ETV Bharat / health

এটা সুস্থ জীৱনৰ গৰাকী হ’বলৈ আমি কেতিয়া শোৱাটো উচিত ? - Best Time For Sleep - BEST TIME FOR SLEEP

Best Time For Sleep: বৰ্তমান বহুলোকে সঠিক সময়ত নুশুৱে । ইয়াৰ ফলত মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটাই নহয় শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰো ক্ষতি হ’বলৈ ধৰিছে । তেন্তে শোৱাৰ সঠিক সময় কি আজি জানি লও আহক -

best time for Sleep
এটা সুস্থ জীৱনৰ গৰাকী হ’বলৈ আমি কেতিয়া শোৱাটো উচিত ? (FREEPIK)
author img

By ETV Bharat Health Team

Published : Jun 8, 2024, 1:29 PM IST

ব্যস্ততাৰে ভৰা এই জীৱনত খোৱাৰ পৰা শোৱালৈকে বিভিন্ন পৰিৱৰ্তন ঘটিছে ৷ বিশেষকৈ টোপনি যোৱা সময়ত ৷ আজিৰ যুগত মানুহে ৰাতি পলমকৈ শোৱাৰ গতে পুৱা দেৰিলৈকে শুই থাকে, কিন্তু আমি সকলোৱে জানো যে সুস্থ হৈ থাকিবলৈ আমি ৰাতি সোনকালে শোৱা আৰু পুৱা সোনকালে উঠাটো খুবেই জৰুৰী তেতিয়াহে আমি এটা সুস্থ জীৱনশৈলী অতিবাহিত কৰিব পাৰিম ৷ পুৰণি কালত বেছিভাগ মানুহেই এই ৰুটিন মানি চলিছিল ৷ ইয়াৰ কাৰণে তেওঁলোক বহু ৰোগৰ পৰা আঁতৰি আছিল ৷

আজি মানুহে এই ৰুটিন মানি চলাটো খুব কমেইহে দেখা যায় ৷ ইয়াৰ বাবে বৃহৎ সংখ্যক লোকে পৰ্যাপ্ত পৰিমাণে নুশুৱে আৰু টোপনিৰ অভাৱৰ ফলত মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰো অৱনতি ঘটিছে ৷ কিন্তু ৰাতি সঠিক সময়ত শুলে এই সমস্যাৰ পৰা হাত সাৰিব পাৰি, কিন্তু প্ৰশ্ন হয় যে, শোৱাৰ সঠিক সময় কি ?

আমি আপোনালোকক জনাই দিও যে, প্ৰাপ্তবয়স্কসকলে প্ৰতি নিশা ১০ বজাৰ ভিতৰত শুব লাগে ৷ এয়াই টোপনিৰ সঠিক সময় ৷ ১০ বজালৈকে পৰ্যাপ্ত পৰিমাণে শোৱাটো স্বাস্থ্যৰ বাবে একেবাৰে উপযুক্ত ৷ বহু বিশেষজ্ঞই নিশা ১০-১১ বজাৰ ভিতৰত শুবলৈ পৰামৰ্শ দিয়ে ৷

যদিও এইটোকো এক নিৰ্দিষ্ট সময় বুলি গণ্য কৰিব নোৱাৰি, তথাপিও মানুহে গভীৰ নিশালৈকে সাৰে থাকিব নালাগে আৰু প্ৰতিদিনে নিৰ্দিষ্ট সময়ত শুবলৈ চেষ্টা কৰিব লাগে ৷

চিকিৎসকেও কয় যে, ৭-৮ ঘণ্টা সময় নিদ্ৰা যোৱাটো মানৱ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ সঠিক সময়ত টোপনি নাহিলে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে ৷ সময়মতে শুলে শৰীৰৰ কাম-কাজ ভাল হয় আৰু ইয়াৰ দ্বাৰা বহুতো গুৰুতৰ ৰোগৰ পৰা আপুনি হাত সাৰি থাকিব পাৰে ৷

পৰ্যাপ্ত পৰিমাণে শুলে স্মৃতিশক্তি ভাল হয় ইয়াৰ উপৰিও যদি আপুনি পৰ্যাপ্ত পৰিমাণে শোৱে তেন্তে ই মানসিক চাপৰ মাত্ৰাও হ্ৰাস কৰে আৰু স্মৃতিশক্তি বৃদ্ধি কৰে ৷ যদি মানুহে গভীৰ নিশালৈকে সাৰ পাই থাকে, তেন্তে শৰীৰত থকা Circadian Rhythm বিঘ্নিত হয় ৷ ইয়াৰ ফলত সামগ্ৰিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে ৷ Circadian Rhythmএ কেৱল নিদ্ৰাই নহয় হৰম’ন, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু হজম শক্তিও নিয়ন্ত্ৰণ কৰে ৷

লগতে পঢ়ক: যিমান শুলেও ভাগৰ নুগুচে কিয় ? জানক ইয়াৰ কাৰণ কি হ’ব পাৰে - Sleep and tiredness

লগতে পঢ়ক: শুবলৈ যোৱাৰ আগতে আপুনিও খায় নেকি এই খাদ্য, তেন্তে সৰ্বনাশ! - GOOD SLEEP FOOD TIPS

লগতে পঢ়ক: ৰাতি শোৱাৰ সময়ত ঘাম ওলায় নেকি ? এনে হোৱাৰ কাৰণ কি জানো আহক - Night Sweats Causes

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.