ETV Bharat / international

The Apprentice : নিৰ্বাচনৰ পূৰ্বে আমেৰিকাৰ ছবিগৃহত ট্ৰাম্পৰ বিতৰ্কিত বায়'পিক - Trump Biopic The Apprentice

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 1:23 PM IST

Trump Biopic The Apprentice : 'দ্য এপ্ৰেণ্টিছ'ত চৰকাৰী পক্ষৰ অধিবক্তা ৰয় ক'নে (জেৰেমি ষ্ট্ৰঙৰ দ্বাৰা অভিনীত) নিউয়ৰ্কৰ ৰিয়েল ইষ্টেটৰ পৰা ক্ষমতালৈ ট্ৰাম্পৰ উত্থানৰ ইতিহাস বৰ্ণনা কৰিছে । চলচ্চিত্ৰখনৰ শেষৰ ফালে ট্ৰাম্পক তেওঁৰ পত্নী ইভানা ট্ৰাম্পক (মাৰিয়া বাকালোভাৰ দ্বাৰা অভিনীত) ধৰ্ষণ কৰা দেখুওৱা হৈছে । ইভানা ট্ৰাম্পৰ 1990 চনৰ বিবাহ বিচ্ছেদৰ জবানবন্দীত তেওঁ কৈছিল যে ট্ৰাম্পে তেওঁক ধৰ্ষণ কৰিছিল । ট্ৰাম্পে এই অভিযোগ অস্বীকাৰ কৰে আৰু ইভানা ট্ৰাম্পে পিচত কৈছিল যে তেওঁৰ আক্ষৰিকভাৱে অৰ্থ এইটো নাছিল, বৰঞ্চ তেওঁ নিজকে অপমানিত অনুভৱ কৰিছিল ।

Trump Biopic The Apprentice
ড'নাল্ড ট্ৰাম্প (AP Photo)

নিউজ ডেস্ক, ৩১ আগষ্ট : ড'নাল্ড ট্ৰাম্পৰ এখন বিতৰ্কিত জীৱনীমূলক ছবি আমেৰিকাৰ ছবিঘৰত শুকুৰবাৰে মুক্তিলাভ কৰিব । ছবিখনত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ পত্নীক ধৰ্ষণ কৰা দেখুওৱা হৈছে ।

টাইনি ইণ্ডি ষ্টুডিঅ' ব্ৰিয়াৰক্লিফ এণ্টাৰটেইনমেণ্টে (Tiny indie studio Briarcliff Entertainment) দেশখনৰ দৰ্শকৰ বাবে 'দ্য এপ্ৰেণ্টিছ' নামৰ ছবিখন মুক্তি দিয়াৰ ব্যৱস্থা কৰিছে । আমেৰিকাৰ বহু প্ৰতীক্ষিত ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পে কমলা হেৰিছৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা আৰু নিৰ্বাচনৰ বাবে এমাহ সময় থকাৰ পূৰ্বে ছবিখনৰ মুক্তিয়ে যথেষ্ট চৰ্চা লাভ কৰিছে । হলিউড ৰিপ'ৰ্টাৰৰ সূত্ৰত এই কথা প্ৰকাশ । অৱশ্যে এ এফ পিয়ে সোধা প্ৰশ্নৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা ব্ৰিয়াৰক্লিফৰ প্ৰতিনিধিসকল বিৰত থাকে ।

উল্লেখ্য যে ট্ৰাম্পৰ যুৱকালৰ বিষয়ে এই চলচ্চিত্ৰখনে মে' মাহত অনুষ্ঠিত কাঁ চলচ্চিত্ৰ মহোৎসৱত ধুমুহাৰ সৃষ্টি কৰিছিল । ছবিখনৰ আটাইতকৈ চৰ্চিত দৃশ্যটোত ট্ৰাম্পে তেওঁৰ প্ৰথম পত্নী ইভানাক ধৰ্ষণ কৰাৰ দৃশ্য চিত্ৰায়ন কৰা হৈছে । উল্লেখ্য যে বাস্তৱ জীৱনতো ইভানাই বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াৰ সময়ত ট্ৰাম্পৰ বিৰুদ্ধে তেওঁক ধৰ্ষণ কৰাৰ অভিযোগ আনিছিল । কিন্তু পিছত অভিযোগটো বাতিল কৰে । ২০২২ চনত তেওঁৰ মৃত্যু হয় ।

ছবিখনত ট্ৰাম্পক ইৰেক্টাইল ডিচফাংচনত ভুগি থকা আৰু চুলি সৰাৰ বাবে লাইপোচাক্সন আৰু অস্ত্ৰোপচাৰ কৰা দেখা গৈছে । উল্লেখ্য যে মে' মাহত 'দ্য এপ্ৰেণ্টিছ'ৰ প্ৰিমিয়াৰ প্ৰদৰ্শনৰ কেইঘণ্টামান পিচতে ট্ৰাম্পৰ অধিবক্তাই প্ৰযোজকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ভাবুকি দিয়ে আৰু ছবিখনক 'আৱৰ্জনা' আৰু 'সম্পূৰ্ণ বিদ্বেষপূৰ্ণ মানহানি' বুলি অভিহিত কৰে ।

পৰৱৰ্তী সময়ত আমেৰিকাত চলচ্চিত্ৰখনৰ মুক্তিৰ সম্ভাৱনা অধিক জটিল কৰি তোলাৰ আন এক কাৰণ আছিল ছবিখনৰ প্ৰাৰম্ভিক প্ৰযোজকসকলৰ ভিতৰত এগৰাকী আছিল ট্ৰাম্পৰ সমৰ্থক বিলিয়নেয়াৰ ডেন স্নাইডাৰ । তেওঁ ট্ৰাম্পৰ চৰিত্ৰটো চিত্ৰায়নত অসন্তুষ্ট হৈছিল আৰু চিনেমাখন ব্লক কৰিবলৈ বিচাৰিছিল ।

হলিউড ৰিপ'ৰ্টাৰৰ মতে, বৰ্তমান চিনেমাখনত থকা তেওঁৰ মূলধনৰ অংশ ক্ৰয় কৰা হৈছে । লছ এঞ্জেলছ টাইমছে প্ৰকাশ কৰা মতে, ছবিখন ১১ অক্টোবৰত আমেৰিকাৰ ছবিগৃহত মুক্তিৰ বাবে সাজু হৈছিল । নিউয়ৰ্কৰ এগৰাকী যুৱ প্ৰ'পাৰ্টী টাইকুন ট্ৰাম্পৰ মুখ্য চৰিত্ৰত চেবাষ্টিয়ান ষ্টেনৰ অভিনয়ে কাঁ মহোৎসৱত যথেষ্ট ইতিবাচক সমালোচনা লাভ কৰিছিল । ছবিখনৰ চিত্ৰনাট্য গেব্ৰিয়েল শ্বেৰমেন নামৰ এগৰাকী সাংবাদিকৰ । তেওঁ নিউয়ৰ্ক অবজাৰ্ভাৰৰ বাবে ৰিয়েল ইষ্টেটৰ বাতৰি প্ৰকাশ কৰিছিল আৰু নিয়মীয়াকৈ ট্ৰাম্পৰ সৈতে কথা পাতিছিল ।

ছবিখনত ট্ৰাম্পক এগৰাকী উচ্চাভিলাষী কিন্তু নিৰ্বোধ সামাজিক আৰোহণকাৰী হিচাপে চিত্ৰায়িত কৰা হৈছে, যিয়ে ম্যানহাটানৰ প্ৰ'পাৰ্টী লেনদেনৰ পৰা ৰাজনীতিৰ কঠিন জগতখনলৈ উত্তৰণৰ বাবে প্ৰাণপণে চেষ্টা কৰি আছে । টাইমছ অব লণ্ডনৰ ছবিখনৰ ওপৰত মন্তব্য, "ছবিখনে আপোনাক ট্ৰাম্পৰ প্ৰতি সহানুভূতি অনুভৱ কৰাব ।"

কিন্তু ট্ৰাম্পৰ শালীনতা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে । কিয়নো তেওঁ নিজৰ গুৰু ৰয় ক'নৰ পৰা লেনদেন আৰু ক্ষমতাৰ বেয়া কলা আহৰণ কৰে । তেওঁৰ চৰিত্ৰটো 'Succession'ৰ তাৰকা জেৰেমি ষ্ট্ৰঙে সাৱলীলভাৱে ৰূপায়ণ কৰিছে । চলচ্চিত্ৰ পৰিচালক আলী আব্বাচীয়ে এ এফ পিক কয় যে তেওঁলোকে ধৰ্ষণৰ দৃশ্যটো এইটো দেখুৱাবৰ কাৰণে অন্তৰ্ভুক্ত কৰে যে যাতে ট্ৰাম্পে কেনেকৈ নিজকে "মানৱীয় সম্পৰ্কৰ পৰা আঁতৰাই ৰাখে, যিটোৰ দ্বাৰা তেওঁক চিনাক্ত কৰা হৈছে আৰু যিয়ে তেওঁক এগৰাকী মানুহ হোৱাত বাধা দিয়ে ।"

লগতে পঢ়ক :ড'নাল্ড ট্ৰাম্প নে কমলা হেৰিছ: কোন হ'ব আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি ? - US President election 2024
লগতে পঢ়ক :মেৰিলেণ্ডৰ ৰাজহুৱা অনুষ্ঠানত একেলগে উপস্থিত জো বাইডেন আৰু কমলা হেৰিছ - US presidential election

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.