ETV Bharat / international

জ্যেষ্ঠ সাংবাদিক খলিল জিব্ৰানক পাকিস্তানত গুলীয়াই হত্যা - Khalil Jibran passes away - KHALIL JIBRAN PASSES AWAY

Journalist shot dead in Pakistan : পাকিস্তানত সাংবাদিকক গুলীয়াই হত্যা ৷ কেইবাদিনৰে পৰা সাংবাদিকগৰাকীয়ে লাভ কৰি আহিছিল মৃত্যুৰ ভাবুকি ৷ খলিল জিব্ৰান নামৰ সাংবাদিকগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত এনেদৰে ক’লে স্থানীয় আৰক্ষীয়ে ৷ পঢ়ক সবিশেষ খবৰ...

KHALIL JIBRAN PASSES AWAY
খলিল জিব্ৰানক পাকিস্তানত গুলীয়াই হত্যা (Etv Bharat)
author img

By ANI

Published : Jun 19, 2024, 10:37 AM IST

নিউজ ডেস্ক, 19 জুন: পুনৰ সংঘটিত হৈছে গণতন্দ্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কৰা আক্ৰমণৰ ঘটনা ৷ এই ঘটনাত প্ৰাণ হেৰুৱাইছে জ্যেষ্ঠ সাংবাদিক খলিল জিব্ৰানে ৷ পাকিস্তানত সংঘটিত হৈছে এই ঘটনা ৷

পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, খাইবাৰ পাখতুনখোৱাৰ লেণ্ডি কোটাল চহৰত অৱস্থিত বাসগৃহৰ নিচেই সমীপত কোনো অচিনাক্ত দুৰ্বৃত্তই সাংবাদিকগৰাকীক শূন্য দুৰত্বৰ পৰা গুলীয়াই হত্যা কৰে ৷ ঘটনাটো সংঘটিত হোৱাৰ সময়ত জ্যেষ্ঠ সাংবাদিক জিব্ৰানে তেওঁৰ অধিবক্তা বন্ধু চাজ্জাদৰ সৈতে মটৰ চাইকেলত গৈ আছিল ৷ এই কথা সদৰী কৰিছে জিলা আৰক্ষী বিষয়া(ডিপিঅ’) খাইবাৰ চেলিম্বাৰ আব্বাছে ৷

লগতে পঢ়ক: সাংবাদিক পৰাগ ভূঞাৰ হত্যা : নগাঁৱত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

জানিব পৰা মতে, সাংবাদিকগৰাকীৰ মটৰ চাইকেলৰ যান্ত্ৰিক বিজুতি ঘটাৰ সময়তে দুৰ্বৃত্তৰ এটা দলে তেওঁক ঘেৰি ধৰে আৰু তাতে গুলীয়াই হত্যা কৰে ৷ ঘটনাটো সংঘটিত হোৱা এলেকাটো লেণ্ডি কোটাল আৰক্ষী থানাৰ অন্তৰ্গত ৷

দুৰ্বৃত্তৰ এই অতৰ্কিত আক্ৰমণৰ ফলত লেণ্ডি কোটাল প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি জিব্ৰানৰ ঘটনাস্থলীতে মৃত্যু ঘটে ৷ এই ঘটনা সংঘটিত কৰাৰ পাছতে দুৰ্বৃত্তৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ সম্প্ৰতি সাংবাদিকগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লেণ্ডি কোটাল চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

বিগত কিছুদিনৰে পৰা সাংবাদিকগৰাকীয়ে মৃত্যুৰ ভাবুকি লাভ কৰি অহা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷ সমগ্ৰ বিষয়টোত সম্প্ৰতি মুখ্য়মন্ত্ৰীয়ে হস্তক্ষেপ কৰি দোষীক চিনাক্ত কৰিবলৈ আৰক্ষীক তাৎক্ষণিক নিৰ্দেশ দিছে ৷

লগতে পঢ়ক: চিৰাঙৰ ৰাজপথত সাংবাদিকক প্ৰহাৰ কৰি বীৰত্ব প্ৰদৰ্শন আৰক্ষী জোৱানৰ

এই ঘটনাক কেন্দ্ৰ কৰি এছ'চিয়েশ্যন অৱ ইলেক্ট্ৰনিক মিডিয়া এডিটৰছ এণ্ড নিউজ ডাইৰেক্টৰছে (এ ই এম ই এন ডি) য়ে সমগ্ৰ দেশতে সাংবাদিক নিগ্ৰহ, অপহৰণ আৰু মৃত্য়ুৰ ভাবুকিৰ দৰে ঘটনা বৃদ্ধি পোৱাৰ ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰি এক বিবৃতিযোগে গৰিহণা দিয়ে ৷ লগতে আৰক্ষী আৰু প্ৰশাসনৰ ব্যৰ্থ ভূমিকাক কঠোৰ সমালোচনা কৰে ৷

উল্লেখ্য যে, বিগত মে’ মাহত মিৰপুৰৰ মাথেলোৰ পৰা ১২ কিল’মিটাৰ দূৰত থকা কোৰাই গোঠৰ ওচৰত অচিনাক্ত মটৰ চাইকেল আৰোহীৰ দ্বাৰা আক্ৰমণৰ বলি হৈছিল নছৰুল্লাহ গাদানী নামৰ এগৰাকী সাংবাদিক ৷ এই ঘটনাত সাংবাদিকগৰাকী গুৰুতৰভাৱে আহত হয় ৷ প্ৰাথমিক চিকিৎসাৰ অন্তত পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে সাংবাদিকগৰাকীক এয়াৰ এম্বুলেন্সৰ জৰিয়তে কৰাচীলৈ নিয়া হৈছিল ৷ পিছে এই ঘটনা সংঘটিত হোৱাৰ তিনিদিনৰ দিনা সাংবাদিকগৰাকীয়ে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি লয় ৷

লগতে পঢ়ক: যোৰহাটত দণ্ডাধীশৰ নিৰ্দেশত আক্ৰমণ কৰ্মৰত সাংবাদিকক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.