ETV Bharat / international

আমেৰিকান গণতন্ত্ৰ ৰক্ষাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে নতুন প্ৰজন্মক বাট এৰি দিয়া: বাইডেন - US President Election

Joe Biden Oval Office Address: আগবাঢ়ি যোৱাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে পথ প্ৰদৰ্শনৰ দায়িত্ব নতুন প্ৰজন্মক অৰ্পণ কৰা । আমাৰ ৰাষ্ট্ৰক একত্ৰিত কৰাৰ এইটোৱেই সৰ্বশ্ৰেষ্ঠ উপায় । এয়া সময় হৈছে যুৱ কণ্ঠস্বৰক স্থান দিয়াৰ । বাইডেনে কয় ।

author img

By ANI

Published : Jul 25, 2024, 8:31 AM IST

Joe Biden Oval Office Address
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন (ANI Photo)

নিউজ ডেস্ক, ২৫ জুলাই : আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে তেওঁ নতুন প্ৰজন্মলৈ দিকদৰ্শনৰ দায়িত্বভাৰ অৰ্পণৰ সিদ্ধান্ত লৈছে । লগতে কয় যে তেওঁৰ প্ৰচাৰৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত এক গণতন্ত্ৰৰ বিষয় ।

২০২৪ চনৰ নিৰ্বাচনী দৌৰৰ পৰা নিজকে প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰাৰ পিচত আৰু দেশৰ ৰাষ্ট্ৰপতি হিচাপে ডেম'ক্ৰেটিক পাৰ্টীৰ মনোনীত প্ৰাৰ্থী হিচাপে কমলা হেৰিছক সমৰ্থন জনোৱাৰ পিচত প্ৰথমবাৰৰ বাবে অ'ভাল কাৰ্যালয়ৰ পৰা দেশবাসীক সম্বোধন কৰি বাইডেনে কয়, "আমাৰ ৰাষ্ট্ৰখনক একত্ৰিত কৰাৰ এইটোৱেই সৰ্বশ্ৰেষ্ঠ উপায় ।"

"মই সিদ্ধান্ত লৈছোঁ যে আগবাঢ়ি যোৱাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে পথ প্ৰদৰ্শনৰ দায়িত্ব নতুন প্ৰজন্মক অৰ্পণ কৰা । আমাৰ ৰাষ্ট্ৰক একত্ৰিত কৰাৰ এইটোৱেই সৰ্বশ্ৰেষ্ঠ উপায় । আপুনি জানে, ৰাজহুৱা জীৱনত সুদীৰ্ঘ বছৰৰ অভিজ্ঞতাৰ বাবে এটা সময় আৰু স্থান আছে । নতুন কণ্ঠস্বৰ, সতেজ কণ্ঠস্বৰ... হয়, যুৱ কণ্ঠস্বৰৰ বাবেও এক সময় আৰু স্থান আছে আৰু সেই সময় আৰু স্থান হৈছে বৰ্তমান ।" তেওঁ কয় ।

উল্লেখ্য যে অ'ভাল কাৰ্যালয়ৰ এই সম্বোধনে ৰাষ্ট্ৰপতিসকলৰ বাবে ঐতিহাসিকভাৱে গুৰুত্ব বহন কৰি আহিছে । কিয়নো ৰাষ্ট্ৰীয় সংকটৰ সময়ত আমেৰিকান জনসাধাৰণক সম্বোধন কৰিবলৈ বা গুৰুত্বপূৰ্ণ নীতি ঘোষণা কৰাৰ বাবে ৰাষ্ট্ৰপতিসকলে এই স্থান ব্যৱহাৰ কৰি আহিছে ।

ক'ভিড নেগেটিভ হোৱাৰ পিচত হোৱাইট হাউছলৈ উভতি অহা বাইডেনে তেওঁৰ প্ৰচাৰৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰি কয় যে তেওঁ ২০২৪ চনৰ নিৰ্বাচনক 'আগবাঢ়ি যোৱা আৰু পিছলৈ যোৱাৰ মাজত, আশা আৰু ঘৃণাৰ মাজত' আৰু গণতন্ত্ৰৰ বিষয় হিচাপে তেওঁৰ সিদ্ধান্ত গ্ৰহণ হিচাপে ব্যাখ্যা কৰিব বিচাৰে ।

"মোৰ সহযোগী আমেৰিকানসকল, ৫০ বছৰৰো অধিক সময় ধৰি এই দেশৰ সেৱা কৰাটো মোৰ জীৱনৰ সৌভাগ্য । বিশ্বৰ আন ক'তো নহয়, পেনচিলভেনিয়াৰ স্ক্ৰেণ্টন আৰু ডেলাৱেৰৰ ক্লেমণ্টত সাধাৰণ আৰম্ভণিৰ পৰা আগবাঢ়ি অহা এটি শিশুৱে এদিন আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে অ'ভাল অফিচৰ ৰিজলুট ডেস্কৰ পিছফালে বহিল ।" আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয় ।

বাইডেনে থমাছ জেফাৰচন, আব্ৰাহাম লিংকন আৰু ফ্ৰেংকলিন ৰুজভেল্টকে ধৰি অসাধাৰণ আমেৰিকান ৰাষ্ট্ৰপতিসকলকো স্মৰণ কৰে । "এই পৱিত্ৰ স্থানত, মোক অসাধাৰণ আমেৰিকান ৰাষ্ট্ৰপতিসকলৰ প্ৰতিকৃতিৰে আৱৰি আছে । থমাছ জেফাৰচনে এই ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰা অমৰ শব্দবোৰ লিখিছিল । জৰ্জ ৱাশ্বিংটনে আমাক দেখুৱাইছিল যে ৰাষ্ট্ৰপতিসকল ৰজা নহয় । আব্ৰাহাম লিংকন, যিয়ে আমাক বিদ্বেষ প্ৰত্যাখ্যান কৰিবলৈ অনুৰোধ কৰিছিল আৰু ফ্ৰেংকলিন ৰুজভেল্টে আমাক ভয় প্ৰত্যাখ্যান কৰিবলৈ অনুপ্ৰাণিত কৰিছিল । মই এই কাৰ্যালয়ক সন্মান কৰোঁ, কিন্তু মই মোৰ দেশক অধিক ভালপাওঁ ।" বাইডেনে কয় ।

আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে লগতে কয় যে গণতন্ত্ৰৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত, যেতিয়া বিপদত আছে, যিকোনো পদবীতকৈ ই অধিক গুৰুত্বপূৰ্ণ । "আপোনালোকৰ ৰাষ্ট্ৰপতি হিচাপে সেৱা আগবঢ়োৱাটো মোৰ জীৱনৰ সন্মান । কিন্তু গণতন্ত্ৰৰ প্ৰতিৰক্ষাত, যিটো বিপদত আছে আৰু যিকোনো পদবীতকৈ অধিক গুৰুত্বপূৰ্ণ । মই শক্তি আহৰণ কৰোঁ আৰু আমেৰিকান লোকসকলৰ বাবে কাম কৰি মই আনন্দ পাওঁ ।" তেওঁ কয় ।

লগতে পঢ়ক :জো বাইডেনৰ দৰেই এটি কৌতুক কমলা হেৰিছ: ড’নাল্ড ট্ৰাম্প - US presidential election 2024
লগতে পঢ়ক :নিৰ্বাচনী দৌৰৰ পৰা আঁতৰিল বাইডেন: বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়া বিভিন্ন শীৰ্ষ নেতাৰ - US presidential election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.