গুৱাহাটী, 19 ছেপ্তেম্বৰ: নৈৰ গৰাত ফুলিছে কহুৱা । ধৰালৈ নামিছে উৎসৱৰ বতৰা । শৰতৰ সুগন্ধি বিয়পাবলৈ আহি আছে দুৰ্গাপূজা । ঢাক-ঢোলৰ শব্দৰে মুখৰিত হ'ব আকাশ বতাহ । এইয়াই উৎসৱৰ আৰম্ভণি । চাওঁতে চাওঁতে আকৌ আহি পালে শাৰদীয় দুৰ্গা পূজা । বিশ্বখনিকৰৰ আৰাধনাৰে আৰম্ভ হ’ল উৎসৱৰ বতৰা । শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো কেইদিনমান বাকী ।
সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত তুংগত উঠিছে দুৰ্গাপূজাৰ প্ৰস্তুতি । পূজা সমিতিসমূহেও লাখ লাখ টকা বাজেটেৰে আৰম্ভ কৰিছে শাৰদীয় দুৰ্গা পূজাৰ প্ৰস্তুতি । দুৰ্গা দেৱীক আদৰিবলৈ বিভিন্ন প্ৰান্তত বিৰাজ কৰিছে উখল মাখল পৰিৱেশ ।
জনাই দিও যে আগন্তুক ২ অক্টোবৰত ধৰালৈ নামিব দেৱী দুৰ্গা । ২ অক্টোবৰত মহালয়া । সেই দিনটোতে ধৰাৰ বুকুলৈ নামি আহিব দুৰ্গতিনাশিনী মা দুৰ্গা ।
মহানগৰীৰ উগ্ৰতাৰা দেৱালয়ৰ পূজাৰী প্ৰণৱ শৰ্মাই জনোৱা মতে , এইবাৰ মা দুৰ্গা দোলাত আহিব আৰু ঘোঁৰাত গমণ কৰিব । দোলাত আহিলে ইমান ভাল বুলি ধৰা নহয় । সমাজৰ কাৰণে ভাল হয় । কিন্তু ঘোঁৰাত যোৱাটো অশুভ বুলি গণ্য কৰা হয় ।
ঘোঁৰাত গ'লে স্বত্ৰভংগ বুলিও কোৱা হয় । যুদ্ধ , বিগ্ৰহ , মহামাৰি আদি সমাজত দেখা দিয়াৰ সম্ভাৱনা থাকে বুলিও বিশ্বাস কৰা হয় । কিন্তু পূজাৰ সঠিক দিন কি ? কেতিয়াৰ পৰা কেতিয়ালৈ চলিব পূজা বিধি জানো আহক-
- ৮ অক্টোবৰত আৰম্ভ হ’ব পঞ্চমী পূজা ।
- ৯ অক্টোবৰত ষষ্ঠী পূজা
- ১০ অক্টোবৰত সপ্তমী পূজা
- ১১ অক্টোবৰত অষ্টমী পূজা
- ১২ অক্টোবৰত নৱমী পূজা
- ১৩ অক্টোবৰত দশমী পূজা
প্ৰণৱ শৰ্মাই জনোৱা অনুসৰি এইবাৰ কম সময়ৰ বাবে পূজাৰ তিথিবোৰ পৰিছে ।