নিউজ ডেস্ক, 8 আগষ্ট: নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে বৃহস্পতিবাৰে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত গ্ৰহণ কৰে । ইউনুছৰ বাবে এতিয়া মূল কাম হৈছে বাংলাদেশত শান্তি প্ৰতিষ্ঠা কৰা আৰু কেইবা সপ্তাহ ধৰি চলি থকা হিংসাত্মক পৰিস্থিতিৰ পিচত নতুন নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱা ৷ বাংলাদেশত ছাত্ৰ কৰ্মীসকলে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ স্বৈৰাচাৰী বুলি গণ্য কৰা ক্ৰমাগত ১৫ বছৰীয়া শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল, যি বিদ্ৰোহৰ জুই এতিয়াও নিৰ্বাপিত হোৱা নাই ।
বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে ঢাকাত ৰাষ্ট্ৰপতি ভৱনত বিদেশী কূটনীতিবিদ, নাগৰিক সমাজৰ সদস্য, শীৰ্ষ ব্যৱসায়ী আৰু পূৰ্বৰ বিৰোধী দলৰ সদস্যৰ উপস্থিতিত ইউনুছক প্ৰধানমন্ত্ৰীৰ সমতুল্য মুখ্য উপদেষ্টাৰ ভূমিকাৰ বাবে শপতবাক্য পাঠ কৰোৱায় ।
হাছিনাৰ দলৰ কোনো প্ৰতিনিধি উপস্থিত নাছিল এই অনুষ্ঠানত । মূলতঃ নাগৰিক সমাজৰ পৰা নিৰ্বাচিত আৰু প্ৰতিবাদী ছাত্ৰ নেতা দুজনকে ধৰি আন ষোল্লজন লোকক অন্তৱৰ্তীকালীন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে । এই সপ্তাহত ছাত্ৰ নেতা, নাগৰিক সমাজৰ প্ৰতিনিধি আৰু সামৰিক বাহিনীৰ মাজত আলোচনাৰ অন্তত অন্তৱৰ্তীকালীন কেবিনেটৰ নেতা হিচাপে ইউনুছক নিৰ্বাচিত কৰা হয় ।
জুলাই মাহত চৰকাৰী চাকৰিৰ বাবে কোটা ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদৰ জৰিয়তে আৰম্ভ হোৱা বিদ্ৰোহে কেইবাটাও ভয়ংকৰ সপ্তাহ অতিক্ৰম পিছত সোমবাৰে হাছিনাই দেশ এৰি পলায়ন কৰে ৷ সমালোচকসকলে কোটাৰ ব্যৱস্থাটো হাছিনাৰ দলৰ সৈতে সম্পৰ্ক থকা লোকসকলৰ বাবে অনুকূল বুলি কয় । কিন্তু এই বিক্ষোভ অতি সোনকালেই হাছিনাৰ ১৫ বছৰীয়া শাসনৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানলৈ পৰিণত হয়, কাৰণ হিংসাত্মক পৰিস্থিতিৰ মাজত ছাত্ৰ-ছাত্ৰীকে ধৰি ৩০০ৰো অধিক লোকৰ মৃত্যু হয় ।
ক্ষুদ্ৰ ঋণৰ বজাৰ বিকাশৰ কামৰ বাবে ২০০৬ চনৰ নোবেল বঁটা লাভ কৰা ইউনুছে ২০২৪ চনৰ অলিম্পিকৰ বাবে ফ্ৰান্সৰ ৰাজধানীত আছিল, যেতিয়া তেওঁক অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিয়াৰ বাবে নিৰ্বাচিত কৰা হৈছিল ৷ ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ঢাকাৰ বিমানবন্দৰত কটকটীয়া নিৰাপত্তাৰ মাজেৰে তেওঁ ঘৰলৈ উভতি আহে । আগমনৰ পিচতে প্ৰথম মন্তব্য হিচাপে তেওঁ কয় যে তেওঁৰ অগ্ৰাধিকাৰ হ’ব আইন-শৃংখলা পুনৰুদ্ধাৰ কৰা । ‘‘বাংলাদেশ এটা পৰিয়াল । আমি ইয়াক একত্ৰিত কৰিব লাগিব । ইয়াৰ অপৰিসীম সম্ভাৱনা আছে ।” ছাত্ৰ নেতাসকলৰ কাষত ইউনুছে কয় ।
বুধবাৰে পেৰিছত ইউনুছে শান্তি আৰু সকলো দলীয় হিংসাৰ অন্ত পেলোৱাৰ বাবে আহ্বান জনাইছিল । মাতৃৰ উপদেষ্টা হিচাপে কাম কৰা হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদ জয়ে বুধবাৰে প্ৰতিজ্ঞা কৰিছিল যে তেওঁৰ পৰিয়াল আৰু আৱামি লীগ দল বাংলাদেশৰ ৰাজনীতিত জড়িত হৈ থাকিব ৷ হাছিনাই সোমবাৰে দেশ এৰি ভাৰতলৈ পলায়ন কৰে । মঙলবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে সংসদ ভংগ কৰি অন্তৱৰ্তীকালীন প্ৰশাসনৰ পথ মুকলি কৰি দিছিল ।
বুধবাৰে ঢাকাৰ এখন ন্যায়াধিকৰণে ইউনুছক তেওঁ প্ৰতিষ্ঠা কৰা টেলিকমিউনিকেচন কোম্পানী এটাৰ সৈতে জড়িত শ্ৰম আইন উলংঘাৰ গোচৰত দোষমুক্ত কৰে, য’ত তেওঁক দোষী সাব্যস্ত কৰি ছমাহৰ কাৰাদণ্ড বিহা হয় । এই গোচৰত তেওঁক জামিনত মুকলি কৰি দিয়া হৈছিল ।
গাঁৱৰ দৰিদ্ৰ, মূলতঃ মহিলাৰ পৰা ঋণ পৰিশোধ কৰিবলৈ বল প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈ আছিল ইউনুছৰ বিৰুদ্ধে ৷ হাছিনাৰ দীৰ্ঘদিনীয়া বিৰোধী ইউনুছে এই অভিযোগ অস্বীকাৰ কৰিছে । সোমবাৰেও হাছিনাই পদত্যাগ কৰাৰ পিচতো বাংলাদেশৰ ৰাজপথত বিশৃংখলতা অব্যাহত থাকে ।
কেইবা ডজন আৰক্ষী বিষয়া নিহত হোৱাৰ ফলত সমগ্ৰ দেশতে আৰক্ষীয়ে কাম বন্ধ কৰি দিয়ে । তেওঁলোকৰ সুৰক্ষা নিশ্চিত নহ’লে দায়িত্বলৈ ঘূৰি নাহে বুলি ভাবুকি দিয়ে । স্থানীয় সংবাদ মাধ্যমতো আগ্নেয়াস্ত্ৰ লুণ্ঠনৰ বাতৰি প্ৰকাশ পাইছিল । জুলাই মাহৰ মাজভাগত কোটা ব্যৱস্থাক লৈ প্ৰতিবাদৰ জৰিয়তে এই অশান্তি আৰম্ভ হৈছিল যদিও মানৱ অধিকাৰ উলংঘা, দুৰ্নীতি, ঠগবাজী নিৰ্বাচনৰ অভিযোগ আৰু বিৰোধীসকলৰ ওপৰত নিৰ্মম দমনৰ দ্বাৰা চিহ্নিত প্ৰশাসনক লৈ ই এক ব্যাপক প্ৰত্যাহ্বানলৈ পৰিণত হৈছিল ।
লগতে পঢ়ক: বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন ভাৰতলৈ উভতি অহা একাংশ শিক্ষাৰ্থী - Indian Students in Bangladesh
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হ’ব নোবেল বিজয়ী মহম্মদ ইউনুছ - Bangladesh crisis