ETV Bharat / international

পশ্চিম কাজাখস্তানত বিমান দুৰ্ঘটনা - AZERBAIJAN AIRLINES JET CRASHES

দুৰ্ঘটনাত পতিত বিমানখনত ৬২ গৰাকী যাত্ৰী আৰু ৫ গৰাকী কৰ্মচাৰী আছিল ।

Azerbaijan Airlines passenger jet crashes
পশ্চিম কাজাখস্তানত বিমান দুৰ্ঘটনা (X - Formerly Twitter)
author img

By ETV Bharat Assamese Team

Published : 12 hours ago

আস্তানা : কাজাখ পৰিবহণ মন্ত্ৰালয়ে জনোৱা মতে ৰাজধানী বাকুৰ পৰা ৰাছিয়াৰ গ্ৰোজনি অভিমুখে গৈ থকা আজাৰবাইজান এয়াৰলাইনছৰ এখন যাত্ৰীবাহী বিমান বুধবাৰে পশ্চিম কাজাখস্তানত দুৰ্ঘটনাগ্ৰস্ত হয় । মন্ত্ৰালয়ে এক বিবৃতিত কৈছে, "বাকু-গ্ৰোজনি এখন বিমান আকটাউ চহৰৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয় । বিমানখন আজাৰবাইজান এয়াৰলাইনছৰ ।" দেশখনৰ পতাকা থকা আজাৰবাইজান এয়াৰলাইনছে কয় যে এমব্ৰেয়াৰ ১৯০-এ কাস্পিয়ান সাগৰৰ পূব পাৰত থকা তৈল আৰু গেছকেন্দ্ৰ আকটাউৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত জৰুৰী অৱতৰণ কৰে ।

বিমানখনত আছিল ৬২ গৰাকী যাত্ৰী

কাজাখ পৰিবহণ মন্ত্ৰালয়ে জনোৱা মতে বিমানখনত ৬২ গৰাকী যাত্ৰী আৰু ৫ গৰাকী কৰ্মচাৰী আছিল । মন্ত্ৰালয়ৰ মতে হতাহতৰ তথ্য বৰ্তমানো স্পষ্ট হোৱা নাই । কিন্তু প্ৰাথমিক তথ্য অনুসৰি বিমানখনৰ কোনো যাত্ৰীৰ মৃত্যু হোৱা নাই ।

মৃত্যু বা হতাহতৰ তথ্য় অস্পষ্ট

ইফালে স্থানীয় স্বাস্থ্য বিষয়াসকলে কয় যে দুৰ্ঘটনাটোৰ পিছত উদ্ধাৰ হোৱা ১৪ গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । স্বাস্থ্য মন্ত্ৰালয়ৰ আঞ্চলিক বিভাগে এক বিবৃতিত কয়, "এই মুহূৰ্তত ১৪ গৰাকী লোকক আঞ্চলিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে, যাৰ ভিতৰত ৫ জনৰ অৱস্থা সংকটজনক ।"

দুৰ্ঘটনাটোৰ কিছু সময় পিছতে একাধিক ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছে । তেনে এটা ভিডিঅ'ত বিমানখন আকাশত ঘূৰি থকা আৰু তাৰ পিছত ক্ৰেছলেণ্ডিং কৰা দেখা গৈছে । সেই সময়ত বিমানখনত জুই স্পষ্ট হৈছে । আন এটা ভিডিঅ'ত উদ্ধাৰকাৰীসকলক বিমানখনৰ ওচৰত দেখা গৈছে । যিসকলে লোকসকলক উদ্ধাৰ কৰি আছে । দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি কাজাখস্তান বিমানবন্দৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :পূব জাৰ্মানীৰ বৰদিনৰ বজাৰত আক্ৰমণ; আহত ৭ ভাৰতীয় - MAGDEBURG CHRISTMAS MARKET ATTACK

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.