ETV Bharat / international

বিগত ২ সপ্তাহত ১৯ গৰাকী লোক নিৰুদ্দেশ; বেলুচিস্তানত ২৮ জুলাইত বৃহৎ আন্দোলনৰ ঘোষণা - Baloch protest - BALOCH PROTEST

Baloch protest: হিংসাজৰ্জৰ বেলুচিস্তানত অভাৱনীয় পৰিস্থিতি । প্ৰতিদিনে অপহৃত হৈছে বিভিন্ন ক্ষেত্ৰৰ লোক । এনে পৰিস্থিতিত বেলুচ য়াকজেহতি সমিতিয়ে ২৮ জুলাইত গোৱাদৰত আয়োজন কৰিছে ৰাষ্ট্ৰীয় সমাৱেশৰ । উক্ত দিনা দেশবাসীক একত্ৰিত হ'বলৈ আহ্বান সমিতিৰ ।

Baloch protest
বেলুচিস্তানত ২৮ জুলাইত বৃহৎ আন্দোলনৰ ঘোষণা (ANI)
author img

By ANI

Published : Jul 21, 2024, 9:39 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২১ জুলাই : বেলুচ য়াকজেহতি সমিতিয়ে (BYC) ২৮ জুলাইত গোৱাদৰত বেলুচ ৰাজী মুচি (বেলুচ ৰাষ্ট্ৰীয় সমাৱেশ) আয়োজন কৰিছে । সেই বিশাল পদযাত্ৰাৰ পূৰ্বে বেলুচিস্তান পোষ্টে বেলুচিস্তানত নিৰুদ্দেশ সংকটৰ ওপৰত প্ৰতিবেদন প্ৰকাশ কৰিছে । প্ৰতিবেদনখনত কোৱা হৈছে যে গণহত্যাই অঞ্চলটোত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু সচৰাচৰ শিক্ষাৰ্থী, কৰ্মী, সাংবাদিক আৰু ৰাজনীতিবিদকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি অপহৰণৰ চিকাৰ হৈছে ।

প্ৰতিবেদন অনুসৰি, যোৱা দুসপ্তাহত ১৯ গৰাকী ব্যক্তি নিৰুদ্দেশ হৈছে আৰু এতিয়াও সন্ধানহীন হৈ আছে । অপহৃত ৪ গৰাকী ব্যক্তিক পিচত মুকলি কৰি তেওঁলোকৰ ঘৰৰ সুৰক্ষালৈ ঘূৰাই দিয়া হয় । আনহাতে ৬ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হৈছে । জুলাইৰ প্ৰথম দুসপ্তাহৰ বাবে অপহৰণৰ গড় সংখ্যা আছিল প্ৰতিদিনে ১.৩৬ । আৱাৰণ, ডেৰা বুগতি, কলত, কেচ, গোৱাদৰ, মাষ্টুং আৰু খুজদাৰ অঞ্চলত বেলুচিস্তানত সৰ্বাধিক সংখ্যক নিৰুদ্দেশৰ ঘটনা পোহৰলৈ আহিছে । অপহৰণ হোৱা বা নিৰুদ্দেশ হোৱাৰ ব্যাপক ভয়ৰ ফলত বেলুচিস্তানৰ প্ৰায় প্ৰতিটো পৰিয়াল আতংকিত হৈ পৰিছে ।

প্ৰতিবেদনত কোৱা হৈছে যে হাজাৰ হাজাৰ শিশুৱে তেওঁলোকৰ নিৰুদ্দেশ পিতৃ উভতি অহাৰ বাবে অপেক্ষা কৰি আছে; চাম্মী দীন বালোচৰ দৰে লোকে প্ৰতিবাদ শিবিৰতে জীৱনৰ বেছিখিনি সময় অতিবাহিত কৰিছে । তেওঁৰ পিতৃৰ সুৰক্ষিত মুক্তিৰ বাবে দাবী জনাই আছে । চাম্মী বালোচ এতিয়া বেলুচ প্ৰতিবাদৰ শীৰ্ষত আছে আৰু ২৮ জুলাইত গোৱাদৰ প্ৰতিবাদী সমদলত সকলো বেলুচক উপস্থিত হ'বলৈ আহ্বান জনাইছে । এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে তেওঁ দেশবাসীক ২৮ জুলাইত গোৱাদৰত বেলুচ ৰাজী মুচিত যোগদান কৰিবলৈ অনুৰোধ জনাইছে ।

আন এগৰাকী গুৰুত্বপূৰ্ণ বেলুচ কৰ্মী মাহৰাং বালোচে কয় যে বেলুচে এতিয়া নিজকে প্ৰমাণ কৰিবলৈ একত্ৰিত হ'ব লাগিব । ২৮ জুলাইত গোৱাদৰত অংশগ্ৰহণ নিশ্চিত কৰি তেওঁলোকৰ বেলুচিজম প্ৰমাণ কৰাটো প্ৰতিজন বেলুচৰ ৰাষ্ট্ৰীয় কৰ্তব্য । যদি বেলুচ আৰু বেলুচ ভূমি ৰক্ষা কৰিব লগা হয়, তেন্তে বেলুচবাসী ওলাই অহা বাহিৰে একো বিকল্প নাই বুলি তেওঁ দাবী কৰে । বেলুচে তেওঁলোকৰ ভূমিত তেওঁলোকৰ গণহত্যা আৰু সহ্য নকৰে বুলি তেওঁ দাবী কৰে ।

প্ৰতিবেদন অনুসৰি বেলুচ সম্প্ৰদায়ে এক ভয়ংকৰ বাস্তৱৰ সন্মুখীন হৈছে; তেওঁলোক নিজৰ ঘৰতে সুৰক্ষিত নহয় । হাজাৰ হাজাৰ লোক নিৰুদ্দেশ হৈছে আৰু এই সংখ্যা বাঢ়ি গৈ আছে ।

লগতে পঢ়ক :প্ৰতিবাদত জ্বলিছে বাংলাদেশ, দেশজুৰি কাৰ্ফিউ জাৰি : ডাউকিৰে মেঘালয়ত প্ৰৱেশ আৰু ৩৬০ লোক - Bangladesh violence

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.