ETV Bharat / international

ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত ইউক্ৰেইনত নিহত ৰয়টাৰৰ সদস্য - REUTERS JOURNALIST KILLED

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 11:33 AM IST

Reuters team member killed: ইউক্ৰেইনৰ ক্ৰামাটৰ্স্ক চহৰৰ এখন হোটেলত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই আঘাত কৰাৰ ফলত ৰয়টাৰৰ এজন ব্ৰিটিছ নিৰাপত্তা উপদেষ্টা নিহত হয় ৷ সংবাদ সংস্থা ৰয়টাৰে নিশ্চিত কৰিছে এই কথা ।

Etv BharatReuters team member killed
ৰয়টাৰৰ সুৰক্ষা উপদেষ্টা ৰিয়ান ইভান্স (বাওঁফালে); ইউক্ৰেইনৰ ডনেস্ক অঞ্চলৰ ক্ৰামাটৰ্স্কৰ চেফায়াৰ হোটেলত ৰাছিয়াই আক্ৰমণ চলোৱাৰ পিছত ধ্বংসাৱশেষ (AP)

ইন্টাৰনেশ্যনেল ডেস্ক, ২৬ আগষ্ট: ৰাছিয়াৰ কুৰ্স্ক অঞ্চলত কিয়েভে অধিক অগ্ৰগতি লাভ কৰাৰ দাবী কৰাৰ সময়তে দেওবাৰে বিশ্ব সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি ৰয়টাৰৰ বাবে কাম কৰা এজন ব্ৰিটিছ সুৰক্ষা উপদেষ্টা পূব ইউক্ৰেইনৰ এখন হোটেলত ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত হয় ।

৩৮ বছৰীয়া ৰিয়ান ইভান্সে ইউক্ৰেইনৰ পূব ডনেস্ক অঞ্চলত সহকৰ্মীসকলৰ সৈতে হোটেল চেফায়াৰত বাহৰ পাতি আছিল ৷ শনিবাৰে নিশা ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই হোটেলখনত আঘাত হানে । ইফালে ইউক্ৰেইনে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ আক্ৰমণৰ বাবে ৰাছিয়াক নিজৰ ভূখণ্ড লঞ্চপেড হিচাপে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া চুবুৰীয়া ৰাষ্ট্ৰ মস্কোৰ মিত্ৰ দেশ বেলাৰুছক সীমান্তত সৈন্যক ‘কেন্দ্ৰীভূত’ কৰাৰ অভিযোগ উত্থাপন কৰি ‘অবন্ধুত্বপূৰ্ণ’ কাৰ্য বন্ধ কৰিবলৈ সকীয়াই দিয়ে ।

ডেৰ-দুবছৰীয়া যুদ্ধৰ আন এক ৰক্তাক্ত দিনত সমগ্ৰ ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণত কমেও ১৮ জন নাগৰিকৰ মৃত্যু হোৱাৰ বিপৰীতে ৰাছিয়াৰ বিষয়াসকলে কয় যে ৰাছিয়াৰ সীমান্ত অঞ্চলত ইউক্ৰেইনৰ আক্ৰমণত ৬ জন নাগৰিকো নিহত হৈছে ।

লগতে পঢ়ক: ৰাছিয়া আক্ৰমণৰ ক্ষেত্ৰত সামৰিক শক্তিক প্ৰশংসা ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিৰ - Russia Ukraine war

ৰয়টাৰৰ ছয়জনীয়া ক্ৰুৱে ক্ৰমাটৰ্স্ক চহৰৰ হোটেল চেফায়াৰত বাহৰ পাতি থকা কথা ব্যক্ত কৰি ৰয়টাৰে নিৰাপত্তা উপদেষ্টাক হেৰুৱাই“গভীৰ দুখী” বুলি উল্লেখ কৰে ৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে এই আক্ৰমণক ধিক্কাৰ দিয়ে । ২০২২ চনত ইউক্ৰেইন আক্ৰমণৰ পিছত ৰাছিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই সকলোবোৰৰ বাবে বিশ্বই সন্ত্ৰাসবাদী ৰাষ্ট্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰাটো বন্ধ কৰিব নালাগে ।

ৰয়টাৰে কয় যে এই আক্ৰমণৰ ফলত তেওঁলোকৰ দুজন সাংবাদিক চিকিৎসালয়ত ভৰ্তি হৈ আছে, এজন গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে আন তিনিজন বৰ্তমান নিৰাপদ । ইউক্ৰেইনৰ অভিযুক্তসকলে জনোৱা মতে, শনিবাৰে নিশা ১০:৩৫ বজাত (১৯৩৫ GMT) ৰাছিয়াৰ ইস্কাণ্ডাৰ ক্ষেপণাস্ত্ৰই হোটেলখনত আঘাত কৰে আৰু এই আক্ৰমণৰ ফলত কাষৰ অট্টালিকাটোৰো ক্ষতিসাধন হয় ।

ডনেটস্ক অঞ্চলত ইউক্ৰেইনৰ নিয়ন্ত্ৰণত থকা শেষৰখন ডাঙৰ চহৰখন ক্ৰামাটৰ্স্কত প্ৰায়ে সাহায্য কৰ্মী আৰু বিদেশী সাংবাদিকসকলৰ বাবে ঘাটি হিচাপে ব্যৱহাৰ কৰা হয় । ৰয়টাৰে কয় যে নিহত উপদেষ্টাজনে "বিশ্বৰ বিভিন্ন অনুষ্ঠানৰ বাতৰি পৰিৱেশন কৰাৰ সময়ত আমাৰ বহু সাংবাদিকক সুৰক্ষিত ৰখাত সহায় কৰিছিল । তেওঁ আছিল এজন প্ৰিয় সহকৰ্মী আৰু বন্ধু আৰু আমি তেওঁক মনত ৰাখিম ।"

লগতে পঢ়ক: ভাৰত-ৰাছিয়াৰ সম্পৰ্কই ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাবলৈ ৰাষ্ট্ৰপতি পুটিনক আহ্বান জনোৱাৰ ক্ষমতা প্ৰদান কৰিছে: ইউ এছ - India Russia ties

কুৰ্স্কেত অগ্ৰগতি লাভৰ দাবী ইউক্ৰেইনৰ

ইফালে কিয়েভে ৰাছিয়াৰ কুৰ্স্ক অঞ্চলত অধিক অগ্ৰগতি লাভ কৰাৰ দাবী কৰে, য’ত ৬ আগষ্টত পাল্টা আক্ৰমণ আৰম্ভ কৰে । জেলেনস্কিয়ে দাবী কৰে যে ইউক্ৰেইনে কুৰ্স্কত আচৰিত ধৰণে আক্ৰমণৰ ফলত সৰু সৰু অগ্ৰগতি লাভ কৰিছে আৰু দুটা ৰাছিয়ান বসতিৰ নিয়ন্ত্ৰণ হৈছে । ৰাছিয়াক অফ-গাৰ্ড ধৰি কিয়েভৰ আগ্ৰাসনে মস্কোক জোকাৰি গৈছে আৰু ১ লাখ ৩০ হাজাৰতকৈ অধিক লোকক স্থানচ্যুত কৰি ৰাছিয়াক বিমোৰত পেলাইছে যদিও ইয়াৰ ফলত পূব ইউক্ৰেইনত ৰাছিয়াৰ সৈন্যৰ অগ্ৰগতি লেহেমীয়া হোৱা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.