ETV Bharat / health

সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে পালন কৰা হয় এই দিৱস; তৎস্বত্বেও আজিও প্ৰস্তুত নহ’ল প্ৰতিষেধক - World AIDS Vaccine Day 2024 - WORLD AIDS VACCINE DAY 2024

World AIDS Vaccine Day 2024: প্ৰতি বছৰে ১৮ মে’ত বিশ্ব এইডছ ভেকচিন দিৱস বা এইচ আই ভি ভেকচিন সজাগতা দিৱস হিচাপে পালন কৰা হয়, যাৰ উদ্দেশ্য হৈছে মানুহক ভেকচিনৰ প্ৰয়োজনীয়তা, বিশেষকৈ এইচ আই ভি এইডছৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত ভেকচিনৰ গুৰুত্ব আৰু ভেকচিনৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনসাধাৰণক সজাগ কৰা ।

World AIDS Vaccine Day 2024: How did 'AIDS Vaccine Day' start? Know the history and importance here
সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে পালন কৰা হয় এই দিৱস তৎস্বত্বেও জনসাধাৰণতে লাভ নকৰিলে প্ৰতিষেক (FREEPIK)
author img

By ETV Bharat Health Team

Published : May 18, 2024, 3:53 PM IST

Human immunodeficiency virus চমুকৈ এইচ আই ভি/এইডছক সমগ্ৰ বিশ্বতে এক ভয়াৱহ ৰোগ হিচাপে গণ্য কৰা হয় ৷ এই ৰোগৰ স্থায়ী চিকিৎসা এতিয়াও সম্পূৰ্ণৰূপে সম্ভৱ হোৱা নাই যদিও ইয়াৰ সঠিক ব্যৱস্থাপনা কৰিলে এই ৰোগৰ গুৰুতৰ প্ৰভাৱ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায় ৷ যিকোনো ৰোগৰ পৰা ভেকচিনক আদৰ্শ সুৰক্ষা হিচাপে গণ্য কৰা হয় ৷

এই চিন্তাৰে এইচ আই ভি/এইডছ প্ৰতিৰোধৰ বাবে ভেকচিনৰ ৰূপত সুৰক্ষা বিচাৰিবলৈ বিগত কেইবাবছৰ ধৰি প্ৰচেষ্টা চলাই থকা হৈছে ৷ কিন্তু এই দিশত এতিয়ালৈকে বিশেষ সফলতা লাভ কৰিবলৈ চিকিৎসা বিজ্ঞান সফল হোৱা নাই ৷

প্ৰতি বছৰে ১৮ মে’ত বিশ্ব এইডছ ভেকচিন দিৱস উদযাপন কৰি এই দিশত অধিক গৱেষণাৰ বাবে প্ৰচেষ্টা চলোৱাৰ সুযোগ প্ৰদান কৰাৰ লগতে এই ভাইৰাছ আৰু ৰোগ প্ৰতিৰোধৰ বাবে এক নিৰাপদ আৰু সম্পূৰ্ণ ফলপ্ৰসূ ভেকচিনৰ প্ৰয়োজনীয়তা সম্পৰ্কে সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে এইডছৰ দৰে ভেকচিন দিৱস পালন কৰা হয় ৷

এইচ আই ভি কি ?

HIV অৰ্থাৎ Human Immunodeficiency Virus হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ যথেষ্ট ক্ষতিসাধন কৰে ৷ আক্ৰান্ত ব্যক্তিয়ে ব্যৱহাৰ কৰা বেজী পুনৰ ব্যৱহাৰ, সংক্ৰমিত তেজ সঞ্চালন আৰু অসুৰক্ষিত যৌন সম্পৰ্কৰ দ্বাৰা ই বিয়পে ৷ একে সময়তে গৰ্ভাৱস্থাত মাতৃৰ পৰা সন্তানলৈও যাব পাৰে ৷ এই সংক্ৰমণৰ প্ৰভাৱত পৰাৰ কেইসপ্তাহমানৰ ভিতৰতে ফ্লুৰ দৰে লক্ষণ যেনে জ্বৰ, ডিঙিৰ বিষ আৰু ভাগৰুৱা ৰোগ দেখা দিবলৈ আৰম্ভ কৰে ৷ বৰ্তমানলৈকে এই ৰোগৰ কোনো স্থায়ী নিৰাময় নাই যদিও সময়মতে ধৰা পেলোৱা আৰু সঠিক ব্যৱস্থাপনাৰ দ্বাৰা কিছু নিষেধাজ্ঞাৰ সৈতে কিছু পৰিমাণে সুস্থ জীৱন যাপন কৰিব পৰা যায় ৷

এইডছৰ লক্ষণসমূহ

এইডছৰ লক্ষণসমূহ হ’ল জ্বৰ, গাঁঠিৰ বিষ, ঠাণ্ডা, পেশীৰ বিষ, ডিঙিৰ বিষ, গ্ৰন্থি ফুলা, ঘাম ওলোৱা (বিশেষকৈ ৰাতি), শৰীৰৰ ফোহা, ভাগৰুৱা হোৱা ৷

এইডছ কেনেকৈ বিয়পে ?

এইচ আই ভি তেজ, বীৰ্য, যোনিৰ পৰা স্ৰাৱ, পায়ুপথৰ পৰা তৰল পদাৰ্থ আৰু মাতৃদুগ্ধৰ জৰিয়তে বিয়পিব পাৰে ৷ অসুৰক্ষিত যৌন সম্পৰ্ক আৰু এইচ আই ভি সংক্ৰমিত তেজেৰে দূষিত বেজী বা চিৰিঞ্জ ভাগ-বতৰা কৰাৰ ফলত এই ভাইৰাছ বিয়পিব পাৰে ৷ গৰ্ভাৱস্থা, প্ৰসৱ বা স্তনপানৰ সময়ত এইচ আই ভি আক্ৰান্ত মাতৃৰ পৰা সন্তানলৈও এই ৰোগ বিয়পিব পাৰে ৷

ভেকচিন অতি গুৰুত্বপূৰ্ণ

তাৎপৰ্যপূৰ্ণভাৱে Human Immunodeficiency Virus সম্পৰ্কীয় কিছুমান ভেকচিন এতিয়াও পৰীক্ষামূলকভাৱে সীমাবদ্ধ হৈ আছে ৷ এইচ আই ভিৰ প্ৰতিৰোধমূলক আৰু নিৰাময়মূলক ভেকচিনৰ উপলব্ধতা বৰ্তমান সময়ৰ এক ডাঙৰ প্ৰয়োজন ৷ কাৰণ এই সংক্ৰমণৰ প্ৰভাৱত অহাৰ আগতেও যদি শৰীৰত ইয়াৰ বিৰুদ্ধে সুৰক্ষা থাকে তেন্তে এই ৰোগৰ প্ৰভাৱত অহাৰ পৰা বহু লোকক ৰক্ষা কৰিব পাৰি ৷

এনে পৰিস্থিতিত এনেকুৱা ভেকচিন বিচাৰি উলিওৱাটো অতি প্ৰয়োজনীয় যিটো... এইচ আই ভি প্ৰতিৰোধত সহায় কৰে ৷ এইচ আই ভি ভেকচিনৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্ব এইডছ ভেকচিন দিৱসেও এই দিশত নতুন গৱেষণাৰ প্ৰেৰণা যোগোৱাৰ লগতে সংশ্লিষ্ট লোকসকলক সুযোগ প্ৰদান কৰে ৷

তাৎপৰ্য আৰু ইতিহাস

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে Human Immunodeficiency Virus ভাইৰাছৰ উৎপত্তি হোৱাৰ পিছত প্ৰায় ৭ কোটি ৯৩ লাখ লোক এই ভাইৰাছত আক্ৰান্ত হোৱাটো নিশ্চিত কৰে ৷ এই সংক্ৰমণৰ উচ্চ হাৰত হোৱা মৃত্যুৰ হাৰ যিহেতু চৰ্চালৈ আহিল, তেতিয়াৰ পৰাই চিকিৎসক, বিজ্ঞানী আৰু স্বাস্থ্য পেছাদাৰীসকলে কেৱল এই ৰোগ আৰু ইয়াৰ কাৰণসমূহৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাই নহয়, ইয়াৰ চিকিৎসা আৰু ব্যৱস্থাপনাৰ বিষয়ে সকলোকে অৱগত কৰে ৷ এইডছ ৰোগ প্ৰতিৰোধৰ বা সম্প্ৰতি প্ৰতিষেধক বিচাৰি উলিওৱাৰ বাবেও নিৰন্তৰ প্ৰচেষ্টা চলি আছে, যদিও চিকিৎসা বিজ্ঞান সফল হ’ব পৰা নাই ৷

এইডছৰ চিকিৎসা আৰু ব্যৱস্থাপনাৰ দিশত কাম কৰা বিজ্ঞানী, চিকিৎসক আৰু স্বাস্থ্য পেছাদাৰীসকলৰ প্ৰচেষ্টাক স্মৰণ কৰি ১৯৯৮ চনত পোন প্ৰথমবাৰৰ বাবে বিশ্ব এইডছ ভেকচিন দিৱস পালন কৰা হৈছিল ৷ তাৎপৰ্যপূৰ্ণভাৱে ১৯৯৭ চনৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় এইডছ ভেকচিন পৰীক্ষা কৰা হৈছিল ৷ যাৰ বৰ্ষপূৰ্তিত ১৯৯৮ চনৰ ১৮ মে’ত HIV ভেকচিন সজাগতা দিৱস পালন কৰা হৈছিল ৷ এই দিনটো পোন প্ৰথমে পালন কৰে নেচনেল ইনষ্টিটিউট অৱ এলাৰ্জী এণ্ড ইনফেকচিয়েছ ডিজিজ তথা ইউনাইটেড ষ্টেটছ নেচনেল ইনষ্টিটিউট অৱ হেল্থ আৰু এইচ আই ভি/এইডছ ভেকচিন প্ৰস্তুতৰ দিশত কাম কৰা সংস্থাসমূহে ৷

বৰ্তমান বিশ্বৰ বহুতো চৰকাৰী, বেচৰকাৰী, স্বাস্থ্য আৰু সামাজিক সংস্থাই এইডছ আৰু ইয়াক প্ৰতিৰোধৰ বাবে ভেকচিনৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে সামূহিক কাৰ্যসূচী, ৰেলী, সন্মিলন আৰু সংবাদ মাধ্যমৰ অভিযানকে ধৰি কাৰ্যসূচীৰ আয়োজন কৰে ৷

পৰিসংখ্যাই কি কয় ?

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০১৯ চনৰ শেষৰ ফালে প্ৰায় ৩.৮ কোটি লোক এইচ আই ভি/এইডছ ৰোগত আক্ৰান্ত হৈ আছিল ৷ একে বছৰতে এইডছ আৰু আনুষংগিক ৰোগৰ বাবে প্ৰায় ৬ লাখ ৯০ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল ৷ ইয়াৰ পিছত ২০২০ চনৰ শেষলৈকে এইচ আই ভি আক্ৰান্তৰ সংখ্যা প্ৰায় ৩ কোটি ৭৭ লাখ হোৱা দেখা গৈছিল, ইয়াৰে ১৭ লাখ ১৫ বছৰৰ তলৰ শিশু আছিল ৷ উক্ত বছৰটোত এই ৰোগ আৰু ইয়াৰ লগত জড়িত কাৰণৰ বাবে প্ৰায় ৬ লাখ ৮০ হাজাৰ লোকৰ মৃত্যু হয় ৷

এই ৰোগৰ প্ৰতি সজাগতা আৰু ইয়াৰ চিকিৎসা আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত অগ্ৰগতিৰ ফলত এইডছ আৰু এইডছৰ সৈতে জড়িত অন্যান্য কাৰণত প্ৰাণ হেৰুৱাৰ সংখ্যা পূৰ্বতকৈ ক্ৰমাগতভাৱে হ্ৰাস পাইছে ৷ পৰিসংখ্যা অনুসৰি ২০০৪ চনৰ পৰিসংখ্যাৰ তুলনাত ২০২০ চনৰ ভুক্তভোগী আৰু মৃত্যুৰ সংখ্যা প্ৰায় ৬৪% হ্ৰাস পাইছে ৷

লগতে পঢ়ক: What is HIV AIDS: HIV কি ? HIVৰ এই প্ৰাৰম্ভিক লক্ষণসমূহক কেতিয়াও আওকাণ নকৰিব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.