বহুবাৰ সত্যতা প্ৰমাণ কৰিবলৈ সত্যতা জানিবলৈ নাৰ্কো পৰীক্ষা বা নাৰ্কো টেষ্ট কৰে ৷ সাধাৰণতে আৰক্ষীয়ে অপৰাধীৰ পৰা সত্যতা বাহিৰ কৰিবলৈ এই কাম কৰে ৷ এই পৰীক্ষাক নাৰ্কো বিশ্লেষণ বুলিও কোৱা হয় ৷
- নাৰ্কো টেষ্ট কি ?
এইটো এটা প্ৰতাৰণা নিৰীক্ষণ পৰীক্ষা(Deception Detection Test), য’ত ব্যক্তিজনৰ শিৰাত বিশেষ ধৰণৰ এবিধ ঔষধ বেজীৰে দিয়া হয় ৷ ইয়াৰ লগে লগে ব্যক্তিজনে এনাস্থেচিয়াৰ বিভিন্ন পৰ্যায়ত উপনীত হয় ৷ ইয়াৰ পিছত তেওঁক প্ৰশ্নোত্তৰ সোধা হয় ৷ নাৰ্কো টেষ্টত গোটেই খেলখন এই এটা ঔষধৰ ওপৰতে নিৰ্ভৰ কৰে যিয়ে ব্যক্তিজনক সম্মোহিত কৰে আৰু সকলো কথা ওলাই পৰে ৷
- নাৰ্কো টেষ্টত ব্যৱহাৰ কৰা ঔষধ
Narco testৰ বাবে Sodium Pentothal নামৰ এবিধ ঔষধ ব্যৱহাৰ কৰা হয়৷ ইয়াক ‘ট্ৰুথ ছিৰাম’ (Truth Serum)বুলিও কোৱা হয় ৷ শিৰাত এই বেজী দিয়া হয় ৷ ইয়াৰ মাত্ৰা প্ৰস্তুত কৰিবলৈ ৩ গ্ৰাম ছডিয়াম পেণ্টোথাল ৩০০০ মিলিলিটাৰ ডিষ্টিলড পানীৰ সৈতে মিহলাই লোৱা হয় ৷ এই পৰিমাণ ব্যক্তিজনৰ বয়স, লিংগ আৰু চিকিৎসাৰ অৱস্থাৰ ওপৰতো নিৰ্ভৰ কৰে ৷
- ফিটনেছ টেষ্টৰ পিছতহে নাৰ্কো কৰিব পাৰি
নাৰ্কো টেষ্টৰ পূৰ্বে ব্যক্তিজনৰ ফিটনেছ টেষ্ট কৰাটো প্ৰয়োজনীয় ৷ য’ত হাওঁফাওঁ আৰু হৃদযন্ত্ৰ ভালদৰে পৰীক্ষা কৰা হয় ৷ ইয়াৰ লগতে কিছুমান যন্ত্ৰৰ সহায়ত ব্যক্তিজনৰ সম্মোহনৰ পৰ্যায়টোও নিৰীক্ষণ কৰা হয় ৷
- নাৰ্কো টেষ্টত এজন ব্যক্তিয়ে কেনেকৈ সঁচা কথা ক’বলৈ আৰম্ভ কৰে ?
এই পৰীক্ষাত ব্যক্তিজনক ঔষধ দি এনেদৰে সম্মোহন কৰা হয় যে তেওঁ ইচ্ছা কৰিলেও কোনো সত্য লুকুৱাব নোৱাৰে ৷ ব্যক্তিজনক এই অৱস্থাত দীঘলীয়া সময়লৈকে ৰাখিব নোৱাৰি, সেয়েহে ভাগ ভাগ কৰি ব্যক্তিজনৰ পৰা সঁহাৰি লাভ কৰা হয় ৷ যদিও এই পৰীক্ষাৰ সফলতাৰ হাৰ ১০০ শতাংশ নহয়, তথাপিও আইনী প্ৰক্ৰিয়াত প্ৰয়োজনৰ সময়ত ইয়াক ব্যৱহাৰ কৰা হয় ৷
- এইসকল লোকক পৰীক্ষাত ৰখাটো প্ৰয়োজনীয়
এই পৰীক্ষাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা হয় ৷ মনোবিজ্ঞানী, এনাস্থেচিয়া বিশেষজ্ঞ, কাৰিকৰী আৰু চিকিৎসা কৰ্মী নাথাকিলে এই পৰীক্ষা আৰম্ভ কৰিব নোৱাৰিব ৷
লগতে পঢ়ত: গোলাপৰ পাহিৰ পেষ্ট তৈয়াৰ কৰি সৰস্বতী পূজাৰ পূৰ্বে লওক ছালৰ যতন ?