্ঠাৰ বাবে ব্ৰিটেইনৰ বৈদেশিক সচিব ডেভিদ লামিয়ে বিশেষ আহ্বান জনায় । এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ নেতৃত্বত সম্পূৰ্ণ আৰু স্বতন্ত্ৰ তদন্তৰো তেওঁ দাবী কৰে ।

Bangladesh crisis
বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ ব্ৰিটেইনৰ (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, ৬ আগষ্ট : ব্ৰিটেইনৰ বৈদেশিক সচিব ডেভিদ লামিয়ে বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে আৰু কয় যে এই হিংসাৰ সমাপ্তিৰ বাবে সকলোৱে একেলগে কাম কৰিব লাগিব । তেওঁ বাংলাদেশৰ শেহতীয়া ঘটনাৰ সম্পূৰ্ণ আৰু স্বতন্ত্ৰ তদন্তৰ বাবেও আহ্বান জনায় । বৈদেশিক সচিব ডেভিদ লামিয়ে কয়, "যোৱা কেইসপ্তাহমান ধৰি চলি থকা ঘটনাৰ বাবে ৰাষ্ট্ৰসংঘৰ নেতৃত্বত সম্পূৰ্ণ আৰু স্বতন্ত্ৰ তদন্তৰ যোগ্য বাংলাদেশৰ জনসাধাৰণ ।"

ইয়াৰ উপৰিও, ডেভিদ লেমিয়ে পৰিস্থিতিটো অভূতপূৰ্ব বুলি বৰ্ণনা কৰে । তেওঁ কয়, "বাংলাদেশত যোৱা দুসপ্তাহত অভূতপূৰ্ব হিংসা আৰু শোকাৱহ ঘটনা দেখা গৈছে । সেনা প্ৰধানে এক অন্তৱৰ্তীকালীন চৰকাৰ ঘোষণা কৰিছে ।"

ৰাষ্ট্ৰসংঘৰ দ্বাৰা তদন্তৰ দাবী :

তেওঁ লগতে কয়, "হিংসাৰ সমাপ্তি, শান্তি প্ৰতিষ্ঠা, পৰিস্থিতি নিয়ন্ত্ৰণ আৰু প্ৰাণহানি প্ৰতিহত কৰাৰ বাবে সকলো পক্ষই এতিয়া একেলগে কাম কৰিব লাগিব ।" তেওঁ লগতে বাংলাদেশক শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক ভৱিষ্যতৰ দিশত পৰিৱৰ্তন হোৱা প্ৰত্যক্ষ কৰিবলৈ ব্ৰিটেইনৰ ইচ্ছা ব্যক্ত কৰে আৰু দুয়োখন ৰাষ্ট্ৰৰ মাজত শক্তিশালী সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

তেওঁ কয়, "ব্ৰিটেইনে বাংলাদেশক শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক ভৱিষ্যত নিশ্চিত কৰাৰ বাবে লোৱা পদক্ষেপ চাব বিচাৰে । ব্ৰিটেইন আৰু বাংলাদেশৰ মাজত জনসাধাৰণৰ মাজত গভীৰ সম্পৰ্ক আছে আৰু কমনৱেলথ মূল্যবোধ আছে ।"

অশান্ত বাংলাদেশ :

বাংলাদেশৰ প্ৰতিবাদত মুখ্যতঃ শিক্ষাৰ্থীসকলে চৰকাৰী নিযুক্তিৰ বাবে এক সংৰক্ষণ প্ৰণালী বন্ধ কৰাৰ দাবী জনাইছিল । প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী হাছিনা আৰু তেওঁৰ শাসনাধিষ্ঠ আৱামী লীগ দলৰ বিৰুদ্ধে বিদ্ৰোহত নামিছে । দেওবাৰে ঢাকাৰ সংঘৰ্ষত প্ৰায় ১৪ গৰাকী আৰক্ষী বিষয়াসহ ৯৫ গৰাকী লোকৰ মৃত্যু হয় আৰু শ শ লোক আহত হয় । ইয়াৰ পিচতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ পত্ৰ প্ৰদান কৰে আৰু দেশ ত্যাগ কৰে ।

প্ৰধানমন্ত্ৰীৰ দেশ ত্যাগৰ পিচতে বাংলাদেশৰ সামৰিক প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে প্ৰতিবাদকাৰীসকলক হিংসা পৰিহাৰ কৰিবলৈ আহ্বান জনায় । সেনা প্ৰধানগৰাকীয়ে এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ কথাও ঘোষণা কৰে ।

লগতে পঢ়ক :বাংলাদেশত হ'ব অন্তৱৰ্তীকালীন চৰকাৰ : ঘোষণা বাংলাদেশৰ সামৰিক মুৰব্বীৰ - Bangladesh protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.