ETV Bharat / international

অষ্ট্ৰিয়াত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি; ৰাজনৈতিক আৰু অৰ্থনৈতিক আলোচনাৰ পোষকতা কাৰ্ল নেহামাৰৰ - Modi visit to Austria

author img

By ANI

Published : Jul 10, 2024, 8:16 AM IST

PM Modi in Austria: সুদীৰ্ঘ 41 বছৰৰ পাচত অষ্ট্ৰিয়াত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ চেঞ্চেলৰ কাৰ্ল নেহামাৰে আয়োজন কৰা নৈশ ভোজ অনুষ্ঠানত যোগদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ভাৰতীয় মূলৰ প্ৰৱাসীসকলৰ মাজত বৃদ্ধি উৎসাহ-উদ্দীপনা ৷ Xযোগে নিজৰ অনুভৱ ব্যক্ত কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

PM Modi joins Austrian Chancellor for dinner in Vienna
অষ্ট্ৰিয়াৰ চ্যান্সেলৰৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, 10 জুলাই: এদিনীয়া ভ্ৰমণসূচীৰে অষ্ট্ৰিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহামাৰে আয়োজন কৰা নৈশ ভোজন অনুষ্ঠানত যোগদান কৰে, য’ত মোদীক ভাৰতীয় মূলৰ সদস্যসকলে আদৰণি জনায় । বুধবাৰে অষ্ট্ৰিয়াত অৱতৰণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ অষ্ট্ৰিয়াত থকা ভাৰতৰ ৰাষ্ট্ৰদূত শম্ভু কুমাৰণ আৰু অষ্ট্ৰিয়াৰ বৈদেশিক মন্ত্ৰী আলেকজেণ্ডাৰ শ্বেলেনবাৰ্গে আদৰণি জনায় ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক ।

অষ্ট্ৰিয়াৰ বৈদেশিক মন্ত্ৰী আলেকজেণ্ডাৰ শ্বেলেনবাৰ্গে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনাই X যোগে কয় "ভাৰতীয় প্ৰধানমন্ত্ৰী @narendramodi ক ঐতিহাসিক অষ্ট্ৰিয়া ভ্ৰমণলৈ উষ্ম আদৰণি জনাইছো । দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কই 75 বছৰ সম্পূৰ্ণ কৰিলে ৷ দুয়োখন দেশৰ মাজত অংশীদাৰিত্ব বিশ্বৰ নিৰাপত্তা, স্থিতিশীলতা আৰু সমৃদ্ধিৰ প্ৰতি যৌথ প্ৰতিশ্ৰুতিৰ ভিত্তিত গঢ় লৈ উঠিছে ।"

ইয়াৰ পিচতে অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহামাৰেও প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই ভাৰতক বন্ধু আৰু অংশীদাৰ আখ্যা দি কয় যে তেওঁ এই ভ্ৰমণৰ সময়ত ৰাজনীতি আৰু অৰ্থনীতিৰ বিষয়ে আলোচনা কৰিবলৈ আগ্ৰহী ।

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ছেল্ফী শ্বেয়াৰ কৰি কাৰ্ল নেহামাৰে এটা পোষ্টত লিখিছে, "ভিয়েনালৈ আপোনাক স্বাগতম, পিএম @narendramodi ! আপোনাক অষ্ট্ৰিয়ালৈ আদৰণি জনোৱাটো এক আনন্দ আৰু সন্মানৰ কথা । অষ্ট্ৰিয়া আৰু ভাৰত বন্ধু আৰু অংশীদাৰ ৰাষ্ট্ৰ । আপোনাৰ ভ্ৰমণৰ সময়ত আমাৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক আলোচনাৰ বাবে মই আগ্ৰহী !"

নেহামাৰৰ উষ্ম আদৰণিৰ প্ৰতিক্ৰিয়াস্বৰূপে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক ধন্যবাদ জনাই কয় যে ভাৰত আৰু অষ্ট্ৰিয়াই একেলগে কাম কৰি যাব ।

X ত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁ আৰু নেহামাৰৰ কিছু ভাল সময়ৰ ছবি শ্বেয়াৰ কৰি কয়, "ধন্যবাদ, চেঞ্চেলৰ @karlnehammer, উষ্ম আদৰণিৰ বাবে । মই কাইলৈ আমাৰ আলোচনাৰ বাবে আগ্ৰহী । দুয়োখন দেশে অনাগত দিনত একেলগে কাম কৰি যাব... ।"

উল্লেখযোগ্য যে, 41 বছৰৰ পাচত ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে অষ্ট্ৰিয়া ভ্ৰমণ কৰিছে । 1983 চনত ইন্দিৰা গান্ধীয়ে দেশখন ভ্ৰমণ কৰা শেষৰগৰাকী প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছিল ।

লগতে পঢ়ক: মোদী-পুটিনৰ আলিংগনত অসন্তুষ্ট ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি - PM Modi Russia Visit

মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰিউ দ্য এপ’ষ্টল প্ৰদান - PM Modi Russia Visit

ৰাছিয়া আৰু অষ্ট্ৰিয়া অভিমুখে ৰাওনা প্ৰধানমন্ত্ৰী মোদী - PM Modi Russia visit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.