ETV Bharat / health

শৰীৰত এই লক্ষণ দেখিলেই হৈ যাওক সাৱধান! হ’ব পাৰে হাওঁফাওঁৰ সমস্যা - World Lung Day 2024 - WORLD LUNG DAY 2024

World Lung Day 2024: বৃ্দ্ধি পোৱা প্ৰদূষণৰ ফলত আমাৰ হাওঁফাওঁত বহুবাৰ কিছুমান অসুবিধাৰ সৃষ্টি হয় ৷ সেয়ে এনে ক্ষেত্ৰত যদি আপোনাৰো শৰীৰত তলত উল্লেখিত এই লক্ষণসমূহ দেখিবলৈ পায় তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।

World Lung Day 2024: know the Signs of Lung Problems
শৰীৰত এই লক্ষণ দেখিলেই হৈ যাওক সাৱধান! হ’ব পাৰে হাওঁফাওঁৰ সমস্যা (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Sep 25, 2024, 4:11 PM IST

আমি অবিৰতভাৱে উশাহ আৰু এৰো ৷ জীয়াই থাকিবলৈ হ’লে এই কাম কৰাটো অতিকৈয়ে প্ৰয়োজনীয় ৷ কাৰণ আমি উশাহ লওঁতে আমাৰ শৰীৰত অক্সিজেন পোৱা যায়, আনহাতে আমি উশাহ এৰিলে শৰীৰত থকা কাৰ্বন ডাই অক্সাইড ওলাই আহে ৷ পৰিষ্কাৰ বায়ু শৰীৰে লাভ কৰাটো অতি প্ৰয়োজনীয় ৷ অক্সিজেন অবিহনে এজন ব্যক্তি জীয়াই থাকিব নোৱাৰে ৷

শৰীৰৰ ভিতৰত অক্সিজেন প্ৰেৰণ আৰু লেতেৰা বায়ু বাহিৰ কৰাত আমাৰ হাওঁফাওঁৱে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ গতিকে আন অংগৰ দৰে হাওঁফাওঁকো অন্যতম গুৰুত্বপূৰ্ণ অংগ বুলি গণ্য কৰা হয় ৷ যদি আমাৰ হাওঁফাওঁ সঠিকভাৱে কাম নকৰে তেন্তে ই শৰীৰত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷

কিন্তু আজিকালি আমি দেখিবলৈ পাওঁ যে মানুহৰ শ্বাস-প্ৰশ্বাস আৰু হাওঁফাওঁৰ লগত জড়িত সমস্যাবোৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৷ ইয়াৰ ভিতৰত হাওঁফাওঁৰ সংক্ৰমণ, হাঁপানী, হাওঁফাওঁৰ ফাইব্ৰ’ছিছ, এছবেষ্ট’ছিছ আদি গুৰুতৰ অৱস্থা ৷ এই পৰিস্থিতিত ব্যক্তিজনে উশাহ-নিশাহ লোৱাত বহুত কষ্টৰ সন্মুখীন হয় ৷ ব্যক্তিজনে হাঁপানীৰ আক্ৰমণৰ দৰে অৱস্থাৰ সন্মুখীন হ’বলগীয়াও হ’ব পাৰে ৷ এনে পৰিস্থিতিত হাওঁফাওঁৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় ৷ মানুহে হাওঁফাওঁৰ গুৰুত্ব বুজিবলৈ আৰু ইয়াৰ লগত জড়িত ৰোগ প্ৰতিৰোধৰ বিষয়ে সজাগ কৰিবলৈ প্ৰতি বছৰে ২৫ ছেপ্টেম্বৰত বিশ্ব হাওঁফাওঁ দিৱস পালন কৰা হয় ৷

হাওঁফাওঁৰ ৰোগৰ ক্ষেত্ৰত দেখা দিয়া কিছুমান লক্ষণ

যেতিয়া আমাৰ হাওঁফাওঁত কিবা এটা সমস্যা হয় আৰু ইহঁতে সঠিকভাৱে কাম নকৰে তেতিয়া আমাৰ শৰীৰত বহুতো লক্ষণ দেখা দিয়ে ৷ ভাল কথাটো হ’ল এই লক্ষণসমূহ যদি সময়মতে চিনাক্ত কৰি চিকিৎসকৰ পৰা উপযুক্ত চিকিৎসা গ্ৰহণ কৰা হয়, তেন্তে যিকোনো গুৰুতৰ ক্ষতিৰ পৰা হাত সাৰিব পৰা যায় ৷ এই লক্ষণসমূহ সাধাৰণতে হাওঁফাওঁৰ লগত জড়িত সমস্যাৰ ক্ষেত্ৰত দেখা যায়,

  • সঘনাই বুকুৰ সংক্ৰমণ
  • বুকুৰ বিষ বা টান হোৱা
  • বিশেষকৈ ব্যায়ামৰ সময়ত উশাহ লোৱাত কষ্ট পোৱা
  • স্থায়ী কাহ বা কফ বা কাহোতে তেজ ওলোৱা
  • সঘনাই উশাহ ফুলা, স্থায়ী শ্লেষ্মা উৎপাদন
  • ভাগৰুৱা, জ্বৰ আৰু দুৰ্বল অনুভৱ কৰা
  • হঠাৎ ওজন কমি যোৱা

হাওঁফাওঁ কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি ?

হাওঁফাওঁ সুস্থ কৰি ৰাখিবলৈ সকলোতকৈ জৰুৰী কাম হ'ল বিশুদ্ধ বতাহত উশাহ লোৱা ৷ প্ৰদূষণৰ মাজত কম সময় কটাবলৈ চেষ্টা কৰক আৰু ক’ৰবাত গ’লে মাস্ক পিন্ধি ওলাই যাবলৈ চেষ্টা কৰক ৷ ইয়াৰ উপৰিও নিয়মীয়াকৈ যোগ আৰু প্ৰাণায়ামৰ অভ্যাসে হাওঁফাওঁ শক্তিশালী কৰে ৷ স্বাস্থ্যসন্মত আৰু সুষম আহাৰ গ্ৰহণ কৰক, খাদ্যই হাওঁফাওঁক সুস্থ কৰি ৰখাতো ভূমিকা পালন কৰে ৷ নিয়মীয়াকৈ ব্যায়াম কৰিলেও হাওঁফাওঁ সুস্থ কৰি ৰখাত সহায়ক কৰে ৷

লগতে পঢ়ক: হাওঁফাওঁ হৈ থাকিব সুস্থ: খাবলৈ আৰম্ভ কৰক এই ৬বিধ খাদ্য - Healthy Lungs

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.