ETV Bharat / health

এই কাৰণতে যুৱ-প্ৰজন্মৰ মাজত ক্ৰমান্বয়ে বাঢ়িছে ডায়েবেটিছ ৰোগ - DIABETES RISK

যুগ যুগ ধৰি ডায়েবেটিছক বৃদ্ধসকলৰ ৰোগ বুলি গণ্য কৰা হৈছিল যদিও এতিয়া যুৱক প্ৰজন্মও এই ৰোগৰ কৱলত পৰিবলৈ আৰম্ভ কৰিছে ইয়াৰ বাবে কি কাৰণ দায়ী-

World Diabetes Day 2024: How is diabetes impacting young people?
এই কাৰণতে যুৱ-প্ৰজন্মৰ মাজত ক্ৰমান্বয়ে বাঢ়িছে ডায়েবেটিছ ৰোগ (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Nov 14, 2024, 12:33 PM IST

পূৰ্বৰে পৰা ডায়েবেটিছ ৰোগক বৃদ্ধসকলৰ ৰোগ বুলি গণ্য কৰা হৈছিল যদিও বৰ্তমানৰ সময়ছোৱাত এই কথাৰ দ্ৰুত পৰিৱৰ্তন ঘটিছে ৷ হয়, বহু কাৰণত এতিয়া যুৱক-যুৱতী, কিশোৰ-কিশোৰী আনকি শিশুৰ মাজতো টাইপ ২ ডায়েবেটিছ বৃদ্ধি পোৱা দেখা গৈছে ৷ জীৱনশৈলীৰ পৰিৱৰ্তন, খাদ্যাভ্যাস আৰু পৰিৱেশৰ প্ৰভাৱকে ধৰি বহুতো কাৰকে এই ভয়ংকৰ ধাৰাটোৰ বাবে অৰিহণা যোগাইছে ৷ আজি বিশ্ব ডায়েবেটিছ দিৱস প্ৰতি বছৰে ১৪ নৱেম্বৰৰ দিনটো সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগ বিষয়ে প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে এই দিৱস পালন কৰা হয় ৷ আজিৰ এই দিনটোত যুৱক প্ৰজন্মৰ মাজত কিয় ডায়েবেটিছৰ সমস্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে সেই বিষয়ে বিতংভাৱে জানিবলৈ চেষ্টা কৰো আহক-

শেহতীয়াকৈ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠান চমুকৈ NIHএ ডায়েবেটিছৰ এটি গৱেষণাৰ প্ৰতিবেদন প্ৰকাশ কৰিছে য’ত এই সন্দৰ্ভত বিতংভাৱে ব্যক্ত কৰা হৈছে চাও আহক বৰ্তমানৰ যুৱক প্ৰজন্ম কিয় ডায়েবেটিছৰ কৱলত লাহে লাহে পৰিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ বাবে কোনবোৰ কাৰণ দায়ী-

১) অনিয়মিত জীৱনশৈলী আৰু শাৰীৰিক কাৰ্য-কলাপৰ অভাৱ

World Diabetes Day 2024: How is diabetes impacting young people?
অনিয়মিত জীৱনশৈলী আৰু শাৰীৰিক কাৰ্য-কলাপৰ অভাৱত ডায়েবেটিছ (ETV Bharat)

ডায়েবেটিছৰ ৰোগী বৃদ্ধি পোৱাৰ এটা প্ৰধান কাৰণ হৈছে যুৱক-যুৱতীসকলৰ অনিয়মিত জীৱনশৈলী ৷ স্মাৰ্টফোন, ভিডিঅ’ গেম আৰু ষ্ট্ৰীমিং সেৱাৰ ব্যাপক ব্যৱহাৰৰ ক্ষেত্ৰত যুৱক-যুৱতীসকল বহু সময় পাৰ কৰে, যাৰ ফলত তেওঁলোকৰ শাৰীৰিক কাৰ্যকলাপ লাহে লাহে কমি আহিবলৈ ধৰিছে ৷ ইয়াৰ ফলত ওজন বৃদ্ধি হোৱা, অন্য স্বাস্থ্যজনিত সমস্যা আদি বৃদ্ধি পোৱাক ফলত ফলত ইনচুলিন প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি হ’বলৈ ধৰিছে আৰু টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পাবলৈ ধৰিছে ৷

২) অস্বাস্থ্যকৰ খাদ্যাভ্যাস

অস্বাস্থ্যকৰ খাদ্যাভ্যাস (ETV Bharat)

খাদ্যাভ্যাসৰ পৰিৱৰ্তনো ইয়াৰ এক প্ৰধান কাৰণ ৷ যুৱক-যুৱতীসকলৰ মাজত প্ৰচেছড ফুড, শীতল পানীয় আৰু ফাষ্ট ফুডৰ খোৱাৰ অভ্যাস দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ এই খাদ্যবোৰত শৰ্কৰা আৰু ক্ষতিকাৰক চৰ্বিৰ পৰিমাণ বেছি থাকে, যাৰ ফলত শৰীৰত শৰ্কৰাৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পায় ৷ দীৰ্ঘদিন ধৰি এনে খাদ্য খালে মেদবহুলতা আৰু বিপাকীয় সমস্যাৰ সৃষ্টি হ’ব পাৰে, যাৰ ফলত ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায় ৷

৩) মেদবহুলতা

মেদবহুলতা (ETV Bharat)

যুৱক-যুৱতীসকলৰ মেদবহুলতা বৃদ্ধিৰ সৈতেও ডায়েবেটিছৰ ৰোগী বৃদ্ধিৰ সম্পৰ্ক আছে ৷ মেদবহুলতা, বিশেষকৈ পেটৰ চাৰিওফালে থকা চৰ্বিয়ে ইনচুলিন প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, যাৰ ফলত ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায় ৷ অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু ব্যায়ামৰ অভাৱৰ বাবে অধিক যুৱক-যুৱতী মেদবহুলতাত ভুগিবলৈ ধৰিছে, যি ডায়েবেটিছৰ এটা প্ৰধান কাৰণ ৷

৪) জিনীয় প্ৰভাৱ আৰু পৰিয়ালৰ ইতিহাস

জিনীয় প্ৰভাৱ আৰু পৰিয়ালৰ ইতিহাস (ETV Bharat)

মধুমেহ ৰোগত জিনীয় কাৰকেও ভূমিকা পালন কৰে ৷ বিশেষকৈ যিসকল যুৱক-যুৱতীৰ পৰিয়ালৰ কোনোবাই পূৰ্বে ডায়েবেটিছত যদি আক্ৰান্ত হৈছিলে তেন্তে ভৱিষ্যৎ প্ৰজন্মও এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে যদিহে তেওঁ এটি সুস্থ জীৱনশৈলী অনুসৰণ নকৰে ৷

৫) মানসিক চাপ আৰু টোপনিৰ অভাৱ

মানসিক চাপ আৰু টোপনিৰ অভাৱ (ETV Bharat)

আধুনিক জীৱনৰ হুলস্থুল, অধ্যয়নৰ মানসিক চাপ আৰু অপৰ্যাপ্ত টোপনিয়েও ডায়েবেটিছৰ ৰোগী বৃদ্ধিত অৰিহণা যোগাইছে ৷ ইয়াৰ ফলত হৰম’নবোৰ ভাৰসাম্যহীন হৈ পৰে, যাৰ ফলত ওজন বৃদ্ধি আৰু ইনচুলিন প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ৷

প্ৰতিৰোধমূলক ব্যৱস্থা

যুৱক-যুৱতীসকলে ডায়েবেটিছ ৰোগ প্ৰতিৰোধৰ বাবে সুষম খাদ্য, নিয়মীয়া শাৰীৰিক পৰিশ্ৰম আৰু সুস্থ জীৱনশৈলীৰ প্ৰসাৰ ঘটোৱাটো অতি প্ৰয়োজনীয় ৷ অভিভাৱক, বিদ্যালয় আৰু সমাজে একেলগে সুস্থ অভ্যাস গ্ৰহণ কৰিবলৈ এই ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাটো উচিত ৷

লগতে পঢ়ক: ডায়েবেটিছৰ পৰম শত্ৰু হৈছে এইবিধ পাত, নিতৌ খাওক এই পদ্ধতিৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.