ETV Bharat / international

ভাৰত-ৰাছিয়াৰ সম্পৰ্কই ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাবলৈ ৰাষ্ট্ৰপতি পুটিনক আহ্বান জনোৱাৰ ক্ষমতা প্ৰদান কৰিছে: ইউ এছ - India Russia ties

author img

By ANI

Published : Jul 10, 2024, 9:56 AM IST

Russia Ukraine war: প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণক লৈ এক প্ৰকাৰ চিন্তিত হৈ থকা সংযুক্ত ৰাষ্ট্ৰই এক বিশেষ দৃষ্টিকোণ দাঙি ধৰিছে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিক ইউক্ৰেইন যুদ্ধৰ অৱসান ঘটোৱাৰ আহ্বান জনাব পাৰে বুলি দাবী কৰিছে সংযুক্ত ৰাষ্ট্ৰই ৷

India's relationship with Russia
US on India's relationship with Russia (ANI)

নিউজ ডেস্ক, 10 জুলাই: মঙলবাৰে হোৱাইট হাউছে কয় যে ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্কই ইউক্ৰেইনৰ সংঘাতৰ অন্ত পেলাবলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক আহ্বান জনোৱাৰ ক্ষমতা প্ৰদান কৰিছে । ইউক্ৰেইনৰ সংঘাতৰ সমাধান যুদ্ধক্ষেত্ৰত নহয়, আলোচনাতহে নিহিত হৈ আছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি পুটিনক জোৰ দিয়াৰ পিচত এই বিবৃতি প্ৰকাশ কৰিছে হোৱাইট হাউছে ।

প্ৰেছ ব্ৰিফিঙত ভাষণ দি হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰিন জিন পিয়েৰে ভাৰতক আমেৰিকাৰ “কৌশলগত অংশীদাৰ” বুলি অভিহিত কৰে, যাৰ সৈতে আমেৰিকাই ভাৰত আৰু ৰাছিয়াৰ চুক্তিকে ধৰি “সম্পূৰ্ণ আৰু অকপট আলোচনা” কৰে । ইউক্ৰেইনৰ কথা আহিলে ভাৰতকে ধৰি সকলো ৰাষ্ট্ৰই স্থায়ী শান্তি বাস্তৱায়িত কৰাৰ প্ৰচেষ্টাক সমৰ্থন কৰাটো অতি গুৰুত্বপূৰ্ণ বুলিও তেওঁ কয় ।

পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ সন্দৰ্ভত সোধাত জিন-পিয়েৰে কয়, "ভাৰত এনে এক কৌশলগত অংশীদাৰ যাৰ সৈতে আমি ৰাছিয়াৰ আৰু তেওঁলোকৰ সম্পৰ্ককে ধৰি সম্পূৰ্ণ আৰু অকপট আলোচনাত লিপ্ত হওঁ ৷ আমি এই বিষয়ে আগতেও কথা পাতিছো । গতিকে আমি ভাবো যে এই সকলোবোৰ অতি জটিল । ভাৰতকে ধৰি দেশসমূহে ইউক্ৰেইনৰ ক্ষেত্ৰত স্থায়ী আৰু ন্যায্য শান্তি উপলব্ধি কৰাৰ প্ৰচেষ্টাক সমৰ্থন কৰে ।"

লগতে পঢ়ক: মোদীৰ ৰাছিয়া ভ্ৰমণে চিন্তাত পেলাইছে আমেৰিকাক ! - america on India Russia Ties

"আমি এইটোও বিশ্বাস কৰোঁ যে ৰাছিয়াৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া সম্পৰ্কই ৰাষ্ট্ৰপতি পুটিনক ইউক্ৰেইনৰ বিৰুদ্ধে তেওঁৰ নিৰ্মম আৰু এক অপ্ৰৰোচিত যুদ্ধৰ অন্ত পেলাবলৈ আহ্বান জনোৱাৰ ক্ষমতা প্ৰদান কৰিছে । ই ৰাষ্ট্ৰপতি পুটিনৰ বাবে শেষৰ খন যুদ্ধ । ৰাষ্ট্ৰপতি পুটিনে যুদ্ধ আৰম্ভ কৰিছিল, আৰু তেওঁ শেষ কৰিব পাৰে ।" ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে হোৱা দ্বিপাক্ষিক আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংঘাতৰ সময়ত শিশু হত্যাৰ বিষয়টো উত্থাপন কৰি নিৰীহ শিশুৰ মৃত্যু হোৱাটো “হৃদয় বিদাৰক” বুলি কোৱাৰ পিচতে জিন পিয়েৰে এই মন্তব্য কৰে । প্ৰধানমন্ত্ৰীয়ে কয় যে কোনোৱে প্ৰাণ হেৰুৱালে মানৱতাক বিশ্বাস কৰা প্ৰতিজন ব্যক্তিয়ে আঘাত পায় ।

শেহতীয়াকৈ কিয়েভৰ এখন শিশু চিকিৎসালয়ত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত ৩৭ টা শিশুৰ মৃত্যু হোৱাৰ পিচতে এই কথা প্ৰকাশ পাইছে ।

"যুদ্ধই হওক, সংঘাতেই হওক বা সন্ত্ৰাসবাদী আক্ৰমণেই হওক; মানুহে প্ৰাণ হেৰুৱালে মানৱতাক বিশ্বাস কৰা প্ৰতিজন ব্যক্তিয়ে যন্ত্ৰণা পায় । কিন্তু যেতিয়া নিৰীহ শিশুক হত্যা কৰা হয়, যেতিয়া আমি নিৰীহ শিশুৰ মৃত্যু হোৱা দেখিবলৈ পাওঁ, তেতিয়া ই হৃদয় বিদাৰক হয় । সেই যন্ত্ৰণা অপৰিসীম । মই এই সন্দৰ্ভত আপোনালোকৰ সৈতেও বিশদ আলোচনা কৰিছিলোঁ ।’’ বৈঠকৰ সময়ত এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুদ্ধক্ষেত্ৰত কোনো সমাধান নাই বুলি উল্লেখ কৰি লগতে কয় যে বোমা, বন্দুক আৰু গুলীৰ মাজত শান্তি আলোচনা সফল নহয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "বন্ধু হিচাপে মই সদায় কৈ আহিছো যে আমাৰ আগন্তুক প্ৰজন্মৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শান্তিৰ সৰ্বোচ্চ গুৰুত্ব আছে । কিন্তু মই এইটোও জানো যে যুদ্ধক্ষেত্ৰত শান্তিৰ সমাধান সম্ভৱ নহয় । বোমা, বন্দুক আৰু গুলীৰ মাজত, সমাধান আৰু শান্তি প্ৰক্ৰিয়া সফল নহয় ৷ আমি কেৱল আলোচনাৰ জৰিয়তেহে শান্তিৰ পথ অনুসৰণ কৰিব লাগিব ।”

লগতে পঢ়ক: মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰিউ দ্য এপ’ষ্টল প্ৰদান - PM Modi Russia Visit

২০২২ চনত মস্কো আৰু কিয়েভৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিচত এইটোৱেই আছিল প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম ৰাছিয়া ভ্ৰমণ । ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ সংঘাত সমাধানৰ বাবে ভাৰতে সদায় “শান্তি আৰু কূটনীতি”ৰ পোষকতা কৰি আহিছে । ইয়াৰ পূৰ্বে মঙলবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণক লৈ হতাশা প্ৰকাশ কৰিছিল, যিটোক তেওঁ ‘‘শান্তি প্ৰচেষ্টাত ভয়াৱহ আঘাত” বুলি অভিহিত কৰিছিল ।

জেলেনস্কিয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি কয় যে একেদিনাই ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়েভৰ আটাইতকৈ ডাঙৰ শিশু চিকিৎসালয়ত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত তিনিটা শিশুকে ধৰি ৩৭ জন লোক নিহত হোৱাৰ লগতে ১৭০ জন লোক আহত হয় ।

"ইউক্ৰেইনত আজি ৰাছিয়াৰ নিৰ্মম ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত ৩৭ জন লোক নিহত হয়, ইয়াৰে তিনিজন শিশু, আৰু ১৩ টা শিশুসহ ১৭০ জন আহত হয় । ইউক্ৰেইনৰ সৰ্ববৃহৎ শিশু চিকিৎসালয়ত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই আঘাত কৰি কৰ্কট ৰোগী যুৱকক লক্ষ্য কৰি লয় । বহুতো ধ্বংসাৱশেষৰ তলত পুতি থোৱা হৈছিল । বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নেতাই মস্কোত বিশ্বৰ আটাইতকৈ ৰক্তাক্ত অপৰাধীক এনে এটা দিনত সাৱটি ধৰাটো এক বৃহৎ হতাশা আৰু শান্তিৰ প্ৰচেষ্টাত এক বিধ্বংসী আঘাত," ইউক্ৰেইনৰ নেতাগৰাকীয়ে কয় ।

৮-৯ জুলাইলৈ দুদিনীয়া আনুষ্ঠানিক ৰাছিয়া ভ্ৰমণত আছিল প্ৰধানমন্ত্ৰী মোদী । এই ভ্ৰমণৰ সময়ত মঙলবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় । প্ৰধানমন্ত্ৰী মোদীয়ে মস্কোত ভাৰতীয় সমাজকো সম্বোধন কৰে ।

লগতে পঢ়ক: মোদী-পুটিনৰ আলিংগনত অসন্তুষ্ট ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি - PM Modi Russia Visit

লগতে পঢ়ক: মোদী-পুটিনৰ আলোচনা বৈঠক; সহযোগিতা বৃদ্ধিৰ ওপৰত দৃষ্টি দুয়োগৰাকী নেতাৰ - PM Modi Russia Visit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.