ETV Bharat / international

পাৰমাণৱিক পৰীক্ষাৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস; পাৰমাণৱিক বিস্ফোৰণৰ প্ৰভাৱৰ বিষয়ে সজাগতা বৃদ্ধিৰ এটা দিন - Indias first Nuclear Tests

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 10:41 AM IST

International Day Against Nuclear Tests : ২০১৪ চনৰ ছেপ্টেম্বৰত পাৰমাণৱিক অস্ত্ৰ সম্পূৰ্ণ নিৰ্মূলৰ বাবে প্ৰথম আন্তঃৰাষ্ট্ৰীয় দিৱস উদযাপন কৰা হৈছিল । ইয়াৰ লক্ষ্য হৈছে 1996 চনৰ বিস্তৃত পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তিত উপনীত হোৱা, যিখন এতিয়ালৈকে স্বাক্ষৰ কৰা হোৱা নাই ।

International Day Against Nuclear Tests
পাৰমাণৱিক পৰীক্ষাৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস (ETV Bharat)

বিশেষ প্ৰতিবেদন, ২৯ আগষ্ট : প্ৰতিবছৰে 29 আগষ্টত বিশ্বজুৰি আন্তৰাষ্ট্ৰীয় পাৰমাণৱিক পৰীক্ষা-বিৰোধী দিৱস উদযাপন কৰা হয় । এই দিনটো উদযাপনৰ উদ্দেশ্য হৈছে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা বিস্ফোৰণ বা আন যিকোনো পাৰমাণৱিক বিস্ফোৰণৰ প্ৰভাৱৰ বিষয়ে সজাগতা বৃদ্ধি কৰা । পাৰমাণৱিক অস্ত্ৰ পৰীক্ষাৰ এক দীঘলীয়া আৰু ধ্বংসাত্মক ইতিহাস আছে । ইয়াৰে প্ৰথম পৰীক্ষাটো 1945 চনত আমেৰিকাই কৰিছিল । তেতিয়াৰে পৰা বৰ্তমানলৈকে মুঠ দুহাজাৰৰো অধিক পাৰমাণৱিক পৰীক্ষা কৰা হৈছে ।

পাৰমাণৱিক পৰীক্ষাৰ প্ৰাৰম্ভিক দিনবোৰত মানৱ জীৱন আৰু পৰিৱেশৰ ওপৰত এই অস্ত্ৰসমূহৰ বিধ্বংসী প্ৰভাৱৰ প্ৰতি অৱজ্ঞা কৰা হৈছিল । বায়ুমণ্ডলীয় পৰীক্ষাৰ পৰা হোৱা পাৰমাণৱিক পৰিণতিত মাইলৰ পিছত মাইল ইয়াৰ বিকিৰণ বিয়পি পৰে । যাৰ ফলত মানুহ আৰু জীৱ-জন্তুৰ কৰ্কট ৰোগ আৰু অন্যান্য স্বাস্থ্য সমস্যা হয় ।

পাৰমাণৱিক পৰীক্ষাৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱসৰ ইতিহাস

২০০৯ চনৰ ২ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২৯ আগষ্ট দিনটোক আন্তৰাষ্ট্ৰীয় পাৰমাণৱিক পৰীক্ষা-বিৰোধী দিৱস হিচাপে ঘোষণা কৰে আৰু সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱত সন্মত হয় । এই দিৱসটো উদযাপনৰ উদ্দেশ্য হৈছে পাৰমাণৱিক পৰীক্ষাৰ ক্ষতিকাৰক প্ৰভাৱ আৰু পাৰমাণৱিক অস্ত্ৰমুক্ত পৃথিৱী লাভ কৰাৰ বাবে এই পৰীক্ষাক বাধা দিয়াৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰা ।

১৯৯১ চনত চেমিপালাটিনস্কত পাৰমাণৱিক পৰীক্ষাৰ সমাপ্তিক সন্মান জনোৱাৰ বাবে বহুতো দেশ আৰু সংগঠনৰ সমৰ্থনত কাজাখস্তানৰ পৰা এই দিৱসটোৰ ধাৰণাটো উৎপত্তি হৈছিল । এই দিৱসটোৱে ৰাষ্ট্ৰসংঘ, চৰকাৰ আৰু বিভিন্ন গোটক এক সুৰক্ষিত বিশ্বৰ বাবে পাৰমাণৱিক পৰীক্ষাৰ ওপৰত বিশ্বজনীন নিষেধাজ্ঞাৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰিবলৈ উৎসাহিত কৰে ।

লগতে পঢ়ক :দাস ব্যৱসায়ৰ স্মৃতি আৰু ইয়াৰ বিলুপ্তিৰ আন্তৰ্জাতিক দিৱস: ইতিহাস আৰু তাৎপৰ্য - International Anti Slavery Day

আৰম্ভণিৰে পৰা এই দিৱসটোৰ দ্বাৰা এই উদ্দেশ্যক সমৰ্থন কৰিবলৈ বহুতো প্ৰচেষ্টা কৰা হৈছে । ইয়াৰ ভিতৰত আছে আলোচনা-চক্ৰ আৰু সন্মিলনৰ দৰে অনুষ্ঠান । ২০১৪ চনৰ ছেপ্টেম্বৰত পাৰমাণৱিক অস্ত্ৰ সম্পূৰ্ণ নিৰ্মূলৰ বাবে প্ৰথম আন্তঃৰাষ্ট্ৰীয় দিৱস উদযাপন কৰা হৈছিল । ইয়াৰ লক্ষ্য হৈছে 1996 চনৰ বিস্তৃত পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তিত উপনীত হোৱা, যিখন চুক্তি এতিয়ালৈকে স্বাক্ষৰ কৰা হোৱা নাই ।

'দ্য বিগিনিং অব দ্য নিউক্লিয়াৰ এৰা : দ্য ইউনাইটেড ষ্টেটছ' (The Beginning Of The Nuclear Era: The United States)-এ ১৯৪৫ চনৰ ১৬ জুলাইত নিউ মেক্সিকোত 'ট্ৰিনিটি' নামৰ ২০ কিলোটন পাৰমাণৱিক বোমা বিস্ফোৰণ কৰি পাৰমাণৱিক যুগৰ সূচনা কৰিছিল । ইয়াৰ পিচত আমেৰিকাই ১৯৪৫ চনৰ ৬ আগষ্টত জাপানৰ হিৰোছিমাৰ ওপৰত পাৰমাণৱিক বোমা 'লিটল বয়' আৰু ১৯৪৫ চনৰ ৯ আগষ্টত নাগাচাকিত 'ফেট মেন' নিক্ষেপ কৰিছিল ।

এই বোমাবোৰে প্ৰায় ২,২০,০০০ জাপানী লোকক প্ৰত্যক্ষভাৱে আৰু আন ২,০০,০০০ লোকক ইয়াৰ বিকিৰণৰ ফলত হত্যা কৰিছিল । দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হোৱাৰ পিচত আমেৰিকা আৰু ছোভিয়েট ইউনিয়নে পাৰমাণৱিক অস্ত্ৰৰ পিচত দৌৰ আৰম্ভ কৰে । আমেৰিকাই ১৯৪৬ চনৰ পৰা ১৯৪৯ চনৰ ভিতৰত আৰু ছয়টা পাৰমাণৱিক বোমা পৰীক্ষা কৰিছিল । আনহাতে, ছোভিয়েট ইউনিয়নে ১৯৪৯ চনৰ ২৯ আগষ্টত 'শীতল যুদ্ধ'ৰ সময়ত পাৰমাণৱিক অস্ত্ৰ দৌৰ আৰম্ভ কৰি প্ৰথমটো পাৰমাণৱিক বোমা 'জো ১' (Joe 1) পৰীক্ষা কৰিছিল ।

১৯৫৪ চনত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে পাৰমাণৱিক পৰীক্ষা স্থগিত ৰখাৰ পৰামৰ্শ দিয়ে । আনহাতে, প্ৰথমতে অষ্ট্ৰেলিয়াত আৰু পিচত আমেৰিকাৰ পিচত ১৯৫২ চনত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰা তৃতীয় দেশ হিচাপে পৰিগণিত হয় ব্ৰিটেইন ।

চি টি বি টিৰ পিচত পাৰমাণৱিক পৰীক্ষা (Comprehensive Nuclear-Test-Ban Treaty, CTBT)

1998 চনৰ পৰা 2017 চনলৈ ভাৰত : 1974 চনত প্ৰথম পৰীক্ষাৰ পিচত ভাৰতে ৰাজস্থানৰ পৰীক্ষাস্থলী পোখৰানত 'শক্তি 98' নামেৰে জনাজাত দুটা ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল ।

পাকিস্তান : পাকিস্তানেও ততালিকে ইয়াৰ প্ৰত্যুত্তৰত ৰাছ কোহ ৰেঞ্জত দুটা ভূগৰ্ভস্থ পৰীক্ষা সম্পন্ন কৰিছিল ।

লগতে পঢ়ক :কুকুৰ আৰু মানুহৰ সম্পৰ্ক : আন্তঃৰাষ্ট্ৰীয় কুকুৰ দিৱস পালনৰ মহত্ব - International Dog Day 2024

পাৰমাণৱিক অস্ত্ৰ থকা দেশসমূহ

বৰ্তমান পৃথিৱীত পাৰমাণৱিক অস্ত্ৰ থকা ৯ খন দেশ আছে । ৰাছিয়াৰ ওচৰত আটাইতকৈ বেছিসংখ্যক পাৰমাণৱিক অস্ত্ৰ আছে । দেশখনৰ হাতত 5,580 টা পাৰমাণৱিক অস্ত্ৰ আছে । আনহাতে, ইয়াৰ পিচত 5,748 টা পাৰমাণৱিক অস্ত্ৰৰে আছে আমেৰিকা, যিবোৰ আমেৰিকা আৰু আন 5 খন ৰাষ্ট্ৰ তুৰ্কী, ইটালী, বেলজিয়াম, জাৰ্মানী আৰু নেদাৰলেণ্ডত আছে । উল্লেখ্য় যে কেৱল এই দুখন দেশৰ হাতত থকা মুঠ পাৰমাণৱিক অস্ত্ৰ হৈছে বিশ্বৰ 90% পাৰমাণৱিক অস্ত্ৰ ।

অৱশ্যে উত্তৰ কোৰিয়া আৰু ইজৰাইলৰ হাতত থকা মুঠ পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা নিশ্চিত নহয় । কিন্তু অনুমান কৰা হৈছে যে উত্তৰ কোৰিয়াৰ ওচৰত 40-50 টা ব্যক্তিগত অস্ত্ৰ-শস্ত্ৰ বিকশিত কৰিবৰ বাবে পৰ্যাপ্ত বিভাজক সামগ্ৰী আছে । আনহাতে, ইজৰাইলৰ ওচৰত আনুমানিক ৯০ টা পাৰমাণৱিক অস্ত্ৰৰ সৈতে 200 লৈকে এনে সামগ্ৰী আছে । ইয়াৰ উপৰি চীনত ৫০০, ফ্ৰান্সত ২৯০, ব্ৰিটেইনৰ ২২৫, পাকিস্তানৰ ১৭০ আৰু ভাৰতৰ ১৭২ টা পাৰমাণৱিক অস্ত্ৰ আছে ।

এই ৰাষ্ট্ৰবোৰৰ ওচৰত সৰ্বমুঠ 12,100 টা পাৰমাণৱিক যুদ্ধাস্ত্ৰ আছে । ইয়াৰে ভিতৰত 9,600 সক্ৰিয় সামৰিক ভাণ্ডাৰত আছে । যদিও শীতল যুদ্ধৰ সময়ত পাৰমাণৱিকভাৱে সশস্ত্ৰ ৰাষ্ট্ৰসমূহৰ মালিকানাধীন প্ৰায় 70,000 অস্ত্ৰৰ পৰা ই এক গুৰুত্বপূৰ্ণ হ্ৰাস হৈছে, কিন্তু অনাগত দশকত পাৰমাণৱিক অস্ত্ৰাগাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু তাৰবাবে বৰ্তমানৰ বাহিনীবোৰ যথেষ্ট সক্ষম ।

তাৎপৰ্য

পাৰমাণৱিক যুদ্ধৰ ভাবুকিও এটা ডাঙৰ চিন্তাৰ বিষয় । যদি পুনৰ কেতিয়াবা পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰা হয়, ইয়াৰ পৰিণাম ভয়ানক হ'ব । আন্তৰাষ্ট্ৰীয় পাৰমাণৱিক পৰীক্ষা-বিৰোধী দিৱস হৈছে পাৰমাণৱিক অস্ত্ৰমুক্ত বিশ্বৰ দিশত কাম কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে চিন্তা কৰাৰ বাবে এটা দিন । গতিকে বিশ্বজুৰি পাৰমাণৱিক অস্ত্ৰ পৰীক্ষাৰ প্ৰভাৱৰ বিষয়ে জনসজাগতা আৰু শিক্ষা ইয়াৰ দ্বাৰা কঢ়িয়াই অনা হৈছে । এই দিৱসটোৰ উদ্দেশ্য হৈছে পাৰমাণৱিক পৰীক্ষা সমাপ্ত কৰা আৰু শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰা ।

লগতে পঢ়ক :মহিলা সমতা দিৱসৰ উদ্দেশ্যে আৰু ইয়াৰ বিশেষত্ব - Women Equality Day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.