ETV Bharat / international

গাজাৰ বিদ্যালয়ত পুনৰ আক্ৰমণ ইজৰাইলৰ : নিহত প্ৰায় ১০০ - Israeli Airstrike on Gaza School

author img

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 1:59 PM IST

Israeli Airstrike on Gaza School : শনিবাৰে গাজাত সংঘটিত আন এক আক্ৰমণত প্ৰায় ১০০ জন লোক নিহত হয় । গাজাৰ এখন বিদ্যালয়ত ইজৰাইলে এই আক্ৰমণ চলায় । গাজাৰ অসামৰিক প্ৰতিৰক্ষা সংস্থাই শেহতীয়া ঘটনাটোক ‘‘ভয়ংকৰ গণহত্যা’’ বুলি বৰ্ণনা কৰি কৈছে যে কৰ্মীসকলে জুই নিয়ন্ত্ৰণ কৰিবলৈ আৰু ধ্বংসস্তূপৰ পৰা মৃতদেহ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে ।

Israeli Airstrike on Gaza School
গাজাৰ বিদ্যালয়ত পুনৰ আক্ৰমণ ইজৰাইলৰ (AP Photo)

ইণ্টাৰনেচনেল ডেস্ক, ১০ আগষ্ট : গাজাৰ অসামৰিক প্ৰতিৰক্ষা সংস্থাই জনোৱা মতে, শনিবাৰে গাজা চহৰৰ এখন বিদ্যালয়ত ইজৰাইলী আক্ৰমণত কমেও ১০০ জন লোক নিহত হয় । আনহাতে, ইজৰাইলী সামৰিক বাহিনীয়ে কয় যে তেওঁলোকে হামাছৰ এটা নিৰ্দেশ কেন্দ্ৰত আঘাত কৰিছে ।

"মৃত্যুৰ সংখ্যা বৰ্তমান ৯০-১০০ ৰ ভিতৰত । আনহাতে, বহু লোক আহত হৈছে । তিনিটা ইজৰাইলী ৰকেটে বিদ্যালয়খনত আঘাত কৰে । তাত পেলেষ্টাইনী শৰণাৰ্থীসকলে বাস কৰিছিল ।" সংস্থাটোৰ মুখপাত্ৰ মাহমুদ বাচালে সংবাদ প্ৰতিষ্ঠান এ এফ পিক কয় । আনহাতে, গাজাৰ চৰকাৰী সংবাদ মাধ্যমে কৈছে যে এই আক্ৰমণত শতাধিক লোক শ্বহীদ হৈছে ।

বাচালে এই ঘটনাটোক ‘‘এক ভয়ংকৰ গণহত্যা’’ বুলি উল্লেখ কৰে । কিছু মৃতদেহ অগ্নিদগ্ধ হয় । তেওঁ কয়, "শ্বহীদসকলৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ আৰু আহতসকলক উদ্ধাৰ কৰিবলৈ কৰ্মচাৰীসকলে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে ।"

আনহাতে, ইজৰাইলৰ সেনাই শনিবাৰে কয় যে তেওঁলোকে ‘‘আল-তাবা'ইন’’ বিদ্যালয়ত থকা হামাছ কমাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰৰ ভিতৰত সক্ৰিয় হৈ থকা হামাছ সন্ত্ৰাসবাদীক আঘাত কৰে । বৃহস্পতিবাৰে সংস্থাটোৱে কয় যে ইজৰাইলী আক্ৰমণে গাজা চহৰৰ দুখন বিদ্যালয়ত আঘাত কৰে । ইয়াৰ ফলত ১৮ জনৰো অধিক লোক নিহত হয় ।

উল্লেখ্য যে, হামাছৰ ৭ অক্টোবৰৰ ইজৰাইল আক্ৰমণৰ পিচৰে পৰা গাজাত যুদ্ধ আৰম্ভ হয় । ইয়াৰ ফলত ১,১৯৮ জন লোকৰ মৃত্যু হয় । ইয়াৰে বেছিভাগ সাধাৰণ লোক । ইজৰাইলৰ চৰকাৰী পৰিসংখ্যাৰ ওপৰত ভিত্তি কৰি এ এফ পিৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

আনহাতে, পেলেষ্টাইনী সন্ত্ৰাসবাদীয়ে ২৫১ জন লোকক পণবন্দী কৰে । ইয়াৰে ভিতৰত ১১১ গৰাকী এতিয়াও গাজাত বন্দী হৈ আছে । ইফালে ৩৯ গৰাকী লোকৰ মৃত্যু হোৱা বুলি ইজৰাইলী সামৰিক বাহিনীয়ে প্ৰকাশ কৰে । আনহাতে, গাজাত ইজৰাইলৰ প্ৰতিশোধমূলক সামৰিক অভিযানত কমেও ৩৯,৬৯৯ গৰাকী লোক নিহত হৈছে । হামাছ পৰিচালিত অঞ্চলৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যত এই কথা প্ৰকাশ । অৱশ্যে ইয়াৰে ভিতৰত অসামৰিক আৰু সন্ত্ৰাসবাদীৰ মৃত্যুৰ সংখ্যা পৃথকে দিয়া হোৱা নাই ।

লগতে পঢ়ক :বাংলাদেশৰ কাৰাগাৰত অস্থিৰতা : ১২ কয়েদীৰ মৃত্যু, ২০০ৰো অধিক পলাতক - Bangladesh Crisis
লগতে পঢ়ক :ইজৰাইলৰ লক্ষ্য নিৰ্ধাৰিত হত্যা : ভৱিষ্যতৰ পৰিণাম কি ? - Israel Hamas War

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.