ETV Bharat / international

ইজৰাইলী সেনাৰ আক্ৰমণত ৪ বিদেশী সাহায্য কৰ্মী নিহত - Israel Hamas war

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 10:11 AM IST

Israel Hamas war: হামাছৰ বিৰুদ্ধে ইজৰাইলী সেনাৰ অভিযান অব্যাহত আছে । গাজাৰ বিভিন্ন প্ৰান্তত ইজৰাইলী বিমান আৰু স্থল আক্ৰমণ অব্যাহত ৰাখিছে । তেনে এক আক্ৰমণৰ সময়তে তাৰকা চেফ জছ এণ্ড্ৰেছৰ দ্বাৰা প্ৰতিষ্ঠিত দাতব্য সংস্থা ৱৰ্ল্ড চেণ্ট্ৰেল কিচেনৰ ৪ গৰাকী সাহায্য কৰ্মী নিহত হয় । এজন পেলেষ্টাইনী চালকো নিহত ।

Israel Hamas war
ইজৰাইলী সেনাৰ আক্ৰমণত ৪ বিদেশী সাহায্য কৰ্মী নিহত

ইণ্টাৰনেশ্যনেল ডেস্ক,২ এপ্ৰিল : গাজাৰ চিকিৎসালয়ত ইজৰাইলী সেনাৰ অভিযান অব্যাহত আছে । শেহতীয়া এক বিমান আক্ৰমণত এগৰাকী পেলেষ্টাইনী চালক আৰু দাতব্য সংস্থাৰ ৪ গৰাকী আন্তৰ্জাতিক সাহায্য কৰ্মী নিহত হোৱাৰ খবৰ পোৱা গৈছে ।

এটা ভিডিঅ'ত মধ্য গাজা চহৰ ডেইৰ-আল-বালাহৰ আল-আকছা শ্বহীদ চিকিৎসালয়ত ৫ টা মৃতদেহ দেখুওৱা হৈছে । তেওঁলোকৰ কেইবাজনো দাতব্য সংস্থাৰ লোগোৰ সৈতে সুৰক্ষামূলক পোছাক পিন্ধি আছিল । বাকী কৰ্মচাৰীসকলে মৃত তিনিজনৰ পাছপোৰ্ট দেখুৱাইছে । য'ৰ পৰা স্পষ্ট যে নিহত ৩ জন ব্ৰিটেইন, অষ্ট্ৰেলিয়া আৰু পোলেণ্ডৰ আছিল । অৱশ্যে চতুৰ্থ নিহতগৰাকী কোন দেশৰ সঠিকভাৱে জানিব পৰা হোৱা নাই ।

ইজৰাইলী সামৰিক বাহিনীয়ে কোৱা মতে তেওঁলোকে এই কৰুণ ঘটনাৰ পৰিস্থিতিৰ বুজ ল'বলৈ এক অনুসন্ধান চলাই আছে । তাৰকা চেফ জছ এণ্ড্ৰেছৰ দ্বাৰা প্ৰতিষ্ঠিত দাতব্য সংস্থা ৱৰ্ল্ড চেণ্ট্ৰেল কিচেনে জনোৱা মতে তেওঁ এই সন্দৰ্ভত তথ্য লাভ কৰিছে আৰু সকলো তথ্য লাভ কৰিলে তেওঁলোকে সংবাদ মাধ্যমক অৱগত কৰিব । সংস্থাটোৰ মুখপাত্ৰ লিণ্ডা ৰথে এক বিবৃতিত কয় যে এয়া এক ট্ৰেজেডী । মানৱীয় সাহায্যৰ বাবে কাম কৰি থকা লোক আৰু অসামৰিক লোকসকল কেতিয়াও আক্ৰমণৰ লক্ষ্য হ'ব নালাগে বুলি তেওঁ দাবী কৰে ।

মৃতদেহবোৰ চিকিৎসালয়লৈ অনা দলটোত থকা পেলেষ্টাইনী ৰেড ক্ৰিছেণ্ট পেৰামেডিক মাহমুদ থাবেটে সংবাদ মাধ্যমক জনোৱা মতে কৰ্মীসকল উত্তৰ গাজাৰ পৰা ৩ খন বাহনৰ কনভয়ত আছিল যেতিয়া ইজৰাইলী মিছাইলে তেওঁলোকক আঘাত কৰিছিল । দলটোৱে নতুনকৈ অহা সাহায্য সামগ্ৰী বিতৰণ কৰি গৈ আছিল । তেওঁলোকে দক্ষিণৰ ৰাফালৈ উভতি গৈ আছিল ।

জানিব পৰা মতে চাইপ্ৰাছৰ পৰা ৩ খন সাহায্য জাহাজ আহি পাইছিল য'ত দাতব্য সংস্থা আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীৰ দ্বাৰা প্ৰেৰণ কৰা প্ৰায় ৪০০ টন খাদ্য সামগ্ৰী আছিল । গোটটোৰ এয়া দ্বিতীয়টো সাহায্য অভিযান আছিল । ইজৰাইলী সামৰিক বাহিনী দুয়োটা সাহায্য সামগ্ৰীৰ বিতৰণৰ সমন্বয়ত জড়িত আছিল ।

লগতে পঢ়ক :আমেৰিকাই পুনৰ ইজৰাইলক বিক্ৰী কৰিব বোমা আৰু যুঁজাৰু বিমান - Israel Hamas War

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.