ETV Bharat / international

ভাৰত আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰ - US India relations

author img

By PTI

Published : Apr 16, 2024, 11:08 AM IST

US India relations: ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আমেৰিকাৰ । বৈদেশিক বিভাগৰ মতে ভাৰত আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰ । ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ।

US India relations
ভাৰত আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,১৬ এপ্ৰিল : ভাৰত আৰু আমেৰিকাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক বহু পুৰণি । এই বন্ধুত্ব কিমান গুৰুত্বপূৰ্ণ সেই কথা আমেৰিকা তথা ভাৰতে প্ৰমাণ কৰি আহিছে । আমেৰিকাৰ বাবে ভাৰতৰ এই সম্পৰ্ক কিমান গুৰুত্বপূৰ্ণ সেই কথা পুনৰ এবাৰ স্বীকাৰ কৰিলে বিদেশী ৰাষ্ট্ৰখনৰ প্ৰশাসনে । বিডেন প্ৰশাসনৰ মতে ভাৰত আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰ । এই সম্পৰ্ক অপৰিৱৰ্তিত থাকিব বুলিও আশা কৰিছে আমেৰিকা প্ৰশাসনে ।

লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰকাশিত চৰকাৰক সমালোচনা কৰা কিছুমান উদ্বেগজনক প্ৰৱন্ধ সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । মিলাৰে কয় যে ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ । যি আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰ আৰু তেওঁ আশা কৰে যে এই সম্পৰ্ক চিৰদিনৰ বাবে থাকিব ।

উল্লেখ্য যে, শেহতীয়াকৈ আমেৰিকাৰ বিষয়াসকলে ভাৰতক অতি গুৰুত্বপূৰ্ণ অংশীদাৰ বুলি অভিহিত কৰি আহিছে আৰু এনেদৰে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক বৃদ্ধি হৈছে । অৱশ্যে, যোৱা বছৰ হোৱাইট হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক চৰকাৰী ৰাজ্যিক ভ্ৰমণৰ পিচত দ্বিপাক্ষিক সম্পৰ্কত কিছু অস্থিৰতা দেখা গৈছে ।

বিশেষকৈ আমেৰিকাৰ শিখ বিচ্ছিন্নতাবাদী আন্দোলন আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিষয়ত বিদেশ বিভাগৰ অস্বাভাৱিক মন্তব্যৰ ক্ষেত্ৰত এই সম্পৰ্কত কিছু বাধা আহিছে । ভাৰতে বৈদেশিক বিভাগৰ এনে মন্তব্যৰ ওপৰত তীব্ৰ আপত্তিও জনাইছিল ।

ভাৰতৰ লোকসভা নিৰ্বাচন সমাগত । তেনে পৰিস্থিতিত ভাৰতক লৈ দেশৰ অতি শক্তিশালী দেশ আমেৰিকাৰ এই স্থিতিয়ে ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । শাসকীয় পক্ষই নিৰ্বাচনত এনেবোৰ বিষয় উত্থাপন কৰিব বুলিও আশা কৰা হৈছে ।

লগতে পঢ়ক :আমেৰিকাত সুৰক্ষিত নহয় হিন্দু ! - ATTACK AGAINST HINDUS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.