ETV Bharat / international

ৰবি শংকৰক ইউক্ৰেইনত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি - Indian Ambassador to Ukraine

author img

By ANI

Published : May 31, 2024, 11:20 AM IST

Indian Ambassador to Ukraine: ভাৰতীয় বৈদেশিক সেৱাৰ (আইএফএছ) এজন অভিজ্ঞ বিষয়া ৰবি শংকৰক ইউক্ৰেইনত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি । বৃহস্পতিবাৰে এক বিবৃতিযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ঘোষণা কৰে এই কথা ।

Ravi Shankar appointed as the next Indian Ambassador to Ukraine
ৰবি শংকৰক ইউক্ৰেইনত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি (Google)

নেশ্যনেল ডেস্ক, ৩১ মে': ইউক্ৰেইনত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয় বৈদেশিক সেৱাৰ (আই এফ এছ) অভিজ্ঞ বিষয়া ৰবি শংকৰক । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৃহস্পতিবাৰে এক বিবৃতিযোগে প্ৰকাশ কৰে এই কথা । বিবৃতিত মন্ত্ৰালয়ে কয় যে, ৰবি শংকৰে শীঘ্ৰে এই দায়িত্ব গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । বৰ্তমান দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৰবি শংকৰে ৷

লগতে বিবৃতিটোত কয়, ইউক্ৰেইনৰ সৈতে ভাৰতৰ এক দ্বি-পাক্ষিক সম্পৰ্ক আছে । ইউক্ৰেইনক স্বীকৃতি দিয়া ভাৰত অন্যান্য দেশসমূহৰ ভিতৰত অন্যতম । ভাৰত চৰকাৰে ১৯৯১ চনৰ ডিচেম্বৰত ইউক্ৰেইন গণৰাজ্যক এক সাৰ্বভৌম দেশ হিচাপে স্বীকৃতি দিয়াৰ পিছত ১৯৯২ চনৰ জানুৱাৰীত কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছিল ।

ভাৰত হৈছে এছিয়া-প্ৰশান্ত মহাসাগৰত ইউক্ৰেইনৰ সৰ্ববৃহৎ ৰপ্তানিৰ গন্তব্য স্থান আৰু পঞ্চম সৰ্ববৃহৎ সামগ্ৰিক ৰপ্তানিৰ গন্তব্যস্থান ৷ গুৰুত্বপূৰ্ণ ইউক্ৰেইন শান্তি সন্মিলনৰ পূৰ্বে ভাৰতে ৰবি শংকৰক কিয়েভৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছিল ।

উল্লেখ্য যে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ সময়ত ইউক্ৰেইনৰ সৈতে ভাৰতৰ সম্পৰ্ক চৰ্চিত হৈছিল । য'ত নতুন দিল্লীয়ে ৰাছিয়াৰ সৈতে ভাল সম্পৰ্ক থকাৰ মাজতে এই ক্ষেত্ৰত ভাৰতৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছিল । ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত সম্পৰ্কও আছে, যাক তেওঁ প্ৰায়ে "ভাৰত-ৰাছিয়াৰ বন্ধুত্ব" বুলি কয় ।

ইয়াৰ পূৰ্বে মাৰ্চ মাহত ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবাই নতুন দিল্লী ভ্ৰমণ কৰাৰ সময়ত তেওঁ ভাৰত আৰু ইউক্ৰেইনক "দুখন ডাঙৰ বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰ" বুলি অভিহিত কৰে । ড৹ এছ জয়শংকৰৰ সৈতে হোৱা এখনৰ পাছত আনখন বৈঠকৰ পিছত, তেওঁ দৃঢ়তাৰে উত্থাপন কৰিছিল যে ইউক্ৰেইনে শান্তি সন্মিলনত নতুন দিল্লীক নিজৰ ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছে । ইটালীয়ে ১৩-১৫ জুনৰ ভিতৰত জি-৭ সন্মিলনৰ আয়োজন কৰিছে ৷ আনহাতে ইউক্ৰেইন শান্তি সন্মিলন ১৫-১৬ জুনলৈ ছুইজাৰলেণ্ডত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: কন্যাকুমাৰীত ধ্যানমগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী - PM Modi Begins Dhyan

অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধিৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ - Delhi Liquor Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.