ETV Bharat / international

হিন্দু বাংলাদেশীক কৰা আক্ৰমণৰ বিৰুদ্ধে লণ্ডনৰ সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ - BANGLADESH VIOLENCE

author img

By ANI

Published : Aug 11, 2024, 8:05 AM IST

Protest in UK for Hindus in Bangladesh: বাংলাদেশৰ শেহতীয়া পৰিস্থিতিয়ে বিশ্বজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া ৷ দেশখনত হোৱা হিংসাত্মক আন্দোলনত ইতিমধ্যে শ শ লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহু হিন্দু লোক নিৰ্যাতনৰ সন্মুখীন হৈছে বুলি একাংশ দল-সংগঠনে অভিযোগ তুলিছে ৷ এই কাৰ্যৰ প্ৰতিবাদ জনাই লণ্ডনত গ্ৰহণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ৷

Protest outside UK Parliament condemns violence against Hindus in Bangladesh
লণ্ডনৰ সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, 11 আগষ্ট: বাংলাদেশত আৰম্ভ হোৱা গণ অভ্যুত্থানৰ সন্মুখীন হৈ চলিত সপ্তাহৰ আৰম্ভণিতে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ লগতে আৰু দেশ এৰি পলায়ন কৰে ৷

ইয়াৰ পিছতে বাংলাদেশত সংখ্যালঘু হিন্দু আৰু অন্যান্য গোটৰ বিৰুদ্ধে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ এই নিৰ্যাতনৰ প্ৰতিবাদ জনাই শনিবাৰে লণ্ডনৰ সংসদ সদনৰ বাহিৰত এক বৃহৎ জনসমাগম হয় ।

প্ৰতিবাদকাৰীসকলে বাংলাদেশৰ পতাকা হাতত লৈ ‘বাংলাদেশত আমাৰ মন্দিৰসমূহ সুৰক্ষিত কৰক’, ‘হিন্দুৰ জীৱন গুৰুত্বপূৰ্ণ’, ‘আমি ন্যায় বিচাৰো’ আদি শ্লোগান থকা পোষ্টাৰসমূহ হাতত লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীসকলে শান্তি আৰু সমতাৰ দাবী তোলে । এই বিক্ষোভত বিভিন্ন মানৱ অধিকাৰ সংগঠনৰ কৰ্মী, বাংলাদেশী প্ৰব্ৰজনকাৰীৰ সদস্য, ভাৰতীয়-আমেৰিকান হিন্দু আদি বিভিন্ন ব্যক্তি-সংগঠনে বাংলাদেশৰ হিন্দু সম্প্ৰদায়ৰ প্ৰতি সংহতি প্ৰদৰ্শন কৰিছিল ।

বাংলাদেশৰ পৰা অহা এগৰাকী প্ৰতিবাদকাৰী উনাদীয়ে বাংলাদেশী হিন্দুসকলৰ অসহায় অৱস্থাত উদ্বেগ প্ৰকাশ কৰি কয় যে, সংখ্যাগৰিষ্ঠ জনসংখ্যাই হিন্দুসকলক অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ ভাবুকি প্ৰদান কৰিছে ।

উনাদীয়ে লগতে কয়, "আমাৰ দেশখন 1971 চনত স্বাধীন হৈছিল যাতে সকলো সম্প্ৰদায়ে শান্তিপূৰ্ণভাৱে জীয়াই থাকিব পাৰে । কিন্তু এতিয়া, আমি সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ দ্বাৰা সংঘটিত অত্যাচাৰত ভুগিছো ।"

তেওঁ বাংলাদেশৰ পৰিস্থিতিক আন দেশৰ সৈতে তুলনা কৰি উল্লেখ কৰে যে বিশ্বৰ চৰকাৰে নিজৰ সংখ্যালঘুসকলক সুৰক্ষা দিলেও বাংলাদেশত ইয়াৰ বিপৰীত, বহুতে দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হয় ।

তেওঁ লগতে কয়, "ৰাইজৰ মানসিকতা সলনি হ'ব লাগিব যাতে আমি শান্তিপূৰ্ণভাৱে জীয়াই থাকিব পাৰো । এই আধুনিক সময়ত সকলো সম্প্ৰদায়ে শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰিবলৈ শিকিব লাগিব । আমি সকলোৱে সমান ।"

বৃটেইনৰ বঙালী-খ্ৰীষ্টিয়ান এছ’চিয়েশ্যনৰ এজন প্ৰতিবাদকাৰীয়ে সকলো সম্প্ৰদায়ৰ প্ৰতি সম ব্যৱহাৰৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰি কয়, "মই অন্তৱৰ্তীকালীন চৰকাৰখনক সংবিধান সংশোধন কৰিবলৈ দাবী জনাইছো ৷ কিয়নো বৰ্তমান ইয়াত বাংলাদেশ এখন মুছলমান দেশ বুলি উল্লেখ আছে । অৱশ্যে সকলো সম্প্ৰদায়ে বাংলাদেশৰ স্বাধীনতাৰ বাবে যুঁজিছিল, গতিকে দেশখন সকলোৰে ।"

আন এজন প্ৰতিবাদকাৰীয়ে কয়, "সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ দ্বাৰা চলি থকা অত্যাচাৰৰ বাবে বাংলাদেশী সংখ্যালঘুসকল পলায়ন কৰিবলৈ বাধ্য হৈছে । আমি ইয়াত গোট খাইছো কাৰণ, যোৱা পাঁচ-ছয় দিন ধৰি বাংলাদেশৰ মানুহে অত্যাচাৰ কৰি আমাৰ ঘৰ জ্বলাই আহিছে । তেওঁলোকে আমাৰ পৰা আমাৰ দেশ কাঢ়ি নিব নোৱাৰে, আৰু আমাক বিতাড়িত কৰিব নোৱাৰে । আমি আমাৰ দেশত নিৰাপদে আৰু শান্তিৰে জীয়াই থাকিব বিচাৰো । সংখ্যালঘুৰ বিৰুদ্ধে হোৱা হিংসা বন্ধ হ’ব লাগিব ।"

আন এজন প্ৰতিবাদকাৰীয়ে মাত্ৰ কেইদিনমান পূৰ্বে বাংলাদেশৰ তেওঁৰ ঘৰত লুটপাত কৰি অগ্নিসংযোগ কৰা হৈছিল বুলি জনায় ।

লগতে পঢ়ক: বাংলাদেশৰ সংকট : ভাৰতে চুবুৰীয়া প্ৰথম নীতিক পুনৰ বিবেচনা কৰিব নেকি ? - Bangladesh Chaos

হাছিনা যুগৰ অৱসান ভাৰতীয় সুৰক্ষা গতিশীলতাৰ বাবে এক অস্বস্তিকৰ ঘটনা - Bangladesh Political Crisis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.