ETV Bharat / international

ইৰাণৰ বিৰুদ্ধে উপযুক্ত সঁহাৰি বিচাৰে ইজৰাইলৰ যুদ্ধ কেবিনেটে - Israel Iran war

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 12:19 PM IST

Israel Iran war: ইৰাণে যোৱা শনিবাৰে ইজৰাইলক লক্ষ্য কৰি প্ৰায় ৩০০ বেলিষ্টিক মিছাইল আৰু ড্ৰোণ নিক্ষেপ কৰে । এই আক্ৰমণৰ পিচতে ইজৰাইলৰ যুদ্ধ কেবিনেটে উচিত প্ৰত্যুত্তৰ দিয়াটো বিচাৰে । বিভিন্ন দেশে ইজৰাইলক সমৰ্থনৰ প্ৰতিশ্ৰুতি দিছে ।

Israel Iran war
ইৰাণৰ বিৰুদ্ধে উপযুক্ত সঁহাৰি বিচাৰে ইজৰাইলৰ যুদ্ধ কেবিনেটে

ইণ্টাৰনেশ্যনেল ডেস্ক,১৫ এপ্ৰিল : ইজৰাইল আৰু ইৰাণৰ সংঘৰ্ষই বিশ্বজুৰি আন এক সংকটৰ সৃষ্টি কৰিছে । ইফালে দুয়োখন দেশৰ মাজত প্ৰতিশোধৰ প্ৰতিযোগিতাও অব্যাহত আছে । ইজৰাইলৰ বিষয়াসকলে কোৱা মতে যুদ্ধ কেবিনেটে ইৰাণৰ বিৰুদ্ধে উচিত প্ৰত্যুত্তৰ বিচাৰে, কিন্তু এনে ধৰণৰ যিকোনো সঁহাৰিৰ সময় আৰু পৰিমাণক লৈ যুদ্ধ কেবিনেট অমীমাংসিত হৈ আছে ।

ইৰাণে ইজৰাইলৰ বিৰুদ্ধে এক অভূতপূৰ্ব আক্ৰমণ আৰম্ভ কৰাৰ ২৪ ঘণ্টাতকৈও কম সময়ৰ পিচত যুদ্ধ কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰে । ইজৰাইলৰ সেনা বাহিনীৰ মতে ৯৯ শতাংশ আকাশী আক্ৰমণ সফলতাৰে প্ৰতিৰোধ কৰা হৈছিল । যুদ্ধ কেবিনেট মন্ত্ৰী বেনি গাণ্টজ আৰু তেওঁৰ নেচনেল ইউনিটি পাৰ্টীৰ সহকৰ্মী গাদি আইজেনকোট, যুদ্ধ কেবিনেটৰ এগৰাকী পৰ্যবেক্ষকে ইৰাণক পুনৰ আক্ৰমণ কৰাৰ প্ৰস্তাৱ দিছিল ।

তেওঁলোকৰ পৰামৰ্শ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু, প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্ট, আইডিএফৰ মুৰব্বী হাৰ্জি হালেভি আৰু অন্যান্যসকলে দৃঢ়তাৰে প্ৰত্যাখ্যান কৰে । ইজৰাইলে চাপৰ পৰা নিজকে সকাহ দিয়াৰ বাবে এই সিদ্ধান্ত লোৱা বুলি ধাৰণা কৰা হয় । কিয়নো আইডিএফ সম্পূৰ্ণৰূপে ইৰাণে নিক্ষেপ কৰা মিছাইল আৰু ড্ৰোণবোৰৰ বাধা দিয়াত ব্যস্ত আছিল ।

ইজৰাইলৰ বায়ু-প্ৰতিৰক্ষা প্ৰণালীৰ সফলতা স্পষ্ট হৈ পৰিছে কিয়নো ইৰাণৰ আক্ৰমণে সামান্য ক্ষতি সাধন কৰিবলৈ সক্ষম হৈছে । একে সময়তে, ইজৰাইলে ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ সৈতে এক প্ৰকাৰৰ কৌশলগত চুক্তিৰ সম্ভাৱনাও অন্বেষণ কৰিছে ।

বৈদেশিক মন্ত্ৰীগৰাকীয়ে ব্ৰিটিছ বৈদেশিক সচিব ডেভিদ কেমেৰুন আৰু ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰী ষ্টেফানে চেজৌৰ্ণৰ সৈতে কথা পাতিছিল আৰু যোৱা নিশা ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণ প্ৰতিহত কৰাত তেওঁলোকৰ সমৰ্থন আৰু সহায়ৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে । এক্সৰ এটা পোষ্টত মন্ত্ৰীগৰাকীয়ে কয় যে আন যিকোনো দেশৰ দৰে ইজৰাইলেও ইয়াৰ নাগৰিকসকলক ৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

লক্ষণীয়ভাৱে ইজৰাইলে ইৰাণৰ আকাশী আক্ৰমণৰ পিচত আত্মৰক্ষাৰ অধিকাৰ আছে বুলি দাবী কৰিছে আৰু কৈছে যে ইৰাণে ইয়াৰ আক্ৰমণৰ বাবে মূল্য পৰিশোধ কৰিব লাগিব ।

লগতে পঢ়ক :ইজৰাইল-ইৰাণ সংঘৰ্ষ: উত্তেজনা হ্ৰাস কৰাৰ আমেৰিকাৰ প্ৰয়াস অব্যাহত - Israel Iran War

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.